বহাগৰ ৰঙ…
[3/24, 11:45 AM] Dhanti Saikia: ৰঙতে ৰঙ তুলি
উৰণীৰ তলতে হাঁহি
সুন্দৰকৈ সাজি কাছি
ক'লৈ যোৱা তুমি…
তুমি ব'হাগী…
প্ৰকৃতি অনুপমা সৃষ্টি
তোমাৰ ৰূপতে বলিয়া
কত বসন্তৰ প্ৰিয়াসী।
ৰূপে ৰসে ফলে ফুলে জাতিষ্কাৰ হৈ
বুকুত ৰঙীনতাৰ ভাৰ বান্ধি ধৰালৈ নমাই আনিলা ৰঙালী…
ৰঙৰ সুৰুয তুমি …
পোহৰাই তোলা ৰঙ…
সেই ৰঙতেই মতলীয়া
হৈ …
[3/25, 11:05 AM] Dhanti Saikia: শূন্যতাঁঃ
🖊ধনটি শইকীয়া।
লাজুকীয়া …তই বৰ লাজুকীয়া অ।
মৰমীয়াল …তই বৰ মৰমীয়াল।
তোৰ হাঁহি বৰ ধুনীয়া…।
আশা সুধীয়া !…আশাই ধ্বংস কৰে তোৰ হাঁহি ।
জেপত নাই ধন…
তোৰো যে মন …
কিয় তই বলীয়া…
কিয়…ইমান চঞ্চল
পালি নে ব'হাগৰ বতৰা…
ঢোল পেপাই নাপাতে…
সকলো আজি …
মলিয়ান এলান্ধু।
মগজুত ধৰিছে মামৰ
সকলো আজি ভোটা…তৰুৱালৰ দৰে।
যিমানেই ধাৰ দিয়া…
সি নাকাটে অ নাকাটে।
সকলো পচি গ'ল মাথো চোৱাৰ লগে লগে ধুলি।
বতাহৰ লগত সকলো মিলি গ'ল
আজি মাথো শূন্যৰ বুকুত শূন্যতা।
[3/25, 5:00 PM] Dhanti Saikia: নিৰোত্তৰঃ
🖊ধনটি শইকীয়া
উকা কাগজত লিখি দিলি এখনী চিঠি।
চিঠি মাদকতা বাহিল
চিয়াহীৰ দাগ লাগি।
মৰম সচাকৈ…ছুনামী।
আহে আৰু কিছু বিষাদ সিঁচি গুছি যাই।।
[3/25, 8:04 PM] Dhanti Saikia: অতীত…ঃ
ধনটি শইকীয়া
পাহৰি যোৱা …
নে
নোযোৱা?
অতীতৰ দোষ
আৰু
ভুলৰ সমাহাৰ।
চন্দ্ৰটো থাকে
চন্দ্ৰকলা …
সেইয়াই জোনৰ দাগ।
অতীত স্মৃতিৰ
দাগ বোৰে
উজ্বলতাবোৰ কাঢ়ি
শেতা পেলাই…
মনৰ আকাশ।
ক'লা ডাৱৰ বোৰে
ঢাকি পেলাইছে
নামি আহে
এজাক বৰষুণ…
তাৰ পিছত ফৰকাল। তথাপিও অতীতৰ
সেইদাগে আজিও আমনি নকৰেনে?
সুধিছো কৰেনে নকৰে?
[3/26, 10:56 AM] Dhanti Saikia: প্ৰতিৰুধ…ঃ
🖊ধনটি শইকীয়া
মোৰ জীৱনৰ সুৱাসে তোমাৰ হৃদয় জীপাল কৰেনে? মোৰ জীৱনৰ আনন্দ বোৰে তোমাৰ মনত কোমল পৰশ …
সিচিনে?
সিচিনে?
বুকুত অযুত মৰম জাগেনে……?
হয়তো তোমাৰ মৰমবোৰে…
হাজাৰ ক্ষোভ আনে…
সেই ক্ষোভে…ফিৰিঙতি তুলি মন বননী জ্বলাই তোলে।
জ্বলা জুইত আজি কোনে ঘিউ ঢালে।
শেষ হৈ গ'ল জ্যোতিৰ শিখা…
আন্ধাৰে আজি মেৰিয়াই ধৰে …।
অন্ধকাৰৰ মাজত …সকলো অন্ধ …
পোহৰৰ বাট আজি ৰুদ্ধ।
[3/26, 3:07 PM] Dhanti Saikia: অংগীকাৰঃ
🖊ধনটি শইকীয়া
অমীয়া সুৰ এটি ভাঁহি আহে ৰিনি ৰিনি।
বিশ্বদৰবাাৰত সৃষ্টি কৰে আজব -কান্দ ।
সুৰে সুৰে বাজি উঠে
হেঙুলীয়া গীত ।
খলকনি তুলে কাৰোবাৰ বিৰহ বনত।
সৃষ্টি মষিমূৰ কৰি ধ্বংস কৰে সেউজীয়া।
শুকান বনত পাতে দুখৰ মেলা মাথো হালধীয়া।
নীতি বিৰূদ্ধি ,সংগ্ৰাম কৰি আগবাঢ়ে কত স্বাৰ্থলোভী।
গাই পেৰদি গীত জনমানসত, বিছাৰে ক্ষমতাৰ গাদী।
জিৰণী নিবিচাৰে কৰে আন্দোলন শুদ্ধ অশুদ্ধ নকৰি বিচাৰ।
তোলপাৰ কৰে চৌদিশ বন্ধ হৃদয়ত গতিশীল দুৱাৰ।
এটি বাঁহীৰ সুৰ বাজে ঘনে ঘনে
কঁপে নিস্পেষিত মন শত জনতাৰ।
স্বাৰ্থপৰ বোৰে নামানে নিয়ম সংযম
বিচাৰ- অবিচাৰ মাথো কৰে অংগীকাৰ।।
[3/26, 9:05 PM] Dhanti Saikia: আশাৰ কঠিয়া সিচি শাওনৰ পথাৰ জীপাল কৰিম।জীপাল কৰিম সপোনৰ পথাৰ
সেউজী কৰিম পৃথিবী।শাওনৰ ৰোৱনিৰ দাৰুণ যন্ত্ৰনা …
ককাল তললৈ কৰি কিমান নো কপালৰ ঘাম মাটিত পেলাবা।
দুখৰ চকুলো বৈ যাই
কলংকিত বানে উতোৱাই লৈ যাই মনৰ সেউজীকতা।
সমাজৰ আওকনিয়া মন …তাতে আকৌ পথাৰ পৰে ছন।মানুহৰ মনত বোলে শুৰ পোকে ধৰিছে…
অ সকলো কুটি কুটি কামোৰি খাই পেলালে
আশাৰ টোপোলা।
তলাং কৰিলে পথাৰ…
পথাৰ নহয় আজি পলসুৱা…
সকলো হেৰাই গ'ল
সমাজৰ বাধকতাৰ মাজত। মৰমৰ এনাজৰীৰে বান্ধ খাই সকলো এক হৈ মনৰ ভাষা কৈ প্ৰত্যেককে সান্তনা দিয়া ।
সেই সময় নাই ব্যস্ততাৰ ভাইৰাছে নাশ কৰিলে মানুহৰ হাঁহিৰ মুখখন।
[3/26, 11:28 PM] Dhanti Saikia: বাটে কাটো কাটো…
যদি হে নাকাটো
পাৰ হৈ যাম কেনেকৈ
কোৱাচোন পাৰ হৈ যাম কেনেকৈ।
সিপাৰতে আছে মৰমৰ মাইনা …
কান্দি আছে হিয়া ধুনি জানা…
তই যে আহিলি গমকে নাপালো…
সেয়েহে তোক দেও দি গ'লো।
সদাগৰৰ পুতেক যাই দিনচেৰেক…
ভাগৰে জোগৰে হঠাৎ মাৰিলে ব্ৰেক।
মই নাজানি মাৰিলো লৰ
তাৰ আগেদি…
সিও ৰখাই লয় আহিছে মোকে খেদি।
ক'ৰেনো আপদিয়া তই অ কলীয়া
কিয় নো কৰিলে অগা_দেৱা।
সৎ কামত যদি ক'ৰ এনেকুৱা …
ইও হেনো অমংগলীয়া।
সেয়ে আজি নাযাও বেচি দুৰ …
মেকুৰীয়ে বাট কাটি পেলালে মনটো বিভোৰ।
[3/27, 12:03 AM] Dhanti Saikia: সপ্নঃ
🖊ধনটি শইকীয়া
সপ্ন বিভোৰ …
সপ্ন বনত নাবাজে আজি কানাইৰ কৰুন বাঁহীৰ সুৰ……
বিধবা নাৰীৰ মন হেনো নপলাই জুৰ……
মনত আনন্দ নাই
কপালত জোন নাই,,,
কানাই আজি নাই……
সপ্ন বনত হেৰাই গ'ল
সপোনৰ ৰঙ বিছাৰি।
কানাই আজি মথুৰাৰ নিবাসী।
[3/27, 7:38 PM] Dhanti Saikia: ক'লা মেকুৰীঃ
🖊ধনটি শইকীয়া
বাটে কাটো কাটো…
যদি হে নাকাটো
পাৰ হৈ যাম কেনেকৈ
কোৱাচোন পাৰ হৈ যাম কেনেকৈ।
সিপাৰতে আছে মৰমৰ মাইনা …
কান্দি আছে হিয়া ধুনি জানা…
তই যে আহিলি গমকে নাপালো…
সেয়েহে তোক দেও দি গ'লো।
সদাগৰৰ পুতেক যাই দিনচেৰেক…
ভাগৰে জোগৰে হঠাৎ মাৰিলে ব্ৰেক।
মই নাজানি মাৰিলো লৰ
তাৰ আগেদি…
সিও ৰখাই লয় আহিছে মোকে খেদি।
ক'ৰেনো আপদিয়া তই অ কলীয়া
কিয় নো কৰিলে অগা_দেৱা।
সৎ কামত যদি ক'ৰ এনেকুৱা …
ইও হেনো অমংগলীয়া।
সেয়ে আজি নাযাও বেচি দুৰ …
মেকুৰীয়ে বাট কাটি পেলালে মনটো বিভোৰ।।।
[3/27, 8:35 PM] Dhanti Saikia: আন্দোলনঃ
🖊ধনটি শইকীয়া…
তই পাহাৰৰ আৰু মই ভৈয়ামৰ
চিনাকী আমাৰ বহু যুগৰ।
মনত আছেনে কাহিনী জেৰেঙা পথাৰৰ…
জেৰেঙা ৰঙা হৈছিল জয়াৰ তেজেৰে।
লুকাই আছিল
গদাপাণি ,পাহাৰত।
হৃদয় জুৰাইছিল ডালিমীৰ ভাষাৰে।
সমিল আৰু অমিল
হিংসা আৰু দ্বেষ
বিদ্ৰোহৰ জোকাৰনিয়ে
তোল পাৰ কৰি
কাঢ়িছে হৃদয়ৰ ৰঙ।
তাতে আকৌ হেৰাইছে ধং।
নিষ্ঠুৰতাৰ আঘাটে
খান্দি নিলে মিলনৰ পুখুৰী।
পুখুৰীত আজি ঢালিলে বৰবিঁহ…
সকলো উত্তাৱল …
পাহৰি যাই অস্তিত্বৰ ঢল।
[3/27, 11:52 PM] Dhanti Saikia: কৃতজ্ঞতাঃ
🖊ধনটি শইকীয়া
কৃতজ্ঞতাৰ আঁৰত লুকাই থাকে…
আকাশৰ বিশালতাৰ মাজত …লুকাই থকাৰ দৰে …সীমাহীন অনুভৱ।
তথাপিও শূন্যতা বুকুৰ জুপুৰী…
মাথো অংগীকাৰ ই
মাথো মনত সান্তনা…।
বৈ যায় জীৱন নদীত
তেজৰ পানী,বয় যাই।
মাথো সহাৰি চকুলো ।চকুলো মাথো জীৱনৰ সহাঁৰি ।
কৃতজ্ঞতাই,জীৱন আনন্দবোৰ মুঠি মুঠি কৰি একাষত থৈ দিয়ে।
[3/28, 1:23 AM] Dhanti Saikia: মৌঃ
🖊ধনটি শইকীয়া
সৰি পৰিল ফুল
বাজি গ'ল ঢোল।
সাগৰৰ ঢৌ…
ক্ষনেকতে আহে
আৰু নিমিষতে শেষ।
ক্লান্তক ধুমুহা …
সাগৰৰ ধুমুহা।
লৈ আহে চূনামী
ধ্বংস কৰে কত জীৱন।
সপোন সপোনেই
বাস্তৱ ইও সপোন ।
সাগৰৰ মুকুতা…
মৰুভুমিৰ মৰিচিকা।
সকলো জাবৰৰ দ'মত লুকাই থকা …গুবৰুৱা।
বিচাৰি নাপায় কোনেও মৌমাখিৰ দৰে
আৱৰ্জনাৰ মাজতো
মৌ মিঠা।।
[3/28, 7:20 PM] Dhanti Saikia: বৰষুণঃ
🖊ধনটি শইকীয়া
ঝৰ ঝৰকৈ খহে
এজাক সপোন…।
চিঞৰি চিঞৰি আহে
আন্ধাৰ বিনাশি চিক্ মিক্
বিজুলী ।
চকু চলচলিয়া মনৰ আকাশ ডাৱৰীয়া।
বুকুত বেদনা বোৰ বান্ধি
টনা আঁজোৰা কৰে।তথাপিও মুকলি নহয় মন…।
মনত শংকা !
কিজানিবা
গ্ৰেপ্তাৰ হয় জীৱনৰ জেলত।
সাক্ষী হ'ব আজীৱন কাৰাদণ্ড।
উপচি পৰিব সুখ
আতৰি যাব দুখ।
কোনোবাই দোঙা দোঙে টুকিব …
জমা কৰিব চৰিয়াত
এমুঠি সুখ।
হৰ হৰকৈ আহে
আশাবোৰ ভাঙি, গোটেই চুবুৰী টুলপাৰ
কৰে ।
ভৰি পৰে পানী।
মাথো ভাঙি যাই দাপোন আহি যাই হাঁহি।।
[3/29, 4:16 PM] Dhanti Saikia: ঠিকনাবিহীনঃ
🖊ধনটি শইকীয়া
বুকুত বাজে বেদনাৰ ঢল…
সেই ঢলে কোবাই কোবাই…
ধ্বংস কৰে হৃদয় ।
তুমি কোন মোৰ জীৱনৰ
তুমি কোন মোৰ সপোনৰ
তুমি মাথো মোৰ…
আশা ভঙা পক্ষী…
জীৱন বাটৰ।
কত জনৰ কত সপোন কাঢ়ি নিলা দিলা মাথো জীৱনৰ চিহ্ন অৱহেলা।
জীৱন মাথো বিভিষীকা
মৰুময় মায়াৰ খেলা।
কত কবিতাৰ আত ধৰি
নাপাও তোমাৰ ঠিকনা।
[3/29, 5:17 PM] Dhanti Saikia: কবিৰ সপ্নৰ উকা ৰভাখনঃ
🖊ধনটি শইকীয়া
কলমৰ আগেৰে উৰিগ'ল চৰাই
পৰি গ'ল পাখি তাৰ
ৰঙীন ফুলেৰে মিনাকৰা।।
সপোনৰ আকাশ চুমি উৰি যাই …মনপক্ষী
মিলি যাই তৰাৰ লগত
নীলিম আকাশৰ নীলিম ৰাশিত।
নিলাজ তৰাই ফুতুকী আচলত…
ফুলতুলি
ফুলৰ মালা গাঁঠী…পিন্ধাৱ দৰা বৰণ
মৰমৰ জোনাকক।
জোনাক অগ্নিশৰ্মা হৈ
তিঙিৰি তুলা
খঙত।
চকুৱে চকুৱে জুইৰ ফিঙিৰতি উলাই
অঙঠাই কৰে খাণ্ডব দাহ।।
জ্বলি যাই সপোন বননি
নষ্ট হয় সেউজীয়া খিনি
ক'লা হৈ পৰে মনৰ আকাাশত ধূসৰ কুঁৱলী।
নেদেখে তৰালীৰ হাঁহি।
তাৰেই দুখত খহি পৰে
কবিৰ সপ্নৰ পাখি।।
[3/30, 12:59 PM] Dhanti Saikia: জন্ম দিনৰ উপহাৰঃ
🖊ধনটি শইকীয়া
মন যাই
উৰাৰ হেপাঁহ দেখো নেহেৰাই
কত সপোনে আজি…
ভাঙি যাই হিয়া
তথাপিতো তুমি সেও নমনা।
উচ্চ ভাৱনাৰ উচ্চ শিখৰত বগাই যোৱা তুমি…
যাত্ৰা তোমাৰ হওঁক সফলতাৰ…।
সফলতাৰ আকাশ চুই…
আহা …
মৰতলৈ…
নমাই সুখৰ বোৱতী ধাৰ…
তুমি মাথো লৈ লোৱা মুক্ত বতাহৰ জোৰ…
সেই জোৰতেই…আগবাঢ়া…পিছ নুহুকি
জীৱৰনৰ টান…।
তোমাৰ জন্ম সাৰ্থক হওঁক …
চিন থাকক মানৱতাৰ।
[3/30, 5:24 PM] Dhanti Saikia: অনুশোচনাঃ
🖊ধনটি শইকীয়া
তোৰ শিৰত কাৰ মুকুট অ' সেইটো…
এনেই পিন্ধি লাভ নাই যদি কাম নাই পেলাই দে তোৰ মুকুট।
বহুৱালি কৰি লাভ নাই
যদি কথা দি কথা ৰাখিব নোৱাৰ চিলাই কৰি থ'বি ফটা মুখ তোৰ…
মানুহক হাৰাশাস্তি কৰি নামাৰিবি।
কিদুখ কৰিলে দুবেলা দুসাজ খোৱা ,লঘুণে থকা মানুহবোৰে…
সিহতৰোটো ভাল দৰে জীয়াই থকাৰ মন।
তই বৰ বেয়া হ'লি অ
তোক দেখা লগে লগে খং উঠা হ'ল।
তোৰ ভাষণ শুনিলে এনে লাগে যেন…
বিষাক্ত হুলেহে গাৰ চাৰিও ফালে বিন্ধি আছে…।
ভিতৰৰ অগ্নিকুণ্ড ওলাই আহে…
ওচৰত পালেই নিজে নিজে জ্বলি যাবি।
বিদ্ৰোহ নকৰো আন্দোলনো নকৰো
কি লাভ এইবোৰ কৰি।
কাৰোৱাৰ খঙ ভগা ঢাৰিত উঠোৱা।
বাটৰ কচু গাত লগাই নলওঁ…
অন্ততঃ তহঁতৰ খজতি বোৰে গোটেই শৰীৰত খৰৰ পোতক নুতোলো।
অহা বাটেৰে আহিছ অহা বাটেৰে শান্তিৰে যা
সকলোকে বতাহে কোৱাই…
শান্তিৰ খেতি দৰা ধ্বংস নকৰ।।
[3/31, 6:41 AM] Dhanti Saikia: পুৱাৰ কিৰণঃ
🖊ধনটি শইকীয়া
পুৱাৰ সুৰুযে ৰঙালে মন…
হেঙুলীয়া হাঁহিৰে পাহৰাই দুখৰে প্ৰতিটো ক্ষণ।
অংকুৰিত সেই হাঁহিত জীপাল সেউজীয়া ,
ৰঙ সলাই হালধীয়া।
সোঁৱৰাই দিয়ে সুৰুযে
বিষাদ বনত ,বিষাদ ভাৱনাবোৰ…
আশাৰ ৰেঙনী তুলি মাৰে এটি মিঠা হাঁহি।
সুৰুয মাঠো জীয়াই থকাৰ এটি প্ৰজ্বলীত চাঁকি।
[3/31, 1:07 PM] Dhanti Saikia: বিষ…………ঃ
🖊ধনটি শইকীয়া
নিঠৰ বুকুত মাৰিলী যাঠি…
হানি খুছি গোটেই শৰীৰ হ'ল বিষালী…।
প্ৰতিটো দাগত বৈ যাই তেজৰ নদী…।
আজি ৰক্তহীন!…দুৰ্বল,শৰীৰটো যেন এদাল শুকান খৰি।।
[4/2, 10:53 AM] Dhanti Saikia: হাঁহিঃ……
ধনটি শইকীয়া
জীৱনৰ পুস্পিত উৎস
ভাগি ছিগি হয় খন্দ খন্দ
উন্মাদনাৰ অৱশিষ্ট অংশ।
তোৰ জীৱন হ'ব নিদিও যে ধ্বংস
মই উচ্চ কুলজাত বংশৰ।
তোৰ নিৰংকুশ জীৱনৰ
গৰ্বিত চেতনাৰ
পৰিব নিদিও ওৰ।
কলকল কৈ বৈ আহে
বোঁৱতী নদীৰ সুৰ।
সুৰত সকলো বিভোৰ
পাহৰে জীৱনৰ ভুত ভৱিষ্যতৰ চিন্তা গধুৰ।
কোলাহল মোৰ চৌদিশ
আৰ্তনাদৰ কৰুণ ৰাগীত।
ভাগি পৰে জীৱন বাঁহী।
শত জনতাৰ ধূসৰ চবি
অংকিত কৰোতে
চকুৱে নিগৰে চকুলোৰ নদী …।
নোলাই আজি দুখৰ হাঁহি।।
[4/2, 10:08 PM] Dhanti Saikia: বৰষুণ নহয় তই ধ্বংস কাৰী ছুনামীঃ
🖊ধনটি শইকীয়া।
তই খং কৰ কিয়!
তোৰ শব্দত গৰজি উঠে
বিজুলী ঢেৰেকনি…
আৰু খহি পৰে বজ্ৰ।
সেই বজ্ৰ ,শিলত খোন্দা
খাই জ্বলি যাই জুই…।
সেই জুইয়ে কত জনৰ বুকুৰ কোমলতা দহি দহি ছাই কৰে তাৰো সীমা…নাই।
ভয় লগা হ'ল তোক দেখি।
যেতিয়াই তেতিয়া ই গৰজি উঠি ধ্বংস কৰ পৃথিবী।
তোৰ নিদিষ্টতা নাই
নিয়মাৱলী নাই
যেতিয়া ই মন যাই উলট _পালট কৰি
বেমেজালিৰ সৃষ্টি কৰ…।
মনত পৰেনে তোৰ ৰাস্তাৰে গৈ থকা
নম্ৰ মানুহ জনলৈ!
কি দোষ আছিল তেওঁৰ ,
তোৰ বজ্ৰৰ আঘাটে যে নিষ্ঠুৰ ভাৱে হত্যা কৰিছিলি।
মনত পৰিলে তোলৈ ঘৃণা উপজে
তইটো কাৰো কথা নুশুন,
তোৰ ইচ্ছা মতেই কাম কৰ।
মানুহৰ মনত ত্ৰাসৰ সৃষ্টি কৰি
পূৰ্ণীমাটো নমাই আন আঁউসী সৃষ্টি কৰ ছুনামী
ধ্বংস কালীমা সান সুদুৰপ্ৰসাৰী।
[4/3, 11:24 AM] Dhanti Saikia: ৰঙীনতাৰ ছবিঃ
🖊ধনটি শইকীয়া
ৰঙা ৰঙ হেৰুৱালো মই কাহানিবাই।
হালধীয়া ৰঙে আমনি কৰে মোক অজানিতে।
ৰঙা ৰঙ…হালধীয়াৰ সংমিশ্ৰনে কত জীৱনৰ
পোহৰৰ সলনি এন্ধাৰ আনে।…
তাৰেই এটি নিভাঁজ কোনত তুমি আছিলা ৰৈ ।
অপেক্ষাৰে মনৰ পদুলীতে ৰৈ।
দূবৰি চিকুনাই থ'লা বুকুত
কোৰৰ চাবতে হেৰাল দুখো ।
ঘামে তিতা মন আজি ভিজা ভিজা।।
সলালা কাপোৰ মলিয়ন বুলি ।
শুভ্ৰ পোছাক পিন্ধি ক'লৈ যোৱা তুমি
ৰঙ লাগে যদি
সেই দাগ নাযাব কাহানিও।
তুমি ৰছকি পখিলী
কত জন পিছে পিছে যাই পাঁহি ধৰো বুলি।
স্পৰ্শ কৰাৰ লগে লগে যাই ছিঙি ভাগি।
সেই দুখতে আজি নোপুৱাই দেখোন ৰাতি।।।
[4/3, 2:17 PM] Dhanti Saikia: অনুভৱ ……সুন্দৰ,,,
প্ৰেমৰ অনুভৱঃ
🖊ধনটি শইকীয়া
মৰম মৰম বুলি
ভাগৰি পৰিলো
নাপালো মৰমৰ সহাৰি।
কিয়নো গ'লাগৈ
মোৰ
মৰমক দুভৰিৰে মোহাৰি গছকি।
আতৰি নাযাবা মৰমৰ বহনা
মৰম নহয় পুতলাৰে খেলা।
তুমি কন্যা মই দৰা
তিলকতে ভাঙি
সাজো জীৱন সুৰীয়া।
পাহৰি যাওঁ সেই মুহুৰ্তৰ কথা।
মৰমে নুজুৰাই মৰমে নভৰে হিয়া
যদি হে নিদিয়া সচা মৰম
মৰম হ'ব আধাতে মৰা…।
প্ৰতি শ্ৰুতি দিবানে ?
দুখন হৃদয় এক হোৱাৰ।
[4/3, 5:36 PM] Dhanti Saikia: আৰম্ভনীৰ পৰাই তুমি
তুমি হৈ আছিলা…
তুমি মাথো মোৰ হৃদয়ৰ টুকুৰা
হৃদয়ৰ ৰঙা বোৰত তুমিয়েই জিলিকি থাকা
ৰঙা বোৰ আজি সুৰুয হ'ল
সুৰুযৰ ৰঙেৰে বিকশিত ধৰণী।
বুকুত আজি ফুলে নানা ৰঙী ফুল
জীপাল হ'ল সতেজতা আৰু সেউজীয়া।
সেউজীয়া বোৰে হাঁহিছে
কোমল কুঁহিবোৰে নতুনত্বৰ আভাস পালে।
ন কুঁহিবোৰ ৰ'দৰ তাপত লেৰেলি শুকাল…
শুকান বোৰে হৃদয়ৰ ৰঙ বোৰ লৈ গ'ল।
থৈ গ'ল ধুলীৰে মলিয়ণ হোৱা চোলাজোৰ।
সেই চোলাজোৰ পিন্ধি ওলাই যাওঁ
কোনোৱে ঘূৰিয়েই নাচাই…
লেতেৰা পোছাকত হেনো আদৰ নাই,,,,
আদৰ বাঢ়িব ক'ত যাক আপোন বুলি ভৱা হয়
সিও কৰে অনাদৰ…
ফুলি থকা ফুলপাহ ছিঙি মোহাৰি পেলাই থৈ যায়।তাতো অনাদৰ
সকলো মাথো অৱহেলাৰ পাত্ৰ হৈ ৰয়
সোনৰ পাত্ৰত পানী নথ'বা
চেকা লাগিলে সোনৰো নাথাকে আদৰ।
ভৰপুৰ পাত্ৰটি হেন্দোলনিত পৰি যাই পানী ।
সম্পূৰ্ণতাত কেনা লাগি সিও হৈ পৰে তাকৰ।
শিকিছো অলপীয়া বস্তুৰে হৃদয় জুৰাৱ।
সম্পূৰ্ণতা মাথো সপোন
দাপোনত চালে দেখো
নিজৰ শৰীৰৰ আবুৰতা বোৰ ।
আজি তাকেই সাৱটি ৰছি যাম স্মৃতি গধুৰ।
[4/4, 11:29 AM] Dhanti Saikia: সপ্ন ঃ
🖊ধনটি শইকীয়া
এন্ধাৰে আৱৰা বাৱে মম জ্বলাই ল'লো ।
চাৱলৈ ধৰিলো জোনৰ মুখত জিলিকি থকা
সপ্নবোৰ।
তোমাৰ হাঁহিত নাচি উঠিছিল ৰঙা পৰা দুগাল।
দুগালত জিলিকি উঠিছিল চন্দ্ৰকলা।
ভয়ত চাত মাৰি ধৰিছিল চকুজুৰি।
ভাৱনাই বিচাৰি নুপোৱা আশা…
আশা বোৰ গ'লি ছাই হ'ল।
জোনৰ মুখখনি আজি সকলোৰে বাৱে সপ্ন হৈ ৰ'ল।
[4/4, 2:17 PM] Dhanti Saikia: বাধা…মাথো মাথো…ঃ
🖊ধনটি শইকীয়া
শিল যেন চেচা হৈ আহি…
বৰফ হৈ গ'লি গ'লা…
মৰমৰ জ্যোতিত সেমেকি যোৱা হিয়াখন…
স্পৰ্শ নকৰোতেই…
নিৰলস পনীয়া।
বেজীৰ আগেৰে নৈ বৈ যায়…
সৰু কথা বোৰ পাহাৰৰ দৰে ওখ হৈ যায়।
পাহাৰবোৰ কঠিন
কোনোবা ঋষিৰ অভিশাপৰ ফল হেনো।
মৌচুমী বতাহ জাকে কোবাই…
দুয়োফালে বন্যাৰ সৃষ্টি কৰে
কঢ়িয়াই আনে দুখ মাথো দুখ…।
দুখৰ চকুলো বয়…
আন্ধাৰো থমকি ৰয়
মৰমৰ জ্যোতি যেন আজি নুবুজা সাথঁৰ।
বাধা বোৰ যেন
সুৰুযৰ মুখৰ কলীয়া ডাৱৰ।।
[4/4, 6:13 PM] Dhanti Saikia: ব'হাগৰ সুৱাস…ঃ
🖊ধনটি শইকীয়া,
ব'হাগ মাথো আনন্দৰ জোৱাৰ।
পৃথিবীৰ সংৰছনাবোৰ জীপাল হোৱাৰ পথাৰ।
প্ৰকৃতি হৈ পৰে উন্মনা।
নাছি উঠে প্ৰকৃতি আৰু বিহংগ পক্ষী।
নাছৰ চেৱে চেৱে উল্লাসিত হয় মন।
ভৰি পৰে ধৰণীত সেউজীয়া বন।।
প্ৰকৃতিৰ বুকুত হাঁহিৰ জোৱাৰ আহে
সেই হাঁহিত মৌচুমীয়ে বা লগাই ,,আচল খন উৰুৱাই নিয়ে।
মন নাছি উঠে বাজে ঢোল পেপা
বিহুগানৰ সুৰত নাছি উঠে দেকা আৰু বুঢ়া।
গাই গান সমন্বয়ৰ
হেপাঁহ আছে একত্বি কৰণৰ।
একতাই আনে দিয়ে বল।
অসমীয়া জাতিৰ শাখা প্ৰশাখা মিলি বিহু মাৰো ব'ল।
অসমীৰ প্ৰাণ জীয়াই থাকিব
যদি হে একতাৰ এনাজৰীয়ে বান্ধ খাই থাকিব।
আই তোক কৰিছো প্ৰণাম ।
ৰাখি যাওঁ অসমীয়াৰ মান।।
[4/5, 12:16 AM] Dhanti Saikia: জীৱন যুদ্ধঃ
🖊ধনটি শইকীয়া
কলম ধৰো …
ভাবো যুদ্ধ কৰো
শত্ৰুৰ লগত
চিয়াহীৰ শক্তিৰে
কলমৰ ধাৰে
সাহসিকতাৰ পৰিছয়
দি
ৰঙাৰাঙলী কৰিম
শৰাইঘাট …।
খেদিম বিদেশী…
শোষণ কাৰী মোগল।
কৌশলৰ অভাৱ হৈছে
অস্ত্ৰবোৰ যেন মামৰে ধৰিছে…
হাতত তুলাৰ লগে কঁপনি উঠে
আকৌ পুৰণি বেমাৰে উকাই
যদি কাৰোবাৰ সহাৰি নাথাকে কিমান যুজিবা অকলে ,
ভাগৰি পৰিছো
জীৱন যুদ্ধত।
মাথো সহাৰি
উকা কাগজ
কলমৰ চিয়াঁহী।।
[4/5, 1:17 PM] Dhanti Saikia: বিশ্ব কাণ্ডাৰীঃ
🖊ধনটি শইকীয়া
মনে মনে গুনগুননাই …
শাৰদীৰ গীতে মন জুৰাই
আনিলা বসন্তৰ কোমল পৰশ।
তুমি কোন শতিকাৰ কালান্তক পক্ষী …
তোমাৰা হৰ্ষ বিষাদে আছে মন ভৰি…।
বুজিও নুবুজা হোৱা
জানিও নজনা হোৱা
মনে লোৱা জুতি…
নুবুজা হাঁহিৰ ভকতি।
ৰসাল সাৰুৱা তুমি
হেপাহৰ ফুলনি আলফুলে সজাই, তুলিলা ৰমকজমক কৰি
তুমি জানো…মনোৰমা মালী।
ফুলৰ মালীতা ,
ফুল বুটলী…ৰূপৰ খনি তুলি সজাই তোলা বিশ্বফুলনী।
বিশ্বৰ ভাণ্ডাৰী হাঁহি হাঁহি ফুটাই তোলা মনফুলনী
তুমি মাথো বিশ্বকৰ্মাৰ জীয়ৰী…
ৰাখিছা কীৰিতী বিশ্বখনত সৌন্দৰ্য্যৰে ফুতাই তুলি।
আধৰুৱা ৰাগীত ৰাগিনী তুলি …ঘৃনীত চবি…
সমালোচনা কৰি ৰূপ দিয়া সভ্যতাৰ আতিগুৰি মাৰি…।
তুমি মাথো সভ্যতাৰ আদিম সৃ্ষ্টি।
কল কল কৰি বৈ যাই নদী, প্ৰাণ পাই গজি উঠে …সঞ্জীৱনী তানত পৌৰনি কলীয়া সভ্যতাৰ ভেটি।
চাঙ পাতে ,তলৰে পানী
বৈ যায়।
ওপৰত জীৱন জুৰাই।নদীৰ ওখ বালিচৰত জীৱন সজাই,
ন ন কৌশলেৰে সজালে সমাজ গঢ়িলে কৃষ্টি।
শান্তিৰ পৃথিবীত শান্তি বিছাৰি
বঢ়ালে মিলাপ্ৰীতি…গঢ়ি উঠিল সমন্বয়ৰ তীৰ্থভুমি।
বাঢ়িল আকোলতাৰ বান ।
ঠেক মনৰ ভড়ালৰ ধান,
উটি গ'ল মস্তিষ্কৰ বিকৃত বানত…।
সেউজীয়া…মাধুৰী প্ৰাণ।।
[4/5, 3:19 PM] Dhanti Saikia: আধৰুৱা স্মৃতিঃ
🖊ধনটি শইকীয়া
অস্তাচলত পৰি
দুখবোৰে মাৰিছে ভূমুকি,
বুকুৰ নিভাঁজ কেচাঁবোৰ
শুকাই খমখমীয়া।
মনৰ কেচাঁ আলিবোৰ পকা হ'ল…
মসৃণতাৰ বাৱেই কিনকিনীয়া বৰষূণত
পিছলি …
কত জন আহত ,নিহত
আৰু কত জনে মৃত্যুৰ ক্ষণ গনিছে।।
টোপাল টোপাল কৰি তেজৰ নৈ বৈ যায়।
খোজৰ চেৱত মঙহবোৰ
জৰ্ জৰ্ কৰি সৰি…
বিভীষিকাৰ বুৰঞ্জী পঢ়ে।।
অপৈণত কালজয়ী ঔপন্যাস বোৰে
নষ্টা লজিয়া ছবি বোৰ
ধোঁৱা বৰণীয়া কৰি,
শগুণ ,চিলনীৰ দৰে
উৰি থাকি…দূৰৈৰ পৰা চিকাৰৰ সম্ভেদ লয়।।
দৃষ্টি সিহঁতৰ দিগন্ত প্ৰসাৰী।।
নিমিষতে চিকাৰ কৰি…
চাফা কৰে ধৰনী।
আধাখনিয়া সপোন বোৰ…
অৰ্ধ সুৰুযৰ…হেঙুলীয়া ৰঙত মিলি
শতকলীয়া স্মৃতি বোৰ
ভাঁহি আহে…।
আপোন জনো আজি অচিনাকী বিদেশী…!
হেৰাই গ'ল আজি সৰাপাতৰ
চিহ্নিত কাল জয়ী ছবি।।
[4/6, 10:07 AM] Dhanti Saikia: জীৱনৰ সুৰঃ
🖊ধনটি শইকীয়া…
শেষ হ'ল সময়ৰ ত্ৰান
শেষ হ'ল সময়ৰ বান।
নাহে আৰু ঘূৰি সময়ৰ পখিলী
জীপাল নকৰে সি সুন্দৰৰ ফুলনী।।
সুন্দৰতাৰ আভূৱা মাৰি
সজালে বেসুৰা গীত।
গীত নহয় সি কোলাহল
জাগি উঠে আধুনীকতাৰ কৌতুহল।
নিমাসিক নিতাল …দুৰ্ভীক্ষ আকাল।
জীৱন মৰনৰ
পাতে মায়াজাল।
ভোকত কাতৰ সকলো
পাহৰি নৈতিকতা…মানৱতাৰ ভড়াল।
জীৱনৰ ঘাটে ঘাটে
অময়া মধুৰ তানে
বজাই বীণা…
হাতৰ আঙুলীৰে…।
নুশুনী সুৰৰ ঝংকাৰ
শুনি কেৱল সুৰৰ বেবেজীয়া ঢাল।
এইয়া মাথো জীৱনৰ অমোৰ্ঘ তাল।।
[4/6, 10:15 AM] Dhanti Saikia: প্ৰেমৰ আকাশঃ
🖊ধনটি শইকীয়া
আকাশ ফুটা
কলীয়া ডাৱৰে আৱৰা।
নিভাঁজ আস্ফালন
ওলাই হেঙুলীয়া আভা।
ৰিণিকি ৰণিকি বাজে
দূৰৈত কৰুণ বাঁহী।
অন্তৰ বিভোৰ
নিগৰিত হয় অশ্ৰু
নিদাঘ কালীমা সানি।
জোনৰ মুখত ক'লাদাগ।
ভস্মিত কৰে সুৰুযে
বুকু বিদাৰি
নিপাত কৰে
অন্তৰৰ পুৰাতন জুই।
প্ৰেমৰ সুৱাসে আজি
নপলাই হিয়া শাত।
দূৰৈৰ বাঁহী সুৰত
ভাঁহি আহে কৰুণ আৰ্তনাদ।
কোন তুমি?
বীৰৰ বীৰ্যজাত।
তোমাৰ ৰঙীন হাঁহিত
অন্তৰৰ জুই কুৰা পৰি যাই শাত…।
তুমি আকাশ …
আকাশৰ বিশালতাত
ক্ষন্তেক জিৰাই
জোনাকীৰ সুৱাস পাই
লাজুকীয়া চেহেৰা লুকাই।।।
[4/7, 12:22 PM] Dhanti Saikia: পাগলা…ঃ
🖊ধনটি শইকীয়া
ৰাস্তাৰ কাষত পৰি থকা শিল বোৰে
ভোক বোৰ গিলিছিল।।
কোনোবাই উপঢৌকন দিছিল ।
সাদৰে গ্ৰহণ কৰি
দলিয়াই দিছিল সেইবোৰ।
বুটলী আনি গিলিছিল পুনৰ।
পৰম তৃপ্তিৰে কামুৰি পেলাইছিল…
মনে মনে খঙত ভূন ভূনাই …আকাশৰ বুকুলৈ…চাই
অদৃশ্যৰ প্ৰমাদ গনিছিল।
পুনৰ সপোন বোৰ
মুঠি মাৰি আৱেগিক হৈ
আৱেগ বোৰ দুহাতেৰে চপাইছিল।
বহু বাৰ চেষ্টা কৰি মুৰ তুলি দৃঢ় হয়……
আকৌ ভোক বোৰে চেপি ধৰে
বোকা মাটিতেই…
স্মৃতিৰ শয়নে দলিছা পাৰি দিয়ে।।
চকুলো বোৰ বৰষুণ হৈ পৰিছিল…
দুখ বোৰ বৰফ হৈ গলিছিল…
কি যে অদ্ভূত…দৃশ্য…।
দুখ বাৰু কি সিহঁতৰ…।
আকাশেই সিহতৰ ঘৰ…
নীলাবোৰ সিহঁতৰ অনুভৱ।।
হাঁহি বোৰ যেন সিহঁতৰ
জোনৰ বুকুত লুকাই থকা দাগবোৰ।।
[4/7, 12:52 PM] Dhanti Saikia: মনৰ বাৰিষা…ঃ
🖊ধনটি শইকীয়া
তোমাক দিৱলৈ মোৰ একো নাই…
থকাবোৰো হাততেই হেৰাই।
অৱহেলিত মনে সকলো টলাং কৰিলে
দেখিও নেদেখাৰ ভাও জুৰে।
মোনা ভৰাই দিছিলো মৰম …
তাৰ বিনিয়মত দিছিলে
এজাক বিষাদৰ বৰষূন।
বুকুৰ নিঁভাজ কোনত গৰজি উঠিল বিজুলী ঢেৰেকনি।।
বাৰিষাৰ বলীয়া বানত
উটি গ'ল…
সকলো কোঙা কৰি উদং বুকু আৰু…
প্ৰেমৰ হাঁহি।
[4/7, 9:42 PM] Dhanti Saikia: সন্ধ্যাৰ আলোচনাঃ
🖊ধনটি শইকীয়া…
সন্ধ্যাৰ আগে আগে
স্মৃতিৰ বতাহ জাকে
কোবাই গ'ল…মন গহনত।
সৃষ্টি কৰে কথাৰ প্ৰাঙ্গন।
সৰি পৰে তৰা…কথাৰ আখলত…
যেন বহুযুগৰ কালজয়ী উজ্বল মুকুতা…।।
মুকুতাৰ উজ্বলতাৰ ভাজে ভাজে…
মনৰ সকলো কথা বাগৰি যাই।
বাগৰি যাই জীৱন জড়িত কত ঘটনা।
কত আলোচনা কত সমালোচনা…ভৱিষ্যত স্বাৱলম্বী হোৱাৰ ব্যৱস্থাপনা।
দৰিদ্ৰতাই হাড় কপোৱা জাৰ…
হৃদয় ঠৰাহৰি কম্পমান
উপায় তাৰ লালিত্যমান
ই যেন আজীৱন বংগগত অধ্যায়…।
সামৰনি পৰিব নাটক…
যেতিয়া…পৰিচালকে
গাব অপৰাধ বিনাষণ।
তুমি টো কৈছিলা তোমাৰ জীৱনৰ আধাৰ হেনো কৰ্ণ ।
ব্ৰত
সত্যই ধৰ্ম।
লক্ষ্য সুদৃঢ়
দানবীৰ কৰ্ণ।।
দৰিদ্ৰতাৰ সাহস সনন্বয়ৰ প্ৰতীক…আমি মাথো এক স্বপ্ন।।
[4/7, 11:19 PM] Dhanti Saikia: বুকুৰে ৰঙামনি
ৰঙা গুৰা তেজঢালি
ক'লৈনো মেলিছ ঢাপলি
পাছে পাছে তেজৰ নদীবৈ যায়।
সপোনৰ আচল মেলি
আচলত পৰে ধুলি
টানি টানি ফিচিকে চাদৰ…
পুৰণি বসন তোৰ ক'তেনো আছিলে পৰি
মৰমেৰে থাপি থুপি
শুৱনি কৰিছিলি বাকচৰ তল।
যি বাটে যাৱ তই সেই বাটে শুনো …
হত্যা লুণ্ঠন অপহৰণৰ ৰুন
নুশুনে বগা সাজে
পবিত্ৰ অন্তৰত লগাই
চেকা…
ৰামায়ণৰ সুচনা কৰে
বহুতৰে মুখত শুনো তই হেনো পাতাল পুৰৰ বাসিন্দা।
সতীত্ব ৰ ফটকা ফুটাই
আজি তই লাঞ্চিতা উপেক্ষিতা সমাজৰ দুটি নয়নত ।
এই সমাজেই ৰাতিৰ এন্ধাৰত মমৰ পোহৰত
হত্যা কৰিছিল তোৰ শিৰৰ সেন্দুৰীয়া জোন।
আজি তোক কলীয়া ডাৱৰে ঢাকিলে
লাজৰে উৰণি টানি
কোন দিশ যাৱ
মুখৰ উজ্বলতা ম্লান পৰি গ'ল।
খোজৰ লহৰত শব্দ নুহোৱা হ'ল।
জীৱনৰ খলা বমা বাটত পৰি হেৰুৱালি
উদীপ্ত হেঙুলীয়া বৰণ।
তোৰ খোজত আজি ফুল নুফুলে…
ভোমোৰাই গুন গুনাই মৌ প্ৰাণ নকৰে…
সকলোৰে মন ক'লা…
তই আজি শেতা পৰা পখিলা…
নাৰীৰ নামত কলঙ্কিতা
হেৰুৱালে তোৰ উজ্বল বৰণ ।
বদনে আনিলে মান ।
বৰ্বৰ মানে তোৰ কৰিলে সতীত্ব হৰণ ।
প্ৰয়োজন মাথো সাহসী
ব্ৰিটিছ ৰূপী বগা মানুহৰ…।
[4/8, 5:55 PM] Dhanti Saikia: উকা হৃদয়ঃ
🖊ধনটি শইকীয়া
মোৰ হ'লে দিৱলৈ
একো নাই
বুকুৰ বিষাদবোৰ কোনোবাই কাঢ়ি লৈ যায়।
কলিজাৰ এটুকুৰা তেজপুৰা…ঘাঁ ।
সিও পকি পুঁজ হৈ গ'ল
যিমানে স্পৰ্শ কৰা ওলাই মাথো বগা তেজ।
জীৱনৰ টেঙাখিনি
বতাহে শুঁহি লৈ গ'ল। সোকোতাবোৰ
লেৰেলি গ'ল
জিভাৰ তৃপ্তি নপলাই আজি।
ভেকুঁৰ গজা স্মৃতি বোৰে
নোমাল কৰে দুখৰ ভেটি
দুখবোৰ ঠেতেলা খাই পৰি গ'ল সৰি ।।
[4/8, 11:20 PM] Dhanti Saikia: ফুটুকি পখিলাঃ
🖊ধনটি শইকীয়া
বাটতে ৰৈ থাকো আহিবা বুলি…।
লাজ ভয় কাটি কৰি…
কেতিয়ানো আহিব মৰমৰ নীলাঞ্জনা…।
শাৰী পাতি গৈ থাকে …
ৰঙীন পখিলা
…হেৰাই সময়ৰ ঠিকনা।
বিছাৰি ফুৰিলো কত ফুলনি বাগিছা
…ভাগৰি পৰিলো নাপালো তোমাৰ ঠিকনা।
নুশুনিলো তোমাৰ কোলাহল, সুৰৰ মুৰ্ছনা…
নেদেখিলো তোমাৰ লাজুকী খোপা…।
তুমি মোৰ অন্তৰৰ বন্ধ দুৱাৰ
খোলা…কৰি গুছি গ'লা।
খোলা হৈ থাকিল নামাৰিলো…আশাৰ তলা।।
সেই আশাতে বিছাৰিছো তোমাক…
বিছাৰি নাপালো মৰুভূমিৰ মৰিছীকা
পালো মাথো আপুৰুগীয়া চিহ্ন জীৱন বিভীসিকা।…
কবিতাৰ অস্তাচলত বান্ধিলো তোমাক…।
ভাব বোৰ আজি বাৰিষাৰ বানত নিগৰিত অশ্ৰুৰ টোপোলা।।
[4/9, 2:28 PM] Dhanti Saikia: সুগন্ধী পখিলাৰ প্ৰেম……
🖊ধনটি শইকীয়া
ভাল লগা বোৰ কেতিয়ানো ভালপোৱা হৈ যাই ধৰিবই নোৱাৰি…
নহয়নে বাৰু?…কোৱাচোন কোৱা ফেচবুকৰ অচিনাকী ছোৱালীজনী…
তোমাক সুধিছো…?…
এদিন মাজনিশা সুধিছিলো…ইমান ৰাতি কি কৰিছা ……!
:
কি কৰিছা ফেচবুকৰ অচিনাকী ছোৱালী জনী।
কোৱানা কি কৰি আছা বাৰু…ইমান ৰাতি…
মাজ ৰাতি শিয়ালৰ ৰাওচি যোৱা চিঞৰ শুনিছা…হয়তো কেতিয়াও শুনা নাই
শুনিলে ভয় খাৱা…?
সেয়েহে কৈছো…মানুহৰ আৰ্তনাদ আৰু শিয়ালৰ চিঞৰ প্ৰায় একেই…
সেই ভয়াতুৰ চৰিত্ৰৰ আঁৰত তুমি টোপনি যোৱা…ফেচবুকৰ অচিনাকী ছোৱালী
অ তোমাক কৈছো…!
…সচাকৈ ৰাতি গভীৰ হৈ আহিছে এতিয়া টোপনি যোৱা…
পুৱা সোনকালে উঠিবা…দেই ফেচবুকৰ অচিনাকী ছোৱালীজনী।
মনত আছে তুমি য়েই কৈছিলা…বোলে…
ফেচবুকৰ প'ষ্ট কমেন্ট বোৰ চাই আছো…
চাই থাকোতেই পালো…
হিৰুদাৰ কবিতা…
তেওঁৰ কবিতাই মোৰ টোপনী ভাঙিলে…!
আৰু কৈছিলা
পৰিছোনেকি বাৰু …মই সুগন্ধী পখিলাৰ প্ৰেমত।
প্ৰেমত পৰিছা তুমি…?
তাকো কবিতাৰ প্ৰেমত …
কি যে কোৱা আৰু ফেচবুকৰ অচিনাকী ছোৱালী জনী…?
মই সচাকৈ কৈছো শুনা
মই যে এই মাজনিশা তোমাৰ কথাৰ প্ৰেমতেই পৰিছো ?
তেতিয়া তুমি কি কৰিবা…ফেচবুকৰ অচিনাকী ছোৱালী…জনী…অ তোমাক কৈছো…উত্তৰ হা নে না।
নিশ্চূপ হৈ ৰৈ গ'লা কিয়… …
কি হ'ল ফেচবুকৰ অচিনাকী ছোৱালী জনী…
মৌন হৈ গ'লা যে…
নহয় অ…আকাশৰ বিশালতা আৰু সাগৰৰ গভীৰতা জোখা টান
ঠি ক তেনেকৈ প্ৰেমৰ ঠিকনা বিছাৰি পোৱা বৰ টান অ…
ফেচবুকৰ অচিনাকী…ছোৱালী জনী…
অ তোমাক কৈছো…
এবাৰ ভাল পাই…চাবানেকি?
ভাল লগাবোৰো ভাল পাবলৈ শিকাম…
প্ৰেমৰ জখলাত বগাই…বিশাল আকাশৰ বুকু থিতাপি ল'ম…জোনক থপিয়াই চাম …পাৰিলে আকাশৰ তৰা থাপমাৰি তোমাৰ খোপাট গুজি দিম…ফেচবুকৰ অচিনাকী ছোৱালী জনী…তোমাকেই কৈছো
শুনিছানে…আৰু বুজিছানে মনৰ কথাবোৰ।
তোমাক সচাকৈ ভাল পাই পেলালো…
আৱেগ আৰু মনৰ কথা বোৰে হৃদয়ত খলকনি
তুলি তোমাৰ নামটেই কবিতা নিগৰিছে…!
কবিতাৰ শিৰুনাম কি থৈছো জানানে…
প্ৰেমৰ সুগন্ধী পখিলা।
তোমাৰ উত্তৰৰ আশা কৰিলো ফেচবুকৰ অচিনাকী ছোৱালী জনী…কি কৈছা…আকৌ এবাৰ কোৱা বুজি পোৱা নাই,,
…কি?……"সচাকৈ মইও তোমাক ভাল পাই পেলালো"
তোমাৰ নাম কি আছিল বাৰু…?
মৃদুস্মিতা………
অ তুমি য়েই মোৰ প্ৰেমৰ শলিতা…
কোৱা প্ৰেমৰ চাকি গছি মোৰ হৃদয়ত জ্বলাৱানে নজ্বলোৱা…।।
[4/9, 6:20 PM] Dhanti Saikia: দুৰণিৰ পৰা ৰ' লাগি চোৱা…,
হেপাঁহৰ আজলী…ফুটুকী পখিলা জনী…
আহাচোন এবাৰ কাষলৈ…।
কোৱাচোন ক'লৈ যোৱা মনৰ আচল তাৰি…।
সপোনৰ …গাৱলৈ কিমান দুৰ…।
তোমাৰ হেনো সপোন গাঁৱত ঘৰ।শুনিছো তাত হেনো
শান্তিৰ প এখনি চ'ৰা আছে ।
য'ত শান্তিৰ ফুল বোৰ ফুলে…
আৰু শান্তি আৰু মিলা প্ৰীতিৰে হেপাঁহৰ ফুলনিখন …উজ্বল কৰি তোলে…।
এতিয়া ক'ত যোৱা তুমি…
সেই পাৰলৈ নাযাবা
তাত আছে বিজ্ঞানৰ ক'লা ধোঁৱা…বোৰ…
অশ্লীল পৃথিবীৰছবি বোৰ
হত্যা আৰু লুণ্ঠনৰ নৰ কংকাল বোৰ…।
য'তেই খোজ দিয়া সকলো ভয়াবহ আৰু যন্ত্ৰনা কাতৰ …
সেই পাৰলৈ নাযাবা হেপাঁহৰ পখিলী…
অসত্য আৰু অশুদ্ধতাৰ মাজত সত্য আৰু শুদ্ধবোৰ হেৰাই যাব।
তুমি মাথো আৱৰ্জনাৰ এচুকত থাকি নৰকৰ ক্ষণ গনিব লাগিব ।
হেপাহৰ পখিলী সেই পাৰলৈ নাযাবা তুমি?
[4/9, 7:26 PM] Dhanti Saikia: দিঙা বাই দিঙা বাই ক'ৰেনো নাৱৰীয়া …
এই কাল সন্ধ্যা…ক'লৈ যোৱা…।।
ভটিয়াই ভটিয়াই আহি
উজনী চাপৰি পালাহি…
নাওঁ বান্ধি ক'লৈ যোৱা…
আছে জানো তোমাৰ চিনাকী কোনোবা…।
জীৱনৰ গীত বোৰ গাই যোৱা নাৱৰীয়া…
দেহা থাকিলেহে বেহা…
এই সংসাৰ অসাৰ সংসাৰ…
জীৱন মাথো কচুপাতৰ পানী।।
দেহতত্ব ৰ সুৰীয়া ৰাগীত …
শান্ত…পৃথিবী শান্ত পক্ষীৰ গুন গুননি।।
মনোমুগ্ধ সকলো …
পাহৰি যাই…
জীৱনৰ দুখৰ চকুলো…
মৰততে…বৈকুণ্ঠ নামিল…
স্নেহপ্ৰিয়া তোমাৰ কণ্ঠত জাগি উঠে হিয়া……।।
[4/10, 2:00 PM] Dhanti Saikia: 🙏🏽 নৱাৰুণৰ ওপৰত এমুঠি অনুভৱ…
নৱাৰুণঃ
🖊ধনটি শইকীয়া…
নৱ বৃষ্টি…বৰষিব ধৰে…
নৱ আলোকৰ নৱ জ্যোতিত…আলোকিত হয়…নৱ চেতনাৰ ভংগী।
নতুনত্ব ৰ ভেটি তুমি নৱাৰুণ।
একতাৰ ভেটি তুমি নৱাৰুণ।
তুমি মাথো লক্ষ্য…!
আমি
কাৰ্যক্ৰমনিকাৰ জটিল সিদ্ধান্ত।।
যুগৰ নক্ষত্ৰ হোৱা জিলিকি থাকা যুগে যুগে।
জগাই তুলা ৰঙ…
স্ফুতিত হওক জীপাল সেউজীয়া বৰণ…।।
শুকান হ'ব নিদিবা নৱাৰুণৰ মজিয়া…
মনৰ ভিতৰৰ ক'লাবৰণীয়া ৰঙবোৰে…
শুভ্ৰ বৃষ্টিক…মলীয়ণ নকৰিবা…।।
ব্যক্তি সদায়…লক্ষ্যৰ প্ৰতীক…
লক্ষ্য পুৰণৰ বাৱে…কাৰোবাৰ মনক আঘাট দিয়া অনুচিত।
ব্যক্তিগত চেকাবোৰে পৰিয়ালটো কিয় ধ্বংস কৰিব খুজিছা।।
নকৰিবা…সততাৰ অহিত চিন্তা।
সৃ্ষ্টিৰ আঁৰত লুকাই থাকে শত্ৰু…
শত্ৰু মাথো শত্ৰু!
মিত্ৰতাৰ গন্দিত …লুকাই থাকে…
শত্ৰুতাৰ অভিসন্ধি…।।
কিয় পাহৰিছা…সৃষ্টিৰ আদিপাঠৰ কাহিনী…
তাৰ লগত জড়িত
ত্যাগ…আৰু কষ্টৰ গাঁঠনি।
লুপ্ত কৰা…ৰজাৰ নীতি…
সৃষ্টি কৰা…এমুঠি আলোক…
য'ত লুকাই থাকে…
নৱচেতনাৰ বৃষ্টি।
নৱাৰুণ মাথো নৱ বৃষ্টি
নৱ জ্যোতিৰ
নৱ সৃষ্টি।।
অন্ধকাৰ পৃথিৱীৰ আলোকিত ৰশ্মি।।
[4/10, 6:19 PM] Dhanti Saikia: জীৱন সুৰভি:……
🖊ধনটি শইকীয়া
তুমিয়েই মোৰ জীৱন সুৰভী…
দিন- ৰাতি তোমাৰেই দেখো সপোন …
তুমি মাথো কলিজাৰ…আপোন।।
সেউজবুলীয়া ভাব বোৰে আমনি কৰে সোনাৰুফুলীয়া মন।
আশাসুধীয়া মনটোৱে জীপাল কৰে মনৰ আকাশ খন।
মিলনে বজাই …বীন মিলনৰ মাধুৰীবনত।।
তুমিও নোকোৱা খুলি
মনৰে কথাবোৰ…
আপোন ঘৰত।।
প্ৰেমৰ এটি সুৰ হৈ গুছি যাম তোমাৰ কাষলৈ…
তুমি নকৰিবা আওকান !
প্ৰেমৰ বুকুচাত …লৈ আহিম তোমাক…।
জিৰণি ল'বাহি মোৰ ৰঙা কলিজাত।।
[4/11, 8:26 AM] Dhanti Saikia: বিধবাঃ
🖊ধনটি শইকীয়া
বুকুৰ আচল শুৱাই
পদূলী লুকোৱাই তাই গুছি গ'ল।
তাই গুছি গ'ল স্মশান শালীলৈ…
হিয়াধুনি কান্দিছে …উচূপী উঠিছে…
শীৰৰ সেন্দুৰ মচি তাই কান্দিছে!
বিধাতাই কাঢ়ি নিলে…
তাইৰ আপোন জন
উন্মাদ হৈ পাহৰি গ'ল
আজি তাই পথভস্ত্ৰ…
বাটৰ কাষৰ আৱৰ্জনা।।
সমাজৰ দৃষ্টিত…
তাই লাঞ্চিতা লজ্জিতা,নিৰ্য্যাতিতা……।
তাই হেনো বিধবা……
শুভ্ৰ বষণ তাইৰ আভৰণ।
সমাজৰ চকুত তাই আচহুৱা…।
জীৱন্ত এটি জকাঁ।
কেনিগ'ল স্পন্দন জৰ্জৰিত শ্বাস -প্ৰশ্বাস।
হেৰাই গ'ল সপোনৰ ৰূপালী জোনাক…
হেৰাই গ'ল শীৰৰ জ্বলন্ত সোনালী আভাস। ।
[4/11, 5:18 PM] Dhanti Saikia: খৰাং পৃথিবীঃ
🖊ধনটি শইকীয়া…
শুকাই পদুম কলি পাৰতে মৰহি…যায়।
নদীবোৰত পানী দেখো নাই।।
বতৰ খৰাং নুশুনে কাৰো মাত…
তৃষ্ণাতুৰ ভেকুলীবোৰ লাজতে লুকাই।।
বুকু খৰাং কৰি…গুছিগ'লা তুমি
এবাৰো মোৰ কথা নাভাবিলা।
বৰষাৰ পিছতেই খৰাং নমাই…
আকালৰ সৃষ্টি কৰিলা।
য'তেই যোৱা ধুলিময় পৃথিবী
ধুলিৰ লগত মিলি গ'ল
য'ত নৰ-নাৰী।
আশাৰ বাটবোৰ যায় যেনিতেনি…
মানুহ বোৰ হৈ আছে আলৈ-আথানি।।
কেতিয়াবা এসাজ কেতিয়াবা দুসাজ
কেতিয়াবা গোটেই দিনটো লঘোনে কটায়।
প্ৰকৃতিৰ ৰূপত সকলো নৰ -নাৰী কৰে হায় হায়…।।
[4/13, 11:11 AM] Dhanti Saikia: তোমাক ভালপাই ভুল কৰিলো নেকিঃ
তোমাক ভালপোৱা দিনাৰ পৰাই …
তোমাক হেৰুৱাৰ ভয়ে মোক আমনি কৰিছে…।
সচাকৈ তুমিতো জানাই…?
মই আধুনীক যুগৰ বেকাৰ আৰু নষ্ট ল'ৰা।
চিনাকী মোৰ…
আজন্ম নিবনুৱা।।
আধুনিক যদিও…
ভোগ বিলাসিতা মোৰ বাৱে…কল্পনা।।
তোমাক ৰাখিব নোৱাৰিম ডাঙৰ ডাঙৰ অট্ৰালিকাত।।
তুমিতো জানাই মই গাঁৱৰ চহা…
এলাগি হৈ থকা…
বেকাৰ আৰু শিক্ষিত ল'ৰা…।।
ভয় লাগে কেতিয়াবা…
সচাপ্ৰেমিকৰ নামত…
ইতিহাস সাক্ষী হৈ ৰ'ব নেকি…
ৰুমিঅ' জুলিয়েটৰ দৰে…
ঝংকি পানৈৰ দৰে…
প্ৰেমৰ ভাৱনা বান্ধি…
হেৰুৱাম নেকি?
সময়ৰ লগত প্ৰেমৰ ঠিকনা…।।
ইতিহাস আৰু…বাতৰি কাকতৰ প্ৰতিটো পৃষ্ঠাই
খলকনি তোলে হৃদয়ৰ কোঠাত…
পবিত্ৰ প্ৰেমৰ নামত কিয়নো লগাও চেকা…।।
সময় আৰু নদীৰ গতি ৰুধিব নোৱাৰি…।
ভয় লাগে…!
প্ৰেমৰ বাৰিষাই যদি নমাই আনে প্লাৱন…।
উটি যাম নেকি দুয়ো …
গৰা খহনীয়াৰ…দৰে…
খহি খহি…।
নদীৰ কাষৰ মানুহবোৰৰ দৰে পৰিম নেকি এলাগি হৈ ।।
মৃদুস্মিতা তোমাক সুধিছো…
তুমিয়েই কোৱাছোন …
বেকাৰ হৈ তোমাক ভালপাই ভুল কৰিলো নেকি?…
[4/13, 12:47 PM] Dhanti Saikia: অসমী আই…ঃ
🖊ধনটি শইকীয়া
আকাশৰ তৰাবোৰেও কথা পাতে…
মন মনে…
কয় মই হেনো যুগৰ কলংক…
মই হেনো সময়ৰ প্ৰত্যাহ্বান…
জোনাক আকাশত খহি পৰা আকাশীযান…।
বহুতে কয় মই হেনো ভোটা তৰা…
এবাৰেই উজ্বলি,
খহি পৰো ধৰাত…।
পৃথিবী মোৰ আজন্ম প্ৰেমিক…
পৃথিবীৰ প্ৰতিটো বস্তুৰ লগত মোৰ প্ৰেম…
আৰু প্ৰতিটো বস্তুৰেই মই প্ৰেমিক…।।
প্ৰেম মাথো প্ৰেম…
প্ৰেমৰ বাৱেই চিনাকী…
মোৰ…
প্ৰেমৰ বাৱেই জীয়াই আছো মই…
আই তুমিয়েই মোৰ প্ৰথম প্ৰেম…।
তুমিয়েই মোক চিনাকী কৰাই দিলা
শিকাই দিলা
মাটি আৰু পানীৰ মধুৰ প্ৰেমৰ…কথা…।
সচাকৈ মোৰ দেশ ভাল পাওঁ মই…
মুক্ত আকাশৰ তলত বহি…
ক্ষন্তেক জীৰাই…
তোমাৰ কণ্ঠৰ নিগৰীত ভাষাৰে…
মনৰ পিয়াহ গুছাওঁ।।
মোৰ দেশ মোৰ চিন্তা…।
অসমৰ সেউজী পতাকা…
সেউজীয়া কৰি
জীয়াই ৰখাতো…মোৰ গৌৰৱৰ কথা…।
এই দেশ
শান্তিৰ দেশ…
সত্যৰ দেশ
অহিংস নীতেৰে …
ধৰ্ম ধ্বজা উৰুৱাই পৃথিবী খলকনি তোলা…
একতাৰ ভেটিৰে একজাতি হিচাপে গঢ়ি তোলা…
শংকৰ ,মাধৱ ,আজান ফকিৰৰ দেশ…।
কৃষ্টি সংস্কৃতিৰে জগাই তুলিম আই অসমীক…।
আই তোমাক কৰিছো…প্ৰনাম
সকলোকে দিয়া…সত্য আৰু শুদ্ধতাৰ জ্ঞান।।
Comments
Post a Comment