ফাগুন
[2/14, 1:34 PM] ৰাহুল দাস: 🌿ফাগুন 🌿
✍ ৰাহুল দাস
উদং বুকুৰ ফলকত
পুণৰ আকিছো
সাতোৰঙী ৰামধেনু।
ছিটিকি পৰা ৰঙৰ
ফাকুগুৰিৰ প্ৰলেপ যদি
অপেক্ষা মাথোঁ ফাগুণৰ।
মতলীয়া বতাহ
জাকৰ ৰুপোৱালী
পোহৰ বিলোৱা।
হিয়াক প্ৰতাৰণা নকৰা
মোহময়ী জোনাক।
নিলাজ ফাগুনৰ
লাজ তোমাৰ দুচকুত।
ফাগুনৰ নিলাজী
স্পর্শত শিহঁৰিত শিমলু।
শিমলুৰ তেজৰঙা
হেঁপাহ খিনি সিচি দিম
তোমাৰ সেই কাজল
সনা দুচকুত।
নহ'লে ধূলিয়ৰী বতাহ
জাকে অভিমানতে,
নীলা আকাশ খন
ধূসৰ কৰি পেলাব।
নহ'লে কিয় তুমি
বৰষুনৰ এজাক
টোপাল হৈ নামি নাহা।
তোমাৰবা অভিমান
আকৌ কাৰ ওপৰত।
তোমাৰ অভিমান
ভাঙিবলৈ আমি
গছৰ পাত হৈ।
প্রেমেভিজা বসন্তক
আঁদৰণি জনাম....।
[2/14, 1:34 PM] ৰাহুল দাস: @বৰষুণ@
ৰাহুল তুন দাস বা📝 তোনিৰাম দাস
তোমাৰ নিস্তব্ধতাৰ বৰষুণ
ধাৰাসাৰে নামি আহে! মোৰ পদূলিত
কব নোৱাৰাকে তিতি যাও মই
পানী বোৰত আছে ! এটা গৰম গোন্ধ
তোমাৰ চুলিকোছাত লুকাই থকা
এটা জামু বৰণীয়া নিদ্ৰা !
তোমাৰ চকুত একোৰা জুই আছে
এটা চাৱনিত মই দহি-পুৰি মৰো !
বৰষুণ হৈ ই মোৰ পদূলিলৈ আহে, আৰু
কব নোৱাৰাকে তিতি যাওঁ মই !
তোমাৰ ওঁঠত এটা গান আহে
কোনোবা অচিনাকীৰ গান !
যাৰ সুৰ মই আজিলৈ বিচাৰি পোৱা নাই
তোমাৰ হিয়াত ! এটা শিল আছে , এন্ধাৰৰ
যি মোক সদায় ঢাকি ৰাখে......... !
[2/14, 1:34 PM] ৰাহুল দাস: ⚡অতীত মাথোঁ এটি নাম ⚡
✍ ৰাহুল দাস
তুমি সাগৰ আকাশ নে
কজলা মেঘশুধা নাই
শুধা নাই প্ৰিয়া তোমাক।
তুমি কোন হ'ব পাৰা
ভাবোহে মাথোঁ নিদ্ৰাহীন নিশাত।
এদিন তুমি আপোন
আছিলা এবেলাৰ
দুখৰ বৰষুণত তিতি
মই উশা হেৰুৱাব
খোজা সময়ৰ,।
এদিন তুমি এটা সপোন
আছিলা এনিশাৰ।
তোমাৰ স'তে
গাইছিলো
দুখ আঁতৰোৱাৰ
জয় গান ।
আজিতো নহয় মোৰ
আপোন সময়ৰ।
তুমি সুগন্ধি সুবাসৰ
সুৰ সন্ধিয়া !
তথাপি তুমিমোক
ভালপাওঁ বুলি ক'লে
মোৰ পৃথিৱীত আশাৰ
ফুল ফুলে।
নদীত সেউজীয়া সপোনে
সাতুঁৰি সময়ে সাজে
সু-ভৱিষ্যতৰ সপোন।
এতিয়া তুমি তোমাৰ পৃথিৱীত
মই হেৰুৱালো তোৰ আকাশ !
সেয়ে প্ৰিয়া তুমি আকাশৰ
তৰা হৈয়ে নাথাকি এতিয়া
পূৰ্ণিমাৰ জোন হোৱা।
পুনৰ দিনৰ বেলি
ক্ৰমান্ধয়ে এনেকৈয়ে
গতি কৰা তুমি
মোৰ চকুলোৰ
সাগৰকো নেউচি ।।
[2/14, 1:34 PM] ৰাহুল দাস: #প্ৰতিচ্ছবি #
ৰাহুল তুন দাস বা📝 তোনিৰাম দাস
হৃদয়ত বাজি থাকে
হিয়াৰ স্পন্দন
তুমি জানো বুজা
সেই স্পন্দনৰ তৰংগ ত । তুমি
মাথো এবাৰ
কোৱা ভালপাওঁ বুলি!
তোমাক
দেখাৰে পৰা মনে কয়
এজাক বৰষুণ আহক !
হিয়া ভৰি তিতিম দুয়ো ,
বোৱাই দিম ভালপোৱাৰ
নদীবোৰ ,
গছবোৰক সাক্ষী কৰি
আৰু ফুল হৈ ফুলিম তোমাৰ
হৃদয়ত।
মাথো তুমি কলেই হ'ল
ভালপাওঁ বুলি !
তুমি ভালপাওঁ বুলি কলেই
আউশীৰ এজনী জোনাকী হৈ
বুজি লম তোমাৰ সমস্ত
নিৰৱতা !
উলিয়াই আনিম
প্ৰতিটো আকোলতা..
আৰু নিস্তব্ধ জোনাকত
নৈ পৰীয়া !
এটি গীত হৈ সোৱৰাই
দিম
তোমাৰ
প্ৰতিটো সৌন্দৰ্য্য...
মাথো তুমি কলেই হল
ভালপাওঁ বুলি.....
(প্লিজ প্লিজ এবাৰ
কোৱানা
তোমাৰ চিৰন্তন প্ৰেমিক
মই)
[2/14, 1:34 PM] ৰাহুল দাস: @হেৰোৱা বাট@
-----------------------🖋✍ৰাহুল তুন দাস বা📝 তোনিৰাম দাস
তুমি কইনা হলে বৰ ধুনীয়া লাগিব
তোমাক!
তুমি দুচকুত ডাঠকৈ কাজল লগাবা দেই....
কপালৰ সোঁ মাজত জিলিকি উঠা ৰঙীন
ফুঁটটোৱে গোটেই মুখখন পোহৰাই
তুলিব..!
তুমি হাঁহিলে আকাশৰ জোনটোৱেও
লাজতে ডাৱৰৰ আঁৰত লুকাব..!
তুমি কিন্তু গোলপীয়া ৰঙৰ সাজ জোৰ
হে পিন্ধিবা দেই..!
সৰু সৰু ফুল থকা সেই পাটৰ সাজেৰে
তোমাক
বৰ ধুনীয়া কৰি তুলে জানা..!
জেতুকা বুলিয়া তোমাৰ লিহিৰি
আঙুলিকেইটাত জিলিকি ৰব সোণৰ
আঙঠি..
কাণত কেৰুৱে হালিব জালিব,
ডিঙিত ওলমিব সোণৰ মণি...
এখোজ দুখোজ কৈ আহি হোমৰ জুইৰ
কাষত বহিবা হি তুমি...
তোমাৰ বাৰু তেতিয়া মোলৈ মনত
পৰিবনে ?
স্বামীৰ আঙুলিৰে তোমাৰ শিৰত আঁকি
দিয়া সেন্দুৰৰ ৰেখাদালে পাহৰাই দিব নেকি
আমাৰ সকলো কথা..?
মোৰ বাৰু তেতিয়া কেনে লাগিব কোৱা ?
তোমাক কইনা সাজেৰে দেখা মোৰ এটা
সপোন আছিল,
কিন্তু বেলেগৰ আঙুলিৰে আঁকি দিয়া
তোমাৰ কপালৰ সেন্দুৰৰ ৰঙা ৰং মই
কেনেকৈ চাম ?
নাই,নাচাওঁ
হয়তো কাহানিও নোৱাৰিম চাব তুমি
আনৰ নামেৰে পিন্ধা কইনা সাঁজত....
অসম্পূৰ্ণ হৈ ওলমি ৰব বহু সপোন....
কাৰণ সেইদিনা মই আত্মগোপন কৰিম,
কোনোবা বাৰৰ অন্ধকাৰ কোঠাত...
নাইবা বিদায় লম এই পৃথিৱীৰ পৰা,
তোমাৰ স্মৃতি বুকুত বান্ধি...!
[2/14, 1:34 PM] ৰাহুল দাস: -✍বন্ধু ✍এটি ছুটিগল্প
ৰাহুল তুন দাস বা📝 তোনিৰাম দাস
👉হেই সোনপাহি, মোৰ লগত আমাৰ ঘৰলৈকে যাম বুলি ভাবিছা নেকি?
-না না।ভালকৈ যাবা।মই আহো।আকৌ লগ পাম।
- নিশ্চয়।বাই।
নোমল গ'লগৈ।সি অদৃশ্য হোৱালৈকে সি যোৱাৰ ফালেই চাই থাকিলো।
বৰষুণজাক তেতিয়াও এৰা নাছিল । বিচনাখনতে বাগৰ দিছিলোঁ।
নোমল বাৰু এতিয়া ঘৰ পালেগৈ নে? কি কৰিছে বাৰু সি?ফোন নাম্বাৰটোও লোৱা
নহ'ল।টোপনি যাবলৈ চেষ্টা কৰিলো কিন্তু নোমলৰ চেহেৰাটো বাৰে বাৰে
দুচকুলৈ ভাহি আহিল।বৰষুণৰ ঝৰঝৰ শব্দৰ মাজতেই নোমলৰ মাতবোৰ ভাঁহি আহিল।
-হাঁই হাঁই হিয়াখনে কিবা এটা বিচাৰি উশৃংখলৰ সৃষ্টি কৰিছে।
টেবুলতে পৰি থকা 'মায়া'ৰ পৃষ্ঠাবোৰ লুটিয়াই গ'লো।এখন পৃষ্ঠাত নোমলৰ
কবিতা 'নিসংগতা কবিতাটো নপঢ়িলোৱেই।কবিতাটোৰ শেষত উল্লেখিত
নোমলৰ মোবাইল নাম্বাৰটো ডাইল কৰিলোঁ।তিনিবাৰ মৰাৰ পিছতো যেতিয়া ৰিচিভ
নহ'ল মনটোত কিবা নোহোৱা-নোপজা হতাশাই আৱৰিলেহি।
"বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব"
দিক্ষুৰ এই জনপ্ৰিয় গানটো মোবাইলটোত বাজি উঠিল।নোমলৰ পৰা ফোন আহিছে।অলপ
সময় বাজিবলৈ দি ৰিচিভ কৰিলোঁ।নিশা তেতিয়া দহ বাজি পোন্ধৰ মিনিটমান
গৈছিল।প্ৰায় আধাঘণ্টামান নোমলৰ সৈতে কথা হ'লো সেইয়াৰ আৰম্ভণি।
লাহে লাহে আমাৰ ফোনৰ যোগাযোগ বাঢ়ি গৈছিল।মোবাইলটোক লৈ অলপ বেছিকৈ ব্যস্ত
হৈ পৰিছিলো।সি গভীৰভাবে কোৱা প্ৰতিটো কথায়েই হৃদয়খনত সাজ বহুৱাই
যায়।যৌৱনৰ উন্মাদনা আৰু হৃদয়খনৰ অবুজ আমনি ধৰি ৰাখিব নোৱাৰিলো।ছোৱালী
হৈয়ো ময়েই প্ৰপজ মাৰিলো তাক।মোৰ ক্ষেত্ৰত অত্যন্ত লাজকুৰীয়া স্বভাৱৰ
নোমলে মোৰ আচৰণত হয়তো আচৰিত হৈছিল।এসোপামান যুক্তি দাঙি ধৰিছিল
সি।কিন্তু মই তাৰ প্ৰতিটো যুক্তিয়েই প্ৰত্যাখান কৰি গৈছিলো।
এতিয়া সি মোৰ প্ৰেমত বলিয়া প্ৰেমিক।একডম পাগল ল'ৰাটো।সৰু ল'ৰাৰ দৰে আমনি
কৰি থাকে আৰু যি কয় তাক মানিবই লাগিব।কবিতা লিখা মোৰ বাবে,সপোন দেখে মোৰ
বাবে।তাৰ অভিমান বেছি।সাধাৰণ কথাতে আজিকালি সি অভিমানী হৈ পৰে।মোৰ যে
সৌভাগ্য তাক মই মোৰ প্ৰেমিক হিচাপে পালো।ল'ৰাবোৰ ভিতৰি ভিতৰি সাংঘাটিক
বদমাছ।এগৰাকী প্ৰেমিকাই সেইয়া ভালকৈয়ে জানে।
সোনপাহিৰ কথাবোৰ ভাবি থাকোতেই সময়বোৰ পাৰ হৈ গৈছে।সন্ধ্যা ছয় বজাৰ আগে তাইৰ ৰুমত হাজিৰ হ'ব বুলি নোমলে তাইক কথা দিছিল কিন্তু এতিয়া আঠ
বাজি ত্ৰিছ মিনিট হ'লগৈ।সি এতিয়াও আহি নাপালে।সোনপাহি খিৰিকীৰ পর্দাখন
মেলি চহৰখনলৈ এপাক চকুফুৰালে।ধাৰাসাৰ বৰষুণৰ মাজতো চহৰখন গাড়ী মটৰৰ
কোর্হাল শব্দ,লাইটৰ পোহৰেৰে পৰিপূর্ণ হৈ আছে।ইয়াৰ মাজতে আহি আছে
সোনপাহিৰ মনৰ মানুজন,নোমল।সময়বোৰ যিমানেই পাৰ হৈ গৈছে সিমানেই
সোনপাহিৰ বুকুত অচিনা চিন্তা এটাই থিতাপি লৈছেহি।বাৰে প্ৰতি নোমললৈ
ফোন লগাই আছে।ৰিচিভ নাইকৰা।সময়বোৰ তাইৰ নাযায় নুপুৱাই যেন লাগিছে।টিভিটো
অন কৰি চেনেলবোৰ সলনি কৰি আছে হঠাতে ৰিমর্ট টিপি থকা আঙুলি কেইটা ৰৈ গ'ল।
টিভি স্ক্ৰীণৰ তলত ব্ৰেকিং নিউজ লখিমপুৰ নাৰায়ণপুৰ বৰভেতা দলংত "এইমাত্ৰ হোৱা
মুখামুখি পথ দুর্ঘটনাত এজন বাইক আৰোহী নিহত। তেতিয়াই সোনপাহিৰ বুকুখন কপি উঠিল । আৰু কিছু সময়পিছত জানিব পালে সেই জন তাইৰ প্ৰেমিক আছিল ,,,
[2/14, 1:34 PM] ৰাহুল দাস: 🌿স্মৃতিৰ তৰংগ 🌿
✍ ৰাহুল দাস
মই সেই ঘাটতেই বহি আছো।
যি ঘাটত সোণোৱালী সুৰুযে ,
সেমেকা হাঁহিৰেবিদায় মাগিলে ।
মোৰ চকুত জিলিকাই
ডুবি যোৱা বেলিৰ কিৰণ।
মোৰ হৃদয়ত বাজে ভাষাহীন
আবেগৰ স্পন্দন ।
অনুভৱ মোৰকলিয়া ডাৱৰ ,
কল্পনা বোৰো যেনসেমেকা
বালিচৰ ।কেতিয়াবা উটি
যাওঁসেই ঘাটেৰেই....
যি ঘাটেৰে বৈ যায় দুখবোৰ ।
কেতিয়াবা শুকাই যাওঁ
মৰুভূমিৰ দৰে। বাট চাই
থাকোবাৰিষাৰ ঢৌ বোৰলে ।
দুহাত মেলি আদৰিছো দুখবোৰ।
দুখৰ মাজতেই বিচাৰি পাওঁ
হেৰোৱা জীৱনৰমধুৰ স্মৃতিবোৰ ।
সুখৰ হাঁহিটো নিশব্দ
হৈ,দৌৰিছে মাথোঁ দুৰ
দিগন্তলৈ।
এৰি অহা স্মৃতি বোৰক
বুকুত বান্ধি লৈ মই বহি
আছো আজিও।
সেই ঘাটতে আপোন
চবিখনসন্মুখতে লৈ ।
[2/14, 1:34 PM] ৰাহুল দাস: 🌾উজাগৰী ৰাতিবোৰ,🌾
✍ৰাহুল দাস
কোনো কাৰণ
নথকাকৈয়ে"
কোনো কাৰণ
নথকাকৈয়ে,
তোমাৰ প্রেমত
পৰিব পাৰো ।
তুমি অভিযোগৰ
দর্খাস্ত
লিখিবানেকি ?
লিখি যোৱা তুমি
অভিযোগৰ দর্খাস্ত
এখন এখনকৈ...!
কোনো আইন
নমনা এজন প্ৰেমিক মই....!
আৰু অভিযোগৰ দফা....?
হাঁহি উঠা কথা এইবোৰ ।
যৌৱনৰ প্ৰথমজাক বর্ষাত
তিতি জুৰুলি জুপুৰি হৈ,
সোমাব খুজিছো
তোমাৰ হৃদয় নামৰ
জুপুৰিটোত ।
হিটলাৰৰ দৰে,
কোনো ভুল কাম
কৰিব বিচৰাতো নাই..।
তুমি মান্তি হ'লে
মোৰ জীৱনৰ।
দুখৰ উজাগৰী ৰাতিবোৰ,
আমাৰ ভালপোৱাৰ
নামতে সপি দিম ।
আকাশৰ জোনবাই
জনী ধৰি আনি ,
সুখৰ পোহৰ
বিলাবলৈ বেৰত
ওলমাই থমহি,
পেন্দুলাম ক্লর্কৰ
দৰে ।
এনেকৈয়ে কোনো কাৰণ,
কোনো অভিযোগ
নমনাকৈয়ে, তোমাক
ভাল পাম,
কৈছোৱেই নহয়
মই এজন আইন
নমনা প্রেমিক ।
তোমাৰ
ভালপোৱাৰ
অনুচ্ছেদটোত,
হৃদয় সংশোধন
নকৰো দিয়া ।
[2/14, 1:34 PM] ৰাহুল দাস: প্রতিশ্রুতি
✍ৰাহুল দাস
"নালাগে আৰু তোমাৰ
মৰম''সিদিনা আছিল
ব'হাগ মাহৰ অন্তিম দিন।
তোমাৰ সৈতে এক হোৱাৰ
অদম্য হেপাঁহ আশা বোৰৰ
পূর্ণ ফলশ্রুতি,।
হোঁমৰ গুৰিত সাক্ষি কৰি
জীৱন ডোলত বগাবলৈ
লৈছিলোঁ।
ভগবানক সাক্ষী কৰি
সমজুৱাকৈ তোমাক জাপি
দিছিলোঁ অশেষ প্রতিশ্রুতি...!
আজিও মোৰ সেই প্রতিশ্রুতি
প্রতিশ্রুতি হৈয়ে আছে
তোমাৰ বাবে। ,
কিন্তু তুমি আজি মোক
জীৱন যুঁজত অকলে এৰি
ভুঁৱা প্রতিশ্রুতি দি গ'লা।
মাথো থৈ গ'লা মোৰ
ঔৰসত তোমাৰ ৰক্ত কণিকা....!
কেনেকৈ যুঁজি যাম মই
এই জীৱন যুঁজত
অকলশৰীয়া সাৰদী হৈ...!
নালাগে আৰু তোমাৰ মৰমক
অভিমান নহয় এইয়া...,।
তুমি যিহেতু মোক এই
নৰসংসাৰত ভুক্তভূগী
কৰি এৰি দিলা...!
তোমাৰ আত্মাই যেন
চিৰশান্তি লভে
তাৰেই কামনাৰে মোৰ
এই দুর্ভগীয়া হৃদয়...!
[2/14, 1:34 PM] ৰাহুল দাস: ****মিছা অনুভূতি ****
✍ৰাহুল দাস
তোমাক দেখি মোৰ
হৃদয়তএনে ভাৱ জাগি
উঠিছিল। তুমিয়ে যেন
মোৰ মন সৰগৰ পৰি!
প্ৰেমৰ আকাশি গঙ্গাহৈ
নামি আহিছিলা মোৰ
হিয়াৰ মাজলৈ,!
তোমাক নজনাকৈয়ে
মই ভাল পাই পেলাই
ছিলো বহোত গভীৰ ভাবে!
তোমাৰ মিঠা চাৱনীত
মই বুজিছিলো।
তুমিও ছাগে মোকভাল
পাই পেলালা অজানিতে!
মনৰ কথা নোকোৱা
কৈয়ে তোমাক সজাই
পেলালো
মোৰ মন মন্দিৰত!
মোৰ জীৱন লগৰী বুলি!
সীমাহীন ভাৱনাৰ
উল্লাসিত আবেগত
পৰি মই কল্পনাই
কৰা নাছিলো।
যে তুমি মোৰ এটা
অবাস্তৱ সপোনহে
আছিলা মাথো!
ভৱাইনাছিলো তুমি
অজানিতে আনৰহৈ
যাবা বুলি,!
আজি মইসঁচাকৈয়ে
অনুতপ্ত, তোমাক ভাল
পোৱাৰ কথা কোৱাই নহ'ল,!
সময়ৰ প্ৰৱাল সোঁতে আহি।
আজি আতৰাই নিলেহি
তোমাক,বহু দূৰনিলৈ!
অন্তিম পৰাতহে বুজিলো।
তোমাৰ বাবে সেইয়া।
আছিল,মোৰ
এক"মিছা অনুভৱ"!
মোৰ প্ৰেমৰ প্ৰতিমা
সপোনৰ প্ৰতি পলে পলে।
সাঁতুৰঙীন ৰাম ধেনুৰবচা
বচা ৰংৰ তুলিকাৰে।
মোৰ হিয়াত আঁকিছিলো,
তোমাৰ আলফুলিয়া ছবিখনি।
মোৰ মন পদুলিয়েদি,
তুমি সদায়ে পাৰ হৈ গৈছিলা,।
মেঘালী চুলি উৰুৱাই,
সময়ৰ কোবাল সোতত।
তুমি এদিন আতৰি গলাগৈ,
মোৰ জীৱনৰ পৰা।
মই ৰৈয় থাকিলোঁ
তুমি এৰি যোৱা সেই
নদীৰ ঘাটত।
থাকি গলো মই মাঁথো,।
এটি দুখৰ পাত্ৰ হৈ।
মোৰ শুকান হৃদয়ত
থাকি গ'লা তুমি।
মোৰ প্ৰেমৰ প্ৰতিমা
এটা সুমধুৰ সপোন হৈ।
[2/14, 1:34 PM] ৰাহুল দাস: 👉অনুভৱৰ কোঠা👉
👉ৰাহুল দাস
তুমি হীনতাৰে মোৰ সমাধি।
সেইদিনা তুমি পাটৰ
সাঁজ যোৰ পিন্ধি ,
ৰভাৰ তলত যেতিয়া
আছিলা উমলি।
পুনৰ মই আছিলো নদীৰ
ঘাটত বহি অতীতক সোঁৱৰি।
তোমাৰ শিৰত জিলিকি
আছিলৰঙা সেন্দুৰ।
মোৰ দুচকুত জিলিকিছিল
শেতা পৰা সূৰুযৰ কিৰণ ।
নিগৰিছিল মৌনতাৰ
উত্তপ্ত অশ্ৰু.....দহিছিল ।
বিষাদেৰে উন্মাদ হৃদয় মোৰ ।
তথাপিও স্বাৰ্থপৰ নহওঁ।
মোৰ অভাৱি জীৱনে
মোৰবাধা হৈ থিয় দিলে।
হৃদয়ৰ মুকুতা-মনিক
কোনোবাই কাঢ়ি নিলে ।
তুমিও বিচাৰিলাঐশ্বৰ্য্য
বিভূতি হৃদয়ৰ।
ভালপোৱা ভৰিৰে গছকি
গুছি গলা সুখ বিচাৰি ।
আজিওঁ মইআছো জিয়াই
স্মৃতিবোৰ সাৱটি লৈ।
তুমি হীনতাৰে আজি
শ্মশানৰ যাত্ৰী হৈ নিজেই
সাঁজিছো নিজৰ সমাধি ।
[2/14, 1:34 PM] ৰাহুল দাস: ⚡অতীত মাথোঁ এটি নাম ⚡
✍ ৰাহুল দাস
তুমি সাগৰ আকাশ নে
কজলা মেঘশুধা নাই
শুধা নাই প্ৰিয়া তোমাক।
তুমি কোন হ'ব পাৰা
ভাবোহে মাথোঁ নিদ্ৰাহীন নিশাত।
এদিন তুমি আপোন
আছিলা এবেলাৰ
দুখৰ বৰষুণত তিতি
মই উশা হেৰুৱাব
খোজা সময়ৰ,।
এদিন তুমি এটা সপোন
আছিলা এনিশাৰ।
তোমাৰ স'তে
গাইছিলো
দুখ আঁতৰোৱাৰ
জয় গান ।
আজিতো নহয় মোৰ
আপোন সময়ৰ।
তুমি সুগন্ধি সুবাসৰ
সুৰ সন্ধিয়া !
তথাপি তুমিমোক
ভালপাওঁ বুলি ক'লে
মোৰ পৃথিৱীত আশাৰ
ফুল ফুলে।
নদীত সেউজীয়া সপোনে
সাতুঁৰি সময়ে সাজে
সু-ভৱিষ্যতৰ সপোন।
এতিয়া তুমি তোমাৰ পৃথিৱীত
মই হেৰুৱালো তোৰ আকাশ !
সেয়ে প্ৰিয়া তুমি আকাশৰ
তৰা হৈয়ে নাথাকি এতিয়া
পূৰ্ণিমাৰ জোন হোৱা।
পুনৰ দিনৰ বেলি
ক্ৰমান্ধয়ে এনেকৈয়ে
গতি কৰা তুমি
মোৰ চকুলোৰ
সাগৰকো নেউচি ।।
[2/14, 1:34 PM] ৰাহুল দাস: অভিমান
ৰাহুল দাস
তুমি মোৰ ৰং চাইছিলা নেকি?
যেতিয়া কলিজা শুকাই যায়
তেতিয়া
প্ৰাতঃভ্ৰমনৰ মুক্ত বতাহেওঁ কঢ়িয়াই
দুখৰ বৰ্তমান!
বুকুত উচুপনিৰ পৰশ বিচাৰে
এবুকু বিশ্বাসঘতকতাৰ আঁচোৰে
তুমি সিচি দিয়া।
মোৰ বুকুৰ অভিমানী নিৰলাত
আৰু
সময়ৰ বালিচৰত ৰৈ যায়
মোৰ হেঁপাহৰ অবগুণ্ঠন।
জীপাল কৰে
অতীতৰ চানেকি
আৰু
তোমাৰ ধাৰণাই । যদি
তোমাকে বেঢ়ি ধৰে অজানিতে
তেতিয়া হয়টো।
তোমাৰ আত্মবিশ্বাস বোৰ থুনুকা হয়
হেৰাই যায় অভিমান।
তোমাৰ বুকুৰ পৰা
সময়ৰ বালিচৰত
হয়টো এই সময়
তোমাৰ বাবে
অসময়।
দুঃসময়
নিষ্টুৰ সময়
যি সময়ত আহিলোঁ মই।
এমুঠি দিঠক সিচা
তোমাৰ সেই কাজল সনা দুচকু
যি মোৰ ডায়েৰীৰ পৃষ্ঠা
সজীব কৰি ৰাখিছিল।
এতিয়া সেই
মোৰ বাবে
এটি এটি
বিশ্বাসহীনতাৰ গজল।
ইয়াকে কয় নেকি বাৰু
তোমাৰ লাইফ-ষ্টাইলৰ প্ৰয়োজনীয়তা ??
মই বাত চাওঁ
ভগৱানে নুবুজা ৰহস্য।
মইনো ভেদ কৰিম কেনেকৈ
তথাপিয়ো আশা কৰোঁ
এধানি জোনাক
জীয়াই থকাৰ ৰং বোৰ...........।
[2/14, 1:34 PM] ৰাহুল দাস: 🙏জেৰেঙা পথাৰৰ দুয়োপাৰ🙏 |
✍ ৰাহুল দাস
এটা চিঞৰ উটি আহিছে..
দূৰণিৰ সৌ পথাৰখনৰ পৰা.../
মৰনকাতৰ এক আৰ্তনাদ
নিমিষতে সকলো নীৰৱ... /
নিৰ্জন স্তব্ধতা ভাঙি
পুনৰ ভাঁহি আহিছে... /
এটাই মাথোঁ চিঁঞৰ... /
নকওঁ... নকওঁ... নকওঁ
সেয়া আছিল এগৰাকী সতীৰ
চিঁঞৰ... /
যৌৱন-জীৱনৰ সকলো ৰং
মছি...
কোটকোৰা কাঁইটৰ খোচ
খাই...
সোনৰ অসমৰ ছবি অঁকা...
এগৰাকী সতীৰ চিঁঞৰ...||
অশ্ৰু সিক্ত নয়নযুৰিৰে...
জেৰেঙাৰ দুয়োপাৰৰ
বিস্তীৰ্ন পাহাৰবোৰলৈ
চাবলৈ যত্ন কৰিছিল.।
লাহে লাহে
ৰিনিকি ৰিনিকি জিলিকা
দূৰৰ পাহাৰবোৰ.।
হয়তো আৰু বেছি সেউজীয়া
হৈ পৰিছিল।
তেওঁৰ কৰুণ চাৱনিত
শেষবাৰৰ বাবে...||
এসময়ত তেওঁৰ চকু জাপ
খাই
শিৰ ঢলি পৰিছিল।
শক্তিশালী যদিও ক্লান্ত
লগে লগে পশুবোৰে আগুৰি
ধৰিছিল।
তেওঁ গাত পাতি লৈছিল
এডাল এডালকৈ.../
সহস্ৰ সৌকাৰ নিৰ্মম কোব...||
মাজে মাজে তেওঁ
কেঁকাইছিল।
কোটকোৰা কাঁইটে খোচা.../
পিঠিৰ ৰক্তবিন্দুবোৰৰ
যান্ত্ৰনাত।
দেহা পৰি আহিছিল
অথচ মনতে আঁওৰাইছিল./
__ "শেষ হৈ যাওক মোৰ এই
মানৱী কায়া,
উৰি যাওক এই নশ্বৰ প্ৰান
পখী,
ধৰিত্ৰী দিগন্ত নেওচি,
তথাপি কুশলে থাকক মোৰ
বঙ্হৰদেউ।
কুশলে থাকক মোৰ আইমাতৃ,
মই হাঁহি হাঁহি সহি যাম
সকলো অত্যাচাৰ।,
চকু মেলি অপেক্ষা কৰিম
মৃত্যুৰ,
আই মোক আকোৱালি লোৱা
তোমাৰ বুকুত।
মোক আকোৱালি লোৱা
তোমাৰ বুকুত" ...||
উফৰি আহিছিল এটি
এটিকৈ।
সাহসী ছিঁঞৰবোৰ.
ক'বিনে...?
নকওঁ,
ক'বিনে...?
কোচ খাই যোৱা বগা
চালখনত.।
পুনৰ লগাই দিয়া হৈছিল
ৰঙা লোহাডাল।
গৰম পানী আৰু গৰম
লোহাৰে.../
গলাই পেলোৱা দেহাটোলৈ
তেওঁ এবাৰ চাইছিল।
আৰু নীৰৱে হাঁহি
এসময়ত ঢলি পৰিছিল...||
চকুযুৰি অশেষ কষ্টৰে
মেলি
দূৰ-দূৰনিলৈ এবাৰ
চাইছিল.../
কৰুণ দৃষ্টিৰে
গছে বনে পাহাৰে পাহাৰে
বাগৰি।
নীল আকাশৰ
কোনোবাখিনিত যেন.
বিলীন হৈ গৈছিল
মুহূৰ্ততে.../
আকাশে বতাহে.../
প্ৰতিধ্বনি উঠিছিল.../
তুমি মহীয়সি সতী জয়মতী...||
হয় দূৰণিৰ সেই চিঞৰটো
সতী জয়মতীৰে আছিল।
কেইবা শতিকা নেওচি
আজিও সেই চিঁঞৰ ভাঁহি
আহে..।
জেৰেঙা পথাৰৰ
দুয়োপাৰে
-অনুভৱ আকাশ (
[2/14, 1:34 PM] ৰাহুল দাস: &নিদাৰুণ ৰাতি &
👉ৰাহুল দাস
সেই সপোন আজি
সপোন হৈয়ে ৰ'ল।
আমি উজাগৰী নিশাটিত
...তুমি আতৰি যাওঁতে
ভাবিছিলো ....তুমি
বহুত নিদাৰুণ.....।
তাতোকৈ ভাবিছিলো
ভগৱান জন বেছি নিদাৰুণ....।
কিয় কাঢ়ি নিলে মোৰ পৰা.....???
আচলতে এতিয়াহে বুজিছো.।
সময়বোৰ হে বেছি নিদাৰুণ.....।
সময়ৰ সোঁতত পৰি
এৰি গলা মোক ।
তুমি আৰু ভগৱান
নিদাৰুণ নহয়।।
সময়বোৰ বোৰহে
নিস্তুৰতা জানা.,বৰ নিস্তুৰতা।
সিদিনা তুমি মোৰ মৰমৰ
উমত জিৰাইছিলা...আৰু
আজি আনৰ মৰমৰ
উমত জিৰাব গলা ।
এদিন চাবা মোৰ মৰমেও
জোকাৰিব তোমাক।
যিদিনা মৰি যাম সেই
দিনাও হয়তো...এটো
পালো চকুলো নুটুকিবা..
মইনো কোন তোমাৰ .।
"এটা নস্ট পাগল প্ৰেমিকহে"
"যিদিনা মই তোমাৰ
কাষত নাথাকিম ।
থাকিব মাথো এটুকুৰা
স্মৃতিৰ ডাৱৰ সিদিনা
বহুত তুমি কান্দিবা।
[2/14, 1:34 PM] ৰাহুল দাস: এৰি অহা স্মৃতি
ৰাহুল দাস
আকৌ যদি ঘূৰাই পাওঁ
মোৰ শৈশৱ,কৈশোৰ...
ধুলি আৰু মাটিত
মই বিছাৰি যা মাটিৰ
মাজত জোনাকী ছায়া...॥
লুকা -ভাকু খেলি হাঁহিম
দৰা কইনা খেলি নাচিম
আইতাৰ সৈতে কাজিয়া কৰিম...
আৰু দুখবোৰ আহিলে
আইৰ আচলত চকুলো মচিম..॥
সময় ঘূৰিলে মোৰ মুখৰ হাঁহি..
সুখৰ বাঁহী আকৌ বুটলিম...॥
আজিৰ দুখৰ বিলাস
হেৰুৱাই যাম...
শৈশৱৰ পখিলা খেদি
কৈশোৰৰ ধেমালি বুটলি...॥
অহা হ´লে উভতি সময়
ফুলৰ সতে ৰচিম
সপোন...পাপৰি...“
সাৰ্থক সফল জীৱন”
বিষাদৰে ভৰা
ব্যৰ্থ মোৰ জীৱন।
সাৰ্থকতাৰ সন্ধানত…
আদৰিম চাগে
পুণ্য পথৰ মৰণ!
জীৱনে কান্দে মোৰ
সফলতাৰ পথ বিচাৰি,
অশ্ৰুলোৰে নৈ বৈ
হৃদয়ৰ বিননিত!
আৰ্থিক অনাতন
মনৰ হে আছে ধন,
লভিব পাৰিম নে?
সাৰ্থক সফল জীৱন!!
মনোবলৰ বুকুছাত উঠি
যাওঁ মই আগবাঢ়ি,
অধ্যয়নৰ পথত অগ্ৰসৰ হৈ
জ্বলাব খোজো মই…
সাৰ্থক সফল জীৱনৰ
চিৰস্থায়ী চাকি গছি..!
Comments
Post a Comment