উদাসী মন
[12/6/2016, 12:02 PM] Dhanti Saikia: উদাসী মনে আজি নুবোজে
একো,,
তোমাক হেৰুৱা মোৰ সপোন দুচকুত
তুমি আহিৱা বুলি মোৰ
মনৰ ফুলনিত
মৰমৰ দলিচা ৰাখিছো পাৰি
তুমি নক'লা একো মোক
নিদিলা সহাৰি,,
মাঠো আতৰি গ'লা
মোক দুখীয়া বুলি।
মৰমৰ প্ৰতিদান
কিনো দিলা
মাঠো আতৰি গ"লা।
ক্লান্ত মনত থিতাপি দিও
[12/7/2016, 8:31 AM] Dhanti Saikia: পুৱতি তৰাই মাতে ৰিঙিয়াই
নিয়ৰৰ কনা পৰি আশা সিচি যায়,,
সুৰুজৰ হেঙূলি ৰঙেৰে দেখোন
মুকুতাৰ দৰে উজ্বলি
ধৰনি জিলিকাই,,,,,
জিৰি জিৰি বতাহে ,,পক্ষীৰ কাকলিয়ে,,,
পুৱাতে আহি সকলোকে
উঠাই যায়,,,,,
শুভ দিনৰে শুভ ক্ষনতে
কোননো পক্ষীয়ে
মংগল আৰতিয়ে
দিনটো শুভকামনা যাচি যায়।।
[12/8/2016, 8:34 AM] Dhanti Saikia: ::সুপ্ৰভাত::
দিনটোৰ শুভকামনাৰে
পুৱতি অহাৰ বাতৰি পাই
কাৰো গাতেই ততে নাই
বাহিৰলৈ উলাই গৈ ডিঙি মেলি চাই
ৰ'দ কাঁচলিতে কাক নিচুকাই,
দিনটোৰ প্ৰহেলিকা লিখি যাই,,,,শুভদিনৰেই শুভক্ষনতেই
পুৱাৰ সুৰুজে আশাৰ বতৰা সিঁচি যাই।
ধনটি শইকীয়া🖊
[12/9/2016, 7:45 PM] Dhanti Saikia: নিলাজ
বৰ দুৰন্ধৰ ই
কথা ক' লেও নুশুনে
ভালটো কৰিম বুলি ভাৱিবা
নাই ই বেয়াটোহে কৰিব।
হঠাৎ কি হৈ যায় ধৰিব নোৱাৰো
ইমান বুজাও বুজিও নাপাই অ'
কেতিয়াবা মাজে মাজে
পাগলা হৈ যাও ।
পাৱলগিয়াটো নাপাও
পাঁও মাঠো মস্ত এটা শুন্য।
শুন্যটাৰ মাজত তৃক্ততাৰ কাহিনী
এই ধুৰন্ধৰ মনটো বান্ধি থ'ব পৰা হ'লে
সফলতাৰ মাপ কাঠিবোৰ
জুখি চালো হেতেন।।
ই বৰ নিলাজ ক'লেও নুশুনে
বুজালেও নবুজে।
[12/11/2016, 10:16 PM] Dhanti Saikia: :✍নিষ্ঠূৰ প্ৰেম আৰু বন্ধুত্ব:
তোমাৰ বুকুত এপাহ ফুল গুজি দিলো
ফুল পাঁহ ফুলিৱ ধৰোতেই কিয়
ছিঙি মোহাৰি পেলাই দিলা
তুমি মোৰ মৰম বুজি নাপালা?
তথাপিও আজি মই সুখী।
কিন্তু বুকুখন আজি খালি
তুমি নথকাৰ বাৱে মোৰ কাষত
বহুত যান্ত্ৰনা জানা কিন্তু কি হ'ৱ
তুমি আনৰ হ'লা আৰু মই অকলশৰীয়া।
তুমি বিহিন জীৱনত মই মৰম পাইছো
শংকা বিহীন জীৱনত বন্ধু সকলৰ
বন্ধুত্ব হ'ল জীৱনৰ এক মুহুত্ব
যাক পাহৰা টান যাৰ অন্তৰ বিশাল
মহানুভৱতাৰে পৰিপুৰ্ন বিপ্ৰ দামোদৰৰ দৰে
বন্ধু কৃষ্ণ আৰু আমি লগৰীয়া
প্ৰনাম ভগৱান কৃষ্ণ সম বন্ধুগন।
বন্ধুত্বৰ দোলেৰে গঢ়িম আমি পৃথিৱী
থাকিম মিলিজুলি আন্তৰিকতাৰ ভেদভাৱ নাৰাখি
নিছিঙিৱা বন্ধুত্বৰ এনাজৰী।।
ধনটি শইকীয়া🖊
[12/12/2016, 9:10 PM] Dhanti Saikia: সময়ত শৰ যদি নামাৰা বান্ধৈ
তুমি আৰু নাথাকিৱা ৰৈ
নহ'লে জীয়াই থাকিৱ লাগিৱ বুকুত সাৱটি স্মৃতিৰ শলিতা লৈ।
দুখৰ এধানি নৈ, বৈ যায়
জিৰি জিৰি কৈ
উটোৱাই নিয়ে সুখ বোৰ
এটি এটি কৈ
খোপনি পুতি ৰই মোহনাতে গৈ।
থুপাই থোৱা সুখ বোৰেই আজি
জীৱনৰ জিঞ্জিৰি খূলি মেলিছে ঢাপলি
সৃষ্টি কৰিছে ধোষৰ এগচি বন্তি
ধিমিক ধামাক কৈ জ্বলিছে
সেই গচি বন্তি।
বঠা হীন নৌকাই আজি
মাজ বাটতে উপঙি উপঙি
জীৱনৰ লক্ষ্য হেৰোৱাই
অদূৰলৈ ৰ' লাগি চাই,,
কিজানি বা লক্ষ্যই ৰিঙিয়াই ,,,
পাৰ কৰা ঘাটোৱাল সংসাৰ সাগৰে,,,
বঠাবিহিন আজি মই ভৱ সমুদ্ৰৰ মাজে,,,
ইপাৰো নাপাইলো মই
সিপাৰো নাপাইলো
ভৱ সমুদ্ৰৰ মাজে জাঁজি
হৈয়া ৰৈলো।
সময় নাথাকে ৰৈ যদি থাকা
চুচুক চামাককৈ
জীৱনৰ লক্ষ্যত উপনিত
হ'ৱা কেনেকৈ!
বান্ধৈ তুমি আৰু নাথাকিৱা ৰৈ
নহ'লে থাকিব লাগিব
স্মৃতিৰ শলিতা বুকুত সাৱটি লৈ।।
[12/18/2016, 10:34 AM] Dhanti Saikia: ,কিছুমান অনুভৱ মাঠো,✍
১:
মৰমৰ ভাষাক কেতিয়াও
বিশ্বাস নকৰিৱা সেই ভাষা যদি মধুৰ হয়, ।।
২:
হৃদয়ৰ ভাষাক মানি ল'ৱা
যদি সেই ভাষা কঠোৱাও হয়,।
৩:
বিশ্বাষ মাঠো এক সচা অনুভৱ
সেই অনুভৱ যদি প্ৰেম হয়
তাক মানি ল'ৱা,মৰম যদি ছলনা হয় অনুভৱৰেৰে বৰ্জন কৰিৱা।
৪:
বিৱেকক কেতিয়াও ভূলপথে পৰিচালিত নকৰিৱা,আৱেকৰ বশৱৰ্তি হৈ বিৱেকক কেতিয়াও নষ্ট নকৰিৱা।।
৫:
প্ৰেম মাঠাে এক অনুভৱ সচা অন্তৰৰ,সৎভাৱে জীয়াই ৰাখিৱা।।
৬ঃ
জীৱনত বিশৃংখল তেতিয়াই হ'ৱ ,যেতিয়া মানুহে বিৱেকক সৎপথে পৰিচালিত নকৰিৱ।।
🖊ধনটি শইকীয়া,,,
[12/18/2016, 6:19 PM] Dhanti Saikia: ঘৈনিয়েক আৰু গিৰিয়েক দুয়োজন পিছফালৰ বাৰান্দাত বহি আছে। ঘৈনেয়েক : খাৱ কি দৰে আজি ওলাই আহিছে দেখিছানে।
গিৰিয়েক : খাালে ,খালে গোটেই কলদৰা বান্দৰ খিনিয়ে খাই পেলালে ।এৰা ইহঁতক ৰখি থাকিৱ লাগে নহ'লে ভাতৰ চৰু বাহিৰলৈ লৈ গৈ খাই পেলায়,,,,।
খেদিলেও ভয় নাখাই অ।মোক হে খেদি আহে।
ঘৈনিয়েক: যিদৰে খেদি আহিছে বাহিৰলে এপাক্ উলাৱ নোৱাৰি।এইদালৰ পৰা ৰক্ষা নাই ৰাতিপুৱা শুই উঠাৰ পাাছৰ পৰা এপাক্ বাহিৰলৈ যোৱাৰো ৰক্ষা নাই,।
গিৰিয়েক: মই ক'লৈ যোৱাত বন্ধ কৰিছোনো। এনেই ৰাতিপুৱাই মেথাটো গৰম কৰি নল'ৱা দেই,,।
ঘৈনিয়েক : পুৱাৰ ৰ'দ দালে গোটেই মাথাটো গৰম কৰি পেলালে এতিয়া গাটো ছাটি ফূটি কৰি আছে।
গিৰিয়েক : কি ছাতি ফূটিৰ কথা কৈছা হে।
ঘৈনিয়েক : নহয় মানে ডাঙৰ ছাটি এটা চৰকাৰে ব্যৱস্থা কৰা হ'লে বহুত ভাল আছিল ন।
এইৱাৰ আমাৰ দাৱি প্ৰখৰ ৰ'দত লাগিৱ ডাঙৰ ছাটি।
[12/19/2016, 2:01 PM] Dhanti Saikia: ✍
ঃঃমোৰ কবিতাৰ ছন্দতঃঃ
মোৰ কবিতাৰ ছন্দত
ভাঁহি আহে মিলনৰ সুৰ
বাঁজী উঠে জীৱন পৰিক্ৰমাত সপ্নময়ী গীতৰ
গুন গুনগুননি,
সীমাহীন শব্দৰ পৰিভাষা
ভাষাহীন নাটৰ শেষ ৰাগীনি।
অভিনয় মাথো প্ৰবঞ্চনাৰ
জীৱন কল্পিত ভাওঁনাৰ
ত্যাগ মাথো প্ৰেৰনা
পৰিকল্পিত শব্দৰ গাথাঁ।
প্ৰতিশ্ৰুতি দিলা মোৰ পৰা আঁতৰি সুখী হোৱাৰ
আঁতৰি গ'লেই যদি সুখী হোৱা
সুখৰ বতৰা দি যাৱা
মাথো আঁকি যাম স্মৃতিৰ পটত
প্ৰেমৰ সৰল ৰেখা
অন্তহীন ,সীমাহীন প্ৰেমৰ
নজ্বলা শলিতা।।
🖊ধনটি শইকীয়া
[12/20/2016, 11:20 AM] Dhanti Saikia: আগলি কলৰেপাত লৰে কি চৰে✍
আগলি কলৰেপাত লৰে কি চৰে
আইৰ বুকুত মুকুতা সৰে
পুৱতিৰ মলয়া জাকে কিনো বতৰা আনে
পুৱাৰ সুৰুজে ৰহন সানে।
পুৱাৰ সুৰুজে প্ৰাণ ঢালি গীত জুৰে
সেই গীতৰ সুৰে মধুকৰে নাচি নাচি মধু প্ৰাণ কৰে
পুৱাৰ সুৰুজে মিলনৰ বতৰা আনে ।
খিৰিকি খুলি দেখো মাথো
লিহিৰি আঙুলিৰ ফাঁকেৰে
ভাঁহি আহে অবুজ পোহৰৰ ৰেঙনি,
পুৱাৰ সুৰুজে বিলাই গ'ল
জীৱন জেউতিৰ সেই আশাৰ ৰেঙনি।
হঠাৎ কিয় এনেহ'ল
নামি আহিল সন্ধিয়া
ধোঁষৰ ক'লা ডাৱৰে ছানি ধৰিছে
তৰাজাকো দেখোন নাইকিয়া হ'ল
ক'তনো হেৰাই গ'ল অ'
চকুৰ পচাৰতে নামি আহে অমানিশা ঘোৰ অমানিশা।
নিদ্ৰাত মগন আইৰ চকুহাল
জিলিকি উঠে সেন্দুৰিয়া কঁপাল
জিলিকি উঠে সেন্দুৰিয়া দু-গাল
সেই কল্পনাময়ী ছবিটি আজি নাই,,
হেৰাই গ'ল জীৱনৰ শেষ ক্ষনত
হেৰাই গ'ল কেতিয়াবাই পুৱাৰ সুৰুজে ঘুৰাই আনিৱনে আইৰ সেই
জোন যেন মুখখনিত
জিলিকি থকা হাঁহিতি
কোৱা জীৱন জেউতি
ঘুৰাই আনিৱনে আইৰ
সেওঁতা ফলা কপালৰ ৰঙীন ৰেখা ।
আগলি কলৰেপাত লৰে কি চৰে
কিজানিবা আইৰ মুখৰ
হাঁহিতি উদিপ্ত সুৰুজে ফেহুঁজালি দিয়ে,
সেই ক্ষন আজিও চাই ৰওঁ
আশাৰে আই ,
কিজানিবা পুৱতি তৰাৰ লগতে তোমাক দেখা পাওঁ।
[12/20/2016, 1:18 PM] Dhanti Saikia: বুকু উদং কৰি গুছি গ'লা মৰম তুমি বুজি নাপালা
নাভাৱিলা এবাৰো মোৰ কথা
নুবুজিলা বুকুৰে বেথা
মাথো তুমি আঁতৰি গ'লা।
শৈশৱৰেই লুকা-ভাকু খেলা
আৰু ৰজা- ৰাণী হোৱা,
আজিও মনত আছে জানা!
ধেমালিতে দুয়ো কাজিয়া কৰা।
প্ৰিয়াৰ মুখৰ ৰঙীন হাঁহিটি কোনে বাৰু নিলে কাঢ়ি
একাজঁলি মৰম দিলো সঁপি
আজিও তাই নামাৰে হাঁহি।
প্ৰিয়াৰ গানৰ অবুজ সুৰে
সদায় আহি আমনি কৰে
মনৰ বেথা গানৰ সুৰে
কবিতাৰ ছন্দত ভাঁহি থাকে
আজিও নক'লা মোক
মৰমৰ ভাষা
সাৱটি ধৰিলা মাথো দুখৰ বোজা।
ছিঞৰি কান্দিছিলা তুমি
সেইদিনা
দেউতাই তোমাক বিদাই দিয়া
আজিও মনত আছে জানা
হোমৰ গুৰিত বঢ়ি কান্দি থকা।
নুবুজিলা মোৰেই কথা
সাৱটি ৰাখিলা দুখৰ বোজা
এতিয়া তুমি আনৰ হ'লা
দুখ নকৰিবা প্ৰিয়া
এইয়াই মাথো জীৱনৰ খেলা।
🖊ধনটি শইকীয়া।
[12/22/2016, 12:57 PM] Dhanti Saikia: ✍একাঁজলি মৰমে মোক✍
একাজঁলি মৰমে মোক
বলীয়া কৰিলে,,,
উতোৱাই নিলে মনৰ পথাৰ
উতোৱাই নিলে বুকুৰ কেঁচা মৰম,
সেউজীয়া মৰম বোৰ আজি
নাই,
আছে মাথো শুকান এখিলা পাত
তাকো মৰহি গ'ল ৰ'দৰ ছাঁত
সেমেকা মন আজি কৰি উন্মনা
বিছাৰি মৰমৰ সাঁকো
বিৰহে আজি ফঁহিয়াই দিলে
মৰমৰ সুৰীয়া গীতো।
গীতৰ সুৰত নাচে নিলাঞ্জনাই
ৰুৱনি নাই আজি জানা
মনৰ পথাৰ পৰি আছে ছন
লিহিৰি আঙুলি বোলা
ই,,
কোনে বাৰু কৰিৱ মৰম,,
কপাালত হাত বুলাই
কোনে সিচিৱ সোনালী যৌৱন
এজাক ধুমুহা নামি আহিল
কৈ গ'ল কানে কানে
ভাঙি গ'ল মনৰ পঁজাটি
উকা হৈ ৰ'ল মনৰ খিৰিকি
মাঠো ৰৈ গ'ল স্মৃতি।
স্মৃতিৰ পটত আঁকো তোমাৰেই চবি
সোনালী দিনৰ সুখৰ বন্তি
তৃক্ত বুকুত ৰাখিছো সাঁচি
আজিও ছন পৰি আছে মনৰ পথাৰ খনি।
[12/22/2016, 5:12 PM] Dhanti Saikia: :✍শুভ সন্ধ্যা:
সন্ধ্যাৰ বাতৰি পাই পক্ষী জাক
উৰি গৈছে দুৰ দিগন্তলৈ
জানোছা আপোন জনক সাৱতি
জিৰনি লয় শান্তিৰ কোলাত।
জীৱনৰ পুৱতি বেলাৰ পৰা
সংগ্ৰাম কৰি ঘৰমূৱা পক্ষী জাক
আকৌ জিৰি জিৰি বতাহৰ দিশে ধাৱমান
মনৰ বতৰা লৈ অযুত খলকনি তুলি
মাতি যায় মোক আহা আহা বুলি
ব্লিন হৈ যায় মোৰ মন পক্ষী।
ধনটি শইকীয়া🖊
[12/22/2016, 8:25 PM] Dhanti Saikia: সপোন দেখা বহুত দিন হ'ল
বহুত দিনৰ অন্তত তোমাক দেখিলো
সেইদিনা কেনে অনুভৱ জানা,,
সেই সপোনে বুকুখন ভাঙি থৈ গ'ল অ'
ধুমকেতু পৰাৰ দৰে গিৰিপকৈ
সৰি পৰিলো মই,
সপোন বোৰ সপোন বোৰ মৰহী গ'ল।
ঠুনুকা বুকুখন কুঁহিলাৰ দৰে
ভাগি পৰিল আৰু দুভাগ হৈ
এভাগ দাপোন ভঙ্গাদি ভাগি পৰিল
নেদেখো কাৰো প্ৰতিবিম্ব
দেখো মাথো অন্ধকাৰৰ
অনুলম্ব।
দুখীয়াৰ দুখ কোনেও নুবুজে
নুবুজে হৃদয়ৰ বেথা
মৰম যদিহে হেপাঁহ নহয়
নালাগে পীৰিতিৰ লেথা
বুকুৰ এঙাৰ টুকুৰা ছাই হৈ আছে
মাথো বাকী ধোষৰ ধোঁৱা
সেই ধোঁৱাই পুৰিৱ লাগিছে
চকুত টোপনি কাঢ়িছে
সপোন আজি আধৰুৱা
মাথো থমকি ৰোৱা
বৈ আছে জীৱনত নিথৰ বোঁৱতি ধাৰা।
ধনটি শইকীয়া🖊
[12/23/2016, 3:29 PM] Dhanti Saikia: মানুহৰ জীৱনলৈ বহুজন আহে আৰু বহুজন আহি গুছি যায়
একো খৱৰ নোলোৱাকৈ
মনৰ নাম ঠিকনা নুসুধাকৈ গুছি যায়
বহুজনে হিয়াৰে স্পৰ্শ কৰি
হৃদয়ত থিতাপি লয়
তাৰে মাজত এজনেই বিশেষ সেইজনে আকৌ গোটেই জীৱনটো কাঢ়ি লৈ যায় আশা ভৰসাৰ স্থল।
বিশেষ জনে যেতিয়া এৰিথৈ যায় বুকুখন শূন্য হৈ যায়
থাকি যায় মাথো হৃদয়ৰ স্পন্দন শ্বাস-প্ৰশ্বাস
জীৱনৰ উজাগৰী নিশা
গাই যাওঁ মৌনতাৰ গান
ভাষাই বিছাৰি নাপাওঁ
থমকি ৰৈ গুনগুনাও
মাথো বিছাৰি পাওঁ নিজৰ ছাঁ
আজি ছাঁটিকে সুধি চাওঁ
অন্ধকাৰে আৱৰি থকা বুকুখনত তোমাৰ প্ৰতিবিম্ব বিছাৰি নাপাওঁ
পাওঁ মাঠো এটি জকাঁ
তোমাৰ নামটেই উৎসৰ্গিত কৰা।
[12/23/2016, 4:51 PM] Dhanti Saikia: সন্ধিয়াৰ বাতৰি পাই
মোৰ প্ৰিয়া আহিবানে নাই
তোমালৈ আছো বাটে চাই
তোমাৰ দেখো আহৰিয়েই নাই
পদুলীৰ নঙলা মুখত
ৰৈ থাকো তোমালৈ শপত
তুমি প্ৰিয়া আহিবানে নাই
সন্ধিয়াৰ বাতৰি পাই,
পক্ষীয়ো বাহঁলৈ আহে
আপোন জনক লগ ধৰে
তোমাৰ বাতৰি নাপাই
মোৰ বুকুৱে ছটফটাই থাকে।
কি বুজিবা মনৰ বেথা
বহুদিন হ'ল তোমাক নেদেখা
তুমি প্ৰিয়া আহিবা
মোৰ উকাঁ বুকু জীপাল কৰিবা।
তুমি নাহা মই জানো
কিন্তু
তোমাৰ শোকত মই বিহ্বল
মঁচিব নোৱাৰো দুখৰ ৰেখা
সন্ধ্যা তৰাক সুধি চাওঁ
কিজানিবা তোমাক দেখা পাওঁ।
[12/25/2016, 12:01 PM] Dhanti Saikia: তৃক্ততাৰ মাজত তুমি
অনুভৱৰ দলিছাত জিৰি জিৰি
মৌচুমি,
মলয়াৰ বাঁ লাগি মন আজি থৌকি বাথৌ
ঘনে ঘনে ধুৱাই যাই ,
মৰমৰ নিজৰাই বোৱাই আনে
বৰফ যেন চেচাঁ এধানি সপোন।
সপোনৰ দলিছাঁত উতি -ভাঁহি ফুৰি
আপোন পাহৰা আজি মন পক্ষী
দুৰৰ পাহাৰ বৰ ধুনীয়া দেখি
সকলো জানিও
হেপাঁহে মোৰ দুলনি তোলে
স্বপ্ন পিপাঁসু মনে নামানে বুজনি,
হৃদয় বিদাৰক চবিটি
সপোন বননিত যাই মৰহি
মন কাৰেঙৰ লগৰী
কিমান নো বিচাৰিম
খাইছো মাথো হাবাথুৰি
জীৱন স্মৃতি সাৱটি
জীৱন দিঙাত মেলিছো ঢাপলি
উপঙি ফুৰাঁ কুহিলাৰ দৰে
ৰওঁ যেন পাৰতে থমকি।
🖊ধনটি শইকীয়া
[12/26/2016, 8:19 AM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽বিদাই মুহুৰ্তত🙏🏽🙏🏽🙏🏽✍
ইয়াত আৰু নাথাকো এপলকো নাথাকো মই,
মানুহবোৰে ধেমালি বুজি নাপাই অ' ইমান দিন ধেমালি কৰিলো বেয়া নাপাবা কাৰোৱাৰ মনত বহুত আঘাট দিছো
সেইবাৱে মোক মাৰি পিতি খেদি দিয়া বেয়া নাপাও
ৰিম'ভ মাৰি দিয়া
আকৌ মোৰ ঠাইত মোৰ নিচিনা নতুন কাৰোবাক
এদ কৰা বেয়া নাপাও
কাৰন মই তোমালোকক বহুত দুখ দিছো সিমান হয়টো মৰম দিব পৰা নাই।
দুখৰ বোজা লৈ জীয়াই আছো মই সুখ কি নাজানো
সুখ মোৰ বাৱে স্মৃতি মাথো সেই স্মৃতি বোৰকে লৈ এদিন মনত পেলাৱা সপোন হৈ থাকিম তোমালোকৰ লগত।তোমালোকক এৰি যোৱাৰ দুখ মোৰো নোহোৱা নহয়,কিন্তু সময়ে দেখোন নকয় মাত্ৰ কেইদিনমান বাকী হেঁৰাই যাম তোমালোকৰ মাজৰ পৰা
বহুত সপোন,সুখ,দুখ,বুকুত বান্ধি ৰোমন্থন কৰিম সেইদিনা যিদিনা আনুষ্ঠানিক ভাৱে বিদাই দিৱা।মোক এৰি যাবা মই জানো নতুুন জনৰ লগত তোমাকলোক সুখী হোৱা তাৰেই কামনা কৰিলো।
ইতি
মই তোমালোকৰ অবিশ্বাসৰ পাত্ৰ ২০১৬
বিদাই মুহুৰ্তত শোকাকুল মই
বি:দ্ৰ:
মোক পাহৰি নতুন জনক আদৰি ল'ৱা বুলি আশা কৰিলো।
🙏🏽🙏🏽🙏🏽🙏🏽
🖊ধনটি শইকীয়া
[12/26/2016, 10:52 AM] Dhanti Saikia: নিজৰ বুলিৱলৈ নো আছে কোন
সকলো আনৰেই দেখোন
মনৰ কথাবোৰ সাঁচি ৰাখো
তথাপিও আনক নক'লে ভালেই নালাগে অ'
নিসংগতা মানুহৰ বাৱে
অভিশাপ
সেই অভিশাপ মোৰ বাৱে
আজি অভিপ্ৰায়।
কেতিয়াবা নিজৰ কথা ভাবি চাইছানে
আনে বেয়াকে ক'লে কিমান মনত দুখ লাগে
নিজে যেতিয়া আনক ক'ৱা
সেইজনৰ কেনেকুৱা লাগে ভাবি চাবা।
দুখ মাথো দুখ
জীৱন মৰুভুমিৰ মৰিচিকা
বিচাৰি চাওঁ মাথো ৰৈ যাই আশা
আশাৰ নাওঁখনি থমকি
নিৰাশাৰ সোঁতত বৈ যায়।
পাহৰি যাও জীৱনৰ আশা ভৰষাৰ স্থল
প্ৰেৰণাও পাবলৈ নাই কোনোবা আপোন জনৰ
আছো মাথো ঘোঁচা -কিল খাই,
প্ৰেৰনা মোৰ বাৱে অতীত
সেই অতীতে ৰিঙিয়াই মোক
সময় নাই, অতীত ৰুমন্থন কৰাৰ
সাঁচি ৰখা স্মৃতি বোৰ
নিসংগতাৰ লগৰী হৈ যায়
সেইয়াই আজি অভিপ্ৰায় জীৱনে মাথো শূন্যতাৰ বীজ সিঁচি যায়।
🖊ধনটি শইকীয়া
[12/26/2016, 3:37 PM] Dhanti Saikia: মন যাই চৰাই হ'বলৈ
ঠিকনাবিহীন যাত্ৰাত দেঊকা মাৰি উৰি ফুৰিৱলৈ
পুৱতীৰ লগে লগে,
জোনাক সিঁচিবলৈ
দুখৰ মুকুতা বুটলিৱলৈ।
মন যাই মোৰ আকাশত তৰা হৈ জিলিকিৱলৈ
আকাশৰ মৌনতাৰ লগত থাকি
নীলাখিনিৰ মাজত মিলি
মৰ্ত্যলৈ ৰ'লাগি চাই
মানুহৰ লগত লুকাভাকু খেলিৱলৈ।
মন যাই জোনাকী পৰুৱা হ'ৱলৈ
জোনৰ নিচিনাকৈ জিলিকি
সেউজীৰ বুকুত সন্ধ্যা জোনাক বিলাৱলৈ
নিজম সন্ধ্যা জীপাল কৰিৱলৈ।
[12/26/2016, 8:05 PM] Dhanti Saikia: পদুলী মুখৰ দুৱৰি গচকি
কতনো উৰুৱালো ধুলি অ'
আইজনী
গছকত উৰিযায় ধুলি
মনৰে পদুলী উদূলি -মুদুলি
বানে গৰকি যোৱা অ'
আইজনী
পৰে পলসুৱা বালি।
তোমাৰে মুখখনিত
জিলিকে
হাঁহিতি
যেন মুকুতা সৰে।
বসন্তৰ পৰসত ৰূপে
জিকেমিকাই দেহাটি
ৰঙেৰে ভৰে অ'
আইজনি
যেন ৰঙাচিঙা পৰে।
যৌৱনৰ আমনি
সহিব নোৱাৰি
মৰমে আমনি কৰে
হিয়াৰে মাজতে কোনে
দোলা দিয়ে
জীৱনৰে বীণ বাজে অ'
আইজনী
জীৱনৰে বীণ বাজে।।
মৰম নামৰে বীজ
সিঁচি দিলো প্ৰেমৰে গঁজিলে পুলি
সেই পুলিটি উভালি
আনিলো নিজৰে কৰিমে বুলি অ'
আইজনী
নিজৰে কৰিমে বুলি।।
[12/27/2016, 9:06 AM] Dhanti Saikia: 🙏🏽🙏🏽মই মৰমেৰে কৈছো🙏🏽🙏🏽
মৰমেৰে ক'ৱা
আঁকোৱালি ল'ম
দুবাহুৰে বুকুৰ মাজত
সাৱটিম হিয়াৰে উমত
মৰম দি চাৱানা
মৰমৰ বুকুচাত লৈ
ফুৰিম তোমাক
ন সাজেৰে সজাই
জীৱনৰ বাটত।
এইটো মোৰ শেষ উপহাৰ সকলো লৈকে দিলো
এই গ্ৰুপৰ মজিয়াত।
🖊ধনটি শইকীয়া
[12/27/2016, 11:20 AM] Dhanti Saikia: ✍মৰম নহয় চিৰযুগমীয়া✍
তুমিয়েই কৈছিলা দেখোন
মৰমেৰে মোক বুজাৱা,
মৰমৰ মাত এষাৰহে দিছিলো
আজি কিয়নো বেয়া পালা
তুমি নিশ্চয় আৱেগিক হৈ পৰিছা
তুমি কাৰোৱাৰ দুখ বোৰ
মোক কিয় জাঁপ দিছা,
মই কেতিয়াও ভৱা নাছিলো
মোৰ মৰমে তোমাক আমনি দিব,।
সেই মৰমৰ ৰাগিনী তুলি তুমি কিয় অভিমান কৰিছা,
তুমি কৈছিলা তোমাৰ লগত কথা পাতি ভাল লাগে
মৰমৰ গহীন মাত সাৰে বোলে অন্তৰৰ মৰম কঢ়িয়াই আনে
আৰু আজি কিয় এনে হ'ল।
মোৰ বুকুখন উকা কৰি
আঁতৰি যাৱ উলাইছা
অন্ততঃ বুজাবুজিৰ মাজেৰে আতৰি যোৱা মই বেয়া নাপাওঁ
মোৰো এটা বিৱেক আছে
মইয়ো বুজো আনৰ দুখ
জানো মানুহ আৱেগৰ বৰ্শৱতি ,
সেই আৱেগে যেতিয়া দোঁলা দি থাকে মনত
বুজোৱা বহুত টান
সেয়ে হয়টো তুমি মোক আতৰি যাৱ উলাইছা।
যোৱা,জীৱন টোত বহুজন লোকৰ সমাহাৰ ঘটে
মোৰ বাৱে তুমিয়েও
বিশেষ হৈ ৰ'ৱা বাধা নিদিও দুখো নকৰো কাৰন কোনো চিৰযুগমীয়া নহয় এদিন হ'লেও এদিন হেৰুৱাবই লাগিব,
সুখী হোৱা আপোন জনক আদৰি লোৱা মোৰো তাৰেই কামনা।
🖊ধনটি শইকীয়া।
[12/27/2016, 10:42 PM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽মোৰ মৰমৰ দেহা 🙏🏽🙏🏽🙏🏽🙏🏽
সময় পালে আহিবা
এপাক মাৰিৱা
আমাৰ ভগা পঁজাটি
চাই যাবাহি।
সময় পালে মাতিবা
মোক বুকুৰ মৰম যাঁচিবা
মৰম নামৰ লুইত খনিত
সাঁতুৰিৱলৈ শিকিবা।
মৰম
দিয়ানা
দিয়ানা
মৰম দিয়ানা
হেপাঁহৰ দলিছাত মোক
এবাৰ জিৰাৱ দিয়ানা।
মৰম বুজি নাপালা
চেনেহ বুজি নাপালা
মৰম নামৰ সাগৰ খনিত
মাথো নাওঁ মেলি দিলা
পাৰতে কিয়নো তুমি
থমকি ৰ'লা
মোৰ মৰম তুমি বুজি নাপালা।
🖊ধনটি শইকীয়া
[12/28/2016, 10:21 AM] Dhanti Saikia: জীৱন তৃষ্ণা (অন্ধবিশ্বাস}
মানুহে সকলো বিকাশ লাভ কৰাৰ পাছতো নিজক পাহৰি গৈছে নেকি। বিজ্ঞানৰ বহুল প্ৰচাৰে এতিয়াও মানুহৰ মনটোক অন্ধ বিশ্বাসৰ পৰা মুক্ত কৰিব পৰা নাই। যাৰ কাৰনে মানুহৰ জীৱনটোত দুখে নভৰা হৈছে।
তেনে এক পৰিস্থিতি নামি আহি আহিল প্ৰিয়াৰ জীৱনলৈ।
প্ৰিয়াৰ মাক বাপেকে আশা কৰি আছিল যে এজনি ছোৱালী জন্ম হ'ল আৰু এটা ল'ৰা হোৱা হ'লে ভাল আছিল।কিন্তু এইয়াটো বিধিৰ লিখন কোনে জানে ল'ৰা নহ'ল ছোৱালি এজনি হে হ'ল।এই শিশু টোৱেই হ'ল প্ৰিয়া ।এওঁ জন্ম হোৱাত মাক বাপেক কোনেও ভাল নোপোৱা হ'ল। প্ৰিয়াক সৰুটেই মাক বাপেকে মোমায়েকৰ ঘৰলৈ পঠাই দিলে।মোমায়েকৰ ঘৰতে প্ৰিয়া ডাঙৰ দীঘল হ'ল কিন্তু মাক বাপেকে তেওঁক জীয়েক বুলি গ্ৰহন কৰিবলৈও অস্বীকাৰ কৰিলে। প্ৰিয়াৰ বাবে মাহীয়েকেই হৈ পৰিল মাকৰ নিচিনা। মানুহৰ জীৱন হে সময়টো ৰৈ নাথাকে।প্ৰিয়া ঘৰৰ লগত সম্পৰ্ক নাই কিয়া হ'বলৈ ধৰিলে।মাহীয়েকৰ বিয়া হৈ গ'ল ।আইতাকে কিমান আৰু প্ৰিয়াক ছোৱা চিতা কৰি থাকিব। আচলতে এটা শিশু ডাঙৰ হৈ অহাটোৱেই ভূল নেকি। প্ৰিয়াই জনা হোৱাৰ পৰাই দুখ আৰু দুখ পাবলৈ ধৰিলে।
জীৱন এক সংগ্ৰাম কিন্তু প্ৰিয়াৰ সংগ্ৰাম কিন্তু অলপ বেলেগ ধৰনৰ হৈ পৰিল।প্ৰিয়াৰ আশাৰ নাও খন বঠা বিহিন হৈ পৰিল।
মোমায়েক হ'তে প্ৰিয়াক পঢ়া শুনা কৰালে হ'লেও ভাগিন টো কিন্তু মামিয়েক হ'তে তাকে বেয়া পাব ধৰিলে।মামিয়েক হতঁৰ প্ৰৰোচনাত পৰি মোমায়েক হ'তে প্ৰিয়াৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলাব ধৰিলে।প্ৰিয়াই প্ৰতিটো কথাতেই লাঞ্চনা গঞ্জনা পাব ধৰিলে। সকলোৱে ভাল চকুৰে নোচোৱা গ'ল।
প্ৰিয়াৰ জীৱনলৈ আশাৰ ৰেঙনি নামি আহিল প্ৰেম, কিন্তু সেইয়াও যেন মামিয়েক হতঁৰ ভূলৰ বশৱৰ্তি হৈ প্ৰিয়াৰ সপোন বোৰ ভাগি চূৰ মাৰ হৈ পৰিল। নেদেখাজনেও প্ৰিয়াক মুৰ দাঙি নাছালে।
মোমায়েক হঁতে যেতিয়া প্ৰিয়াক মৰম কৰিব ধৰিলে তেতিয়া মামিয়েক হঁতে সন্দেহ কৰিব ধৰিলে ।বৰ্তমান যুগতো এনেকুৱা মানুহবোৰে পশুৰ আখ্যাই পায়।প্ৰকৃততে মানুহ বোৰ কি হৈ গৈছে বাৰু।সেই পশুবোৰে প্ৰিয়াক নানান নিৰ্যাতন কৰিব ধৰিলে ।শেষত জীয়াই থকাৰ তাৰনাত আইতাক আৰু প্ৰিয়াই একেলগে জীৱন কটাব ধৰিলে।
মোমায়েক হঁতৰ পৰা পৃথক হৈ আহি আইতাক তাই অকলে জীৱন কটাব ধৰিলে ।কিন্তু প্ৰিয়াই কিজানে জীৱনৰ অৰ্থ ।মাক বাপেকে প্ৰিয়াক যি শাস্তি দিছে সেইয়া বাৰু আজিৰ সময়ত গ্ৰহন যোগ্যনে।প্ৰিয়া এতিয়া স্নাতক প্ৰথম বৰ্ষৰ ছোৱালি।টিউচন কৰাই হৈছে তাইৰ জীৱিকা এইদৰেই পাৰ কৰিছে কলেজীয়া জীৱন।
আত্ম হত্যা কৰিব বিছৰা প্ৰিয়াই আইতাকৰ মৰম নেওঁচি যাব নোৱাৰিলে।
এসময়ত মাক বাপেকে এটা ল'ৰাৰ মুখ দিলে তথাপিও প্ৰিয়া অলাগী হৈয়ে থাকিল তেওলোকৰ বাৱে।
এনেকুৱা মাক বাপেক ক আমি কি বুলি ভাৱিম।
সকলো মানুহ সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিল। যাতে প্ৰিয়াৰ দৰে আন কোনেও এনেকুৱা সমষ্যাৰ সন্মুখীন নহয়। তাৰ ওপৰত গুৰুত্ব দিয়ক।নহ'লে মানুহৰ মনুষ্যত্ব শেষ হৈ যাব ।এটা পৰিয়ালৰ বাবে গোটেই মানৱ জাতিৰেই বদনাম হ'ব।
প্ৰিয়াৰ বাৱে আইতাকেই হ'ল সুখৰ চানেকি,এক অন্ধকাৰ জীৱনৰ দুখৰ চানেকি।
[12/28/2016, 10:25 AM] Dhanti Saikia: দুজনী বান্ধৱী লগ হ'ল বহু দিনৰ পাছত।সোমাই গ'ল দুয়োজনি পুজাৰ মন্দপলৈ।এজনি অত্যাধুনিক সাজত আৰু এজনি সাধাৰন সাজত।
সাধাৰন সাজত থকাজনিয়ে সুন্দৰ কৈ সেৱা কৰিলে। অত্যাআধুনিক জনিয়ে আধা মিটাৰ কাপোৰ পিন্ধিবাৰু কেনেকৈ সেৱা কৰিৱ ন। বেমাৰিমুৰ্গীৰ দৰে চকচালি ধৰি সেৱা কৰিলে যেনেতেনে।
আহি চকীত বহিব ধৰিলে।ছুটি কাপোৰ পিন্ধা জনিয়ে চকীত ভালদৰে বহিব পৰা নাই ,মানুহ বোৰ দেখি লাজ কৰি কাপোৰ টনাটনি কৰি আছে ।লগৰ জনিয়ে ক'লে তোমাৰ অলপ্ দিগ্ দাৰ হৈছে ন,ব'লা ,যাওঁগৈ বুলি উলাই আহিল।
আহি গাড়ীত ততাতৈয়া কে উঠোতে চোলাটো গজালত লাগি এদুখৰ ফাটি গ'ল।কিযে বিলাই বিপত্তি হৈছে সেই ছোৱালিজনিৰ ।নেদেখাজনেও কিজানি তেওঁৰ আধুনিকতাত অতিষ্ঠ হৈছে।সাধাৰন জনি য়ে চুৰনি খন আগবঢ়াই দিলে আৰু তাই লজ্জা নিবাৰন কৰিলে।
সচাকৈ মানুহে নিজক পাহৰি গৈছেনেকি।কাপোৰ পিন্ধে লজ্জা নিবাৰন, শীত ,তাপ নিয়ন্ত্ৰনৰ কাৰনে।
তেন্তে আমি কোনটো দিশে গৈ আছো বাৰু ,,,,,,,,,,,,,,,,,,,,,,,,,,,,।
[12/28/2016, 7:54 PM] Dhanti Saikia: ✍হৃদয়ৰ আঁৰে আঁৰে✍
হৃদয়ৰ আঁৰে আঁৰে
স্মৃতিৰ কোঁহে কোঁহে
বিষাদ ৰেঙনি ভাঁহি আহে
মাঠো তোমাৰ বাৱে,
স্মৃতিৰ কোলাত বহি
আশাৰ সঁফূৰা বুটলি
নিলাজ চাঁৱনি তুলি
মোৰ কলিজাত ঠাঁৱনি ল'লা
মৰম লগা ভাষাৰে,,,,,,,,,,,মাঠো তুমি।
জীৱনৰ ক'লা ডাৱৰ বোৰে চানি ধৰিছে
মোৰ নিথৰ আৰু বিষাদ জীৱন
সুখ মাঠো উন্মাদনা নিৰ্লজ্জ হৃদয়
ক্ষূধা মাঠো ,কটূ,ককৰ্থনা, আলিংগন ,,,,,,,,মাঠো
মানুহৰ দুখ ,হাঁহি ফূটাই তোলা।
ফুলৰ মালিতাই ফুল বাচিছে
ফুলৰ চানেকিত তোমালৈ বুলি
ঊষ্ম যাতনাৰ কালজয়ী চবি
অংকিত মাঠো তোমাৰ বিষাদ হাঁহি।
🖊ধনটি শইকীয়া
[12/28/2016, 10:42 PM] Dhanti Saikia: ✍নিয়তিৰ কৰুন বিননি ✍(এটি ছুটিগল্প)
সন্ধিয়া সময়ত এন্ধাৰে আৱৰি ধৰিছে ল'ৰাটো ৱে এটা কেচাঁআলিৰ মাজেৰে গৈ আছে।চাৰিওফালে গছ- গছনি মানুহৰ কোনো সমাগম নাই,মৌন সময় আৰু পক্ষীৰ গুনগুননি এক গহীনতাৰে খোজকাঢ়ি গৈ আছে মনত কোনো ভয় আৰু শংকা নাই,,মাথো দৃঢ়তাৰে সম গতিত গৈ আছে। মাজতে থমকি ৰ'ল আৰু পেন্টৰ পকেটত হাতভৰাই পেকেটতোৰ পৰা ছিগাৰেত এটা উলিয়াই জ্বলালে অলপ সময় ৰ'ল ছিগাৰেত টো হুপি শেষ নোহোৱালৈকে।অলপ আগুৱাই গৈ এটা ওখ ঢিপ পালে,ছিগাৰেতটো পেলাই,,,আঠূকাঢ়ি ল'ৰাটোৱে বহুত সময় মুৰত হাতথৈ বহি থাকিল।এবাৰ ভগ্ন কন্ঠত ছিঞৰি উঠিল ।সেই শব্দ অস্পষ্ট শোকে জৰ্জৰিত ভগ্ন কলিজাৰ শব্দ ।শব্দটো হ'ল তইমোক এৰি কিয় গুচি গ'লি,,মইনো তোক,,,,,,কি ,,,কৰা নাছিলো অ'।
ল'ৰাটোৱে সৰুটেই,,,বাপেকক হেৰুৱালে এটা কাৰ দুৰ্ঘটনাত সাত বছৰ হওঁতেই বাপেকৰ মৃত্যু ঘটে।মাকেই ডাঙৰ দীঘল কৰিলে ল'ৰাটোক আৰু এজনী ছোৱালীক।সি ভনীয়েকক বহুত মৰম কৰিছিল,প্ৰতিটো মুহুৰ্ততে ভনিয়েকৰ ওপৰত চকু ৰাখিছিল।ভনীয়েক দিনক দিনে ডাঙৰ হৈ আহিল আৰু সমাজৰ চকুত লগা হৈ পৰিল।দেখাত বৰ ধুনীয়া আছিল তাই। মাকে যেনেতেনে সিহঁতক পঢুৱাৰ খৰচ জোগাৰ কৰি দিছিল।
কিন্তু সি মেট্ৰিক পাছ কৰাৰ পাছত পঢ়া বাদ,,দিলে আৰু এটা গাড়ীৰ গেৰেজত কাম কৰি সেই পইচাৰে ঘৰখন চলাৱ ধৰিলে মাকেও কাম কৰিব নোৱাৰা হ'ল ।স্বামীৰ শোকত ভাঙি পৰিল মানসিক ভাৱে দুৰ্বল হৈ পৰিল আৰু শাৰিৰীক ভাৰসাম্যতা হেৰুৱাই পেলালে কম বয়সতে।সেইবাৱে ল'ৰাটোৱে ঘৰৰ সকলো দায়িত্ব পালন কৰিব লগা হ'ল।
সৰু বয়সতে সংগ্ৰাম কৰিব লগা হ'ল সমাজৰ লগত মিলিযাৱলৈ।মৰমৰ ভনিয়েক জনী গাভৰু হৈ আহিল সেই কথাই তাক আমনি কৰিব ধৰিলে আৰু বেচি সময় কাম কৰি পইচা গোটাব ধৰিলে।সদাই ভনিয়েকক স্কুলত থৈ নিজত কামলৈ যায় এনেকৈ সি পৰিয়ালটি চলাইযাৱলৈ ধৰিলে।
নিয়তিৰ কিযে কৰুন বিননী কোনে বুজিৱ ।এদিন সন্ধিয়া ঘৰলৈ আহি থাকোতে কেচাঁআলিৰ মাজতে এক কৰুন বিননী শুনিৱ পালে সি ভয়ে ভয়ে সেই শব্দটো মন কৰিব ধৰিলে।সি শুনিলে এজনী ছোৱালীৰ বিননী ওচৰত গৈ দেখে মৰমৰ ভনীয়েক জনী
শৰীৰত গোটেই তেজৰ চেকুঁৰা কাপোৰ বোৰ ফটা -চিটা মাথাৰ পৰা বহুত তেজ উলাৱ ধৰিছে।তাইক'বলৈ ধৰিছে ককায়েকক কিবাকিবি ,কিন্তু সকলো অস্পষ্ট এনেদৰে বহুত সময় সি নিথৰ হৈ থাকিল মুৰত হাত থৈ ছিঞৰিৱলৈ ধৰিলে কিন্তু কোনে শুনিৱ তাৰ বিননী । সি বুজি পাইছিল যে তাৰ ভনিয়েকক এক দুৰ্বিত্ত দলে ধৰ্ষণ কাৰ্য চলাই সেই হাবিৰ মাজত পেলাই থৈ গ'ল।ভনিয়েকক কেঁকোজেকুকৈ কোচঁত তুলি ঘৰলৈ আহিৱ ধৰিলে।আৰু আধাবাটতেই মৰমৰ ভনিয়েকে প্ৰাণ বিষৰ্জন দিলে।মৰমৰ ভনিয়েকৰ মৰাশটো থৈ প্ৰলাপ বকিৱ ধৰিলে । হেৰুৱাই পেলালে নিজৰ স্মৃতি সেইদিনাৰ পৰাই পাগলৰ দৰে
হৈ পৰিল সি আৰু জীৱনৰ দিশ বিদিশ হেৰুৱাই পেলালে ।
কিন্তু আজিও সি সন্ধিয়া সেই ভনিয়কৰ মৰিশালী ওচৰত গৈ কান্দিৱলৈ পাহৰা নাই তাৰ সংগী মাঠো চিগাৰেটৰ টুকুৰা।
ভনিয়েকৰ ঘটনাই তাক মানসিক বিকাৰ গ্ৰস্ত কৰি পেলালে।
🖊ধনটি শইকীয়া
[12/29/2016, 5:23 PM] Dhanti Saikia: ✍তুমি আহিবা বুলি✍
তুমি আহিবা বুলি
আকুলতাৰে বাট চাই থাকো
লক্ষ্য মাথো তুমি,
তুমি আহিবা মনৰ পিঁয়াহ আঁতৰাবা
হেপাহৰ দলিছাত
বঢ়ি কোমলহাতেৰে আদৰিম তোমাক,
মনৰ পাত্ৰ নভৰালৈকে।
সম্পুণৰ্তাৰ পৰিপ্ৰাপ্তিৰ
লগে লগে তোমাক চিঞৰিম
আহা সময় হ'ল
এই সময় নাথাকে আৰু ৰৈ।
হুমুনিয়াহ কাঢ়ি উলাই যাম
পদুলিৰ মুখত ৰৈ মনৰ পাত্ৰটি উবুৰুয়াই চাম
পিঁয়াহ ৰ পানীটুপি মৰমৰ বুকুচাত আকোঁৱালি ল'ম।
হেপাঁহৰ নদীখন শুকাই গ'ল
কিমান আৰু বাটচাম
আজি আহিলা ভালেই কৰিলা
লগৰ জনক মাতি তোমাক
আদৰনি জনাম ।
ই মোৰ সপোন নহয় অ'
বাস্তৱৰ ৰেঙনি
আকুলমনটিক কেনেকৈ বুজাওঁ
তুমি মোৰ আপোন বুলি
উদুলিমুদুলি মনটো চোৱা, খিৰিকি খুলি কেনেকৈ মেলিছে ঢাপলি
উন্মাদ মনে নুবুজে বুজনি।
তুমি অহাৰ বাতৰি পাই ফুলিছে
মাধৈ মালতি আৰু তগৰজুপি
কাঁইটিয়া গোলাপৰ কলিটিয়ে কেনেকৈ পাঁহি মেলিছে
সন্ধ্যাৰ বুকুত সৰিয়ঁহৰ হালধীয়া বুলে কেনেকৈ তৰাৰ লগত কথা পাতিছে।
আজি তুমি নাই সন্ধ্যাৰ শেৱালিৰ সুৱাঁসো নাই
আছে মাথো নিৰ্জনতা
ঝিলি জনীয়ে চিঁচিয়াই যোৱা
হৃদয় স্পৰ্শি শব্দ
মৌনতাই আজি তাকেই গুনগুনাই।
[12/29/2016, 7:51 PM] Dhanti Saikia: ✍জীৱন মাথো শূন্যতা✍
নিজৰ বুলিৱলৈ নো আছে কোন
সকলো আনৰেই দেখোন
মনৰ কথাবোৰ সাঁচি ৰাখো
তথাপিও আনক নক'লে ভালেই নালাগে অ'
নিসংগতা মানুহৰ বাৱে
অভিশাপ
সেই অভিশাপ মোৰ বাৱে
আজি অভিপ্ৰায়।
কেতিয়াবা নিজৰ কথা ভাবি চাইছানে
আনে বেয়াকে ক'লে কিমান মনত দুখ লাগে
নিজে যেতিয়া আনক ক'ৱা
সেইজনৰ কেনেকুৱা লাগে ভাবি চাবা।
দুখ মাথো দুখ
জীৱন মৰুভুমিৰ মৰিচিকা
বিচাৰি চাওঁ মাথো
ৰৈ যাই আশা
আশাৰ নাওঁখনি থমকি
নিৰাশাৰ সোঁতত বৈ যায়।
পাহৰি যাও জীৱনৰ আশা ভৰষাৰ স্থল
প্ৰেৰণাও পাবলৈ নাই কোনোবা আপোন জনৰ
আছো মাথো ঘোঁচা -কিল খাই,
প্ৰেৰনা মোৰ বাৱে অতীত
সেই অতীতে ৰিঙিয়াই মোক,
সময় নাই অতীত ৰুমন্থন কৰাৰ
সাঁচি ৰখা স্মৃতি বোৰ
নিসংগতাৰ লগৰী হৈ যায়
সেইয়াই আজি অভিপ্ৰায় জীৱনে মাথো শূন্যতাৰ বীজ সিঁচি যায়।
🖊ধনটি শইকীয়া
[12/30/2016, 5:13 PM] Dhanti Saikia: ✍লুইতৰ আৱেলি✍
ৰঙ তুলি ৰঙানৈ
সোৱঁনশিৰিত মিলি গ'ল
সোৱনশিৰিৰ সোন চপৰা
লুইততে পৰি ৰ'ল।
পানীও শুকাল সোনো
লুকাল
লুইত আজি উকা হৈ গ'ল।
লুইত পাৰৰ কহুঁৱাই
সুহুৰিয়াই
বিৰিনাই মিচিকিয়াই
ইকঁৰা খাগৰিয়ে
আৱেলি মলয়াত ঢৌ
খেলি যায়।
দুৰৈত ভাঁহি আহে
ঐনিতমৰ সুঁৰ
বিষাদ ৰ বাঁহীটি
নিতাল হৈ পৰিল।
ৰঙিলী,ৰাংঢালি,ফাগুনি
ডিঙিত পিন্ধি ৰঙামনি
ঢাপলি মেলিছে মিছিং
সাজেৰে ঘৰলৈ বুলি।
ৰংদৈ তাঁতৰ শাঁলে মাতে
মাঁকো চিতিকি পৰে
চেনাইলৈ বিহুৱান খনি
অকপতে সাজুকৰো বুলি
ৰঙাই ঢোলৰ মাত শুনি
ৰংদৈ মেলিলে ঢাপলি।
বেলি লঁহিয়ালে লুইতৰ
নীলা পানী উজ্বলি উঠিছে
পশ্চিমৰ সুৰুজে হেঙুলিয়া
ৰহন সানি
লুইতৰ বুকুৰ পৰা
মেলানি মাগিছে।
ঐনিতমৰ সুঁৰে জীপাল কৰি তুলিছে লুইতৰ
হেৰুৱা স্মৃতি
পক্ষীজাকে উৰামাৰি
আকাশৰ বুকুত শান্তি বিছাৰে ক্লান্তমনেৰ বাঁহলৈ মেলিছে ঢাপলি।
সন্ধ্যাৰ বুকুত জোনবাইৰ
জ্যোতিত হৈ পৰিল ৰূপোৱালি আজিও
মনৰ পৰে সেই লুইতৰ আৱেলি।।
🖊ধনটি শইকীয়া
[12/31/2016, 2:36 PM] Dhanti Saikia: ✍মৰমৰ কলিটি গ'ল মৰহি✍
ফুলৰ দৰে ফুলিবা
পখিলাৰ দৰে পৰিবা
গুনগুনাই ফুৰিৱলৈ নহয়
যে মই ভূমোৰা।
মাখি হৈ উৰিযাম
মৌ
পান কৰি যাম
তোমাৰ কেঁচা মৰম বোৰ
হৃদয়ৰ কোঠালিত ভৰাই যাম।
অভিমান বোৰ আতৰাই
দুখবোৰ বুটলি সুখৰ
বুকুচাত লৈ যাম
চকুলো বোৰ মচি,
হাঁহিৰে ফুটাই তুলিম মৰমৰ কলিটি
উদ্ভৱ হ'ব মৰমৰ
পাঁহিতি।
হৃদয়ৰ স্পন্দন বোৰ
গুঞ্জৰিত হ'ব মৰমৰ গুনগুননিত হেপাঁহ বোৰ পৰি ৰ'ব তোমাৰ মনফুলনিত
আশাবোৰ সিঁচি দিম
নিৰাশ হৈ পৰি যাম
কিনকিনীয়া বৰষুন জাকত।
প্ৰেমৰ এটি নাম লৈ
বান্ধ খাই পৰিম
মৰমৰ দোঁলেৰে
এৰাৱ নোৱাৰাকৈ,
মৰমৰ পাহিঁতি ফল হৈ
বতাহত এটি এটি কৈ সৰি পৰিব,
বহুজনে ফৰ্মুঠি মাৰিব
ঠেতেলাই পেলাব মৰমৰ ফলটি এলাগী হৈ ৰ'ব ৰাস্তাৰ কিনাৰ দুৱৰিত
বুটলি নল'ব কোনেও
আৱতৰিয়া বুলি।
মৰম মাথো শেতা পৰিব
প্ৰেমৰ পচা কাঠত ঘ্ৰোনে ধৰিব তাতে আকৌ আহি ভূমোৰা পৰিব
মৰমৰ ফুল যাব মৰহি
আৱতৰিয়া মৰম বোৰ
হ'ব সলনি।
[1/1, 8:40 AM] Dhanti Saikia: 🙏🏽🙏🏽নৱবৰ্ষৰ শুভেচ্ছাৰে
প্ৰবীণ সুৰুজৰ অৱসান ঘটিব,নতুন সুৰুজে ৰিঙিয়াব
নতুনজীৱনৰ পাতনি মেলিব
সংগ্ৰাম হ'ব উৰ্ধমুখী জীৱনৰ
আশা হ'ব উন্নতিৰ
টিংগ হ'ব সৰ্বোচ্চ
সফলতা হ'ব সুন্দৰৰ।
🖊ধনটি শইকীয়া
[1/1, 2:24 PM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽✍নৱচেতনাৰ আলোক✍
নতুন জীৱনৰ পাতনিত
আদৰিছো নতুন আলহিক
নৱচেতনাৰ আলোক বিচাৰি
সভ্যতাৰ প্ৰতিক বিচাৰি।
পুৰ্ণতা মাথো সপোন
পৰিপক্কই হৈছে জীৱন
ম্ৰিয়মান স্মৃতি তৰংগত
উশৃংখলতাৰ আঁৰত
ভাঁহি আহে জীৱনৰ
কংকিলতাৰ জুই।
প্ৰতিটো খোঁজেই কাঁইটিয়া
দাগ দেখোন মচিব নোৱৰা
প্ৰতিটো দাগেই সোৱঁৰনীৰ পাতত লিপিবদ্ধ
সোনালী ৰঙেৰে।
ৰঙ বোৰ হেৰাই গ'ল
আশা বোৰ উদঙিয়া হ'ল
চেঁকুৰি ফুৰিছে মুকলি পথাৰত
দুই নাও দুভৰি হৈ
ঘুৰি ফুৰে অঁঘৰি হৈ
আগুৱাই যোৱা সকলো
সফলতাৰ প্ৰহৰী হৈ।
🖊ধনটি শইকীয়া
[1/2, 12:36 PM] Dhanti Saikia: মানুহৰ জীৱনলৈ বহুজন আহে আৰু বহুজন আহি গুছি যায়
একো খৱৰ নোলোৱাকৈ
মনৰ নাম ঠিকনা নুসুধাকৈ গুছি যায়
বহুজনে হিয়াৰে স্পৰ্শ কৰি
হৃদয়ত থিতাপি লয়
তাৰে মাজত এজনেই বিশেষ সেইজনে আকৌ গোটেই জীৱনটো কাঢ়ি লৈ যায় আশা ভৰসাৰ স্থল।
বিশেষ জনে যেতিয়া এৰিথৈ যায় বুকুখন শূন্য হৈ যায়
থাকি যায় মাথো হৃদয়ৰ স্পন্দন শ্বাস-প্ৰশ্বাস
জীৱনৰ উজাগৰী নিশা
গাই যাওঁ মৌনতাৰ গান
ভাষাই বিছাৰি নাপাওঁ
থমকি ৰৈ গুনগুনাও
মাথো বিছাৰি পাওঁ নিজৰ ছাঁ
আজি ছাঁটিকে সুধি চাওঁ
অন্ধকাৰে আৱৰি থকা বুকুখনত তোমাৰ প্ৰতিবিম্ব বিছাৰি নাপাওঁ
পাওঁ মাঠো এটি জকাঁ
তোমাৰ নামটেই উৎসৰ্গিত কৰা।
আশা মাথো ৰেঙনি
জুলুঙাৰে পাৰ হ'ব খোজা
এক জিলিকনি
হৃদয়ত বাজি থাকে
এক কৰুন বিননী।
[1/2, 4:34 PM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽
সময়ে যদি কথা ক'লে হেতেন 🙏🏽🙏🏽🙏🏽
সময়ৰ লগত আগবাঢ়ি
গ'লো হেতেন
সময়ৰ বুকুচাত
উঠি ফুৰিলো হেতেন
সেইবোৰ সপোন
মাথো সপোন
সময় বৰ নিষ্ঠুৰ অ
একো ক'বও নিবিচাৰে
সেই মৌনতাৰ বাৱেই
দিন আৰু ৰাতিবোৰ
একেই গৈছে
মনত স্পৃহাভাৱে সময়ৰ
লগত খোজ মিলাবলৈ
কিন্তু সময়বোৰ
নিষ্ঠুৰ অ'
কেৱল অতীত হৈ ৰৈ
স্মৃতি হৈ ৰৈ
সেই নিষ্ঠুৰতাই কথা নকয়
বিষাদৰ লগৰী
হৈ যায়
মনটিক খুলি খুলি খাই
কেতিয়াবা ভাবানে সময়ে যদি কথা ক'লেহেতেন
কেনেকুৱা লাগিলেহেতেন।
🖊ধনটি শইকীয়া
[1/2, 9:00 PM] Dhanti Saikia: ৰাইজ ,,,ইমান শান্তি যে
🙏🏽🙏🏽🙏🏽
মইয়ে অশান্তি
শান্তি তেতিয়া
পাৱা যেতিয়া
মৃত্যুক ল'বা আকোৱালি।
সত্য জীয়াই থাকিব
অশুদ্ধতাৰ বিলুপ্তি ঘটিব
ৰাইজ ইমান শান্তি কিয়
আমিটো জীৱ
নহয়তো জড়
ধেমালি মাথো কৰো
বেয়া নাপাব
কেতিয়াবা গুনগুননি
কোলাহ'ল হয়
কেতিয়াবা কোলাহ'লো
ভাল লগা হয়
ৰাইজ নাই আমাৰ শান্তি
জীয়াই থকাই আমাৰ অশান্তি।
🖊ধনটি শইকীয়া
[1/3, 8:07 AM] Dhanti Saikia: ✍সৰাপাত এখিলা✍
তুমি আছা বাৱেই মোৰ সকলো আছে
তুমি আছা বাৱেই পুৱাৰ সুৰুযে হেঙুলিয়াই,,,
নিয়ৰৰ কনা পৰি আশা সিঁচি যাই,,
সপোন লগা সময় বোৰ আজি নাই
আছে মাথো ভৰ বাৰিষাৰ
লুইতৰ সোঁত
পাৰ নোপোৱা ঢৌ
মনৰ খলকনি,
দুখৰ চকুপানী বোৰ লুইতৰ সোঁতে
ফেনেপুতুকাই
উতোৱাই নিচে
প্ৰশান্ত মন আজি শান্ত আৰু গহীন হৈ পৰিছে।
তুমি আছা বাৱেই দুপৰীয়া সুৰুযে প্ৰখৰ জ্যোতি বিলাইছে
এবাৰ মৰমেৰে আৰু এবাৰ খঙেৰে চাই,,
শান্তিৰ সেউজী ৰঙৰ লগত মিলি
আকৌ হেঙুলীয়া হৈ পৰিছে,
চোৱা সেন্দুৰীয়া বুল বোৰ কেনেদৰে সিঁচি দিছে
যেন অংকিত তোমাৰ কপাঁলৰ হেঙুলী সুৰুজ আৰু উদ্ভাষিত ৰশ্মি।
তুমি আছা বাৱেই সন্ধ্যা নামে
সন্ধ্যাৰ বুকুত তৰা বোৰে কথা পাতে
জিলমিলাই থাকে চন্দমাৰ ৰূপালী ৰঙত
যেন তোমাৰ সোনালী ৰঙ বোৰ আতৰি যাই চন্দমাৰ
আন্ধাৰৰ লগত।
আজি তুমি নাই আছে মাথো মৌনতাসিক্ত অন্ধকাৰময়ী আঁউসী
তুমি আছিলা জীৱনটো ৰঙীন আছিল
আজি নাই এই সুৰুজৰ জ্যোতিও নাই,,,,
আছে মাথো শুষ্কতা
শেঁতা হৈ সৰি পৰা
সৰাপাত এখিলা।
🖊ধনটি শইকীয়া
[1/3, 7:50 PM] Dhanti Saikia: অনুভৱ
মইনো কি ক'ম
সকলো তোমাৰ
তুমিনো কি কৰিবা
মই নাথাকিলে তুমিও
আন্ধাৰ
সেই আন্ধাৰ মোৰ লগৰীয়া
আন্ধাৰৰ ছাঁ টোৱে
মোক দিক্ দেখুৱাই
সেইয়াই মোৰ প্ৰেৰনা
অনুভৱ মাথো মোৰ তুমি
জিলিকাই তোলা চন্দ্ৰকলা।
[1/4, 6:27 PM] Dhanti Saikia: ✍ভালপোৱা এক অভিশাপ✍,,,
কাৰোবাক ভালপোৱাটো ভূল নহয়,ভাল পোৱা সকলোৰে লগত হ'ব পাৰে
কিন্তু ভালপাই কাৰোবাক অন্তৰ সঁপি দিয়াটো ভূল।
কাৰন তেওঁ তোমাক ভালপোৱাৰ অভিনয়ো কৰিব পাৰে,,,।
ভাল সেই জনক পাবা
যিজনে তোমাক সময় নিদিয়ে কিন্তু খৱৰ লয়।
যিজনে তোমাক বেছি সময়
দিব কেইদিনমানৰ ভিতৰত তোমাক ,,,আপোন কৰি ল'ব আৰু যেতিয়া তোমাৰ ভাল পোৱা গভীৰ হ'ব তেতিয়া তোমাৰ কাষৰ পৰা আতৰি যাৱ আৰু আনক সময় দিব। তেনে ভালপোৱাই তোমাৰ জীৱনলৈ অন্ধকাৰ চপাই আনিব পাৰে।
ভাল সেইজনক পাৱা যি তোমাক সময় নিদিয়ে কিন্তু তোমাৰ প্ৰতিটো কথাই সচাঁ অন্তৰেৰে গ্ৰহন কৰে।
🖊ধনটি শইকীয়া,
[1/4, 9:32 PM] Dhanti Saikia: মোৰ কবিতা 🙏🏽🙏🏽🙏🏽
মোৰ আৱেগ
মনৰ কথাবোৰৰ প্ৰকাশ ভংগী
যদি বিশ্লেষন নকৰো
সিয়েই কথা ,,
তোমাক কোৱাৰ দৰে
ক'লেও কথা
কবিতাৰ ভাব
বুজি নোপোৱা
যিধৰনে পোনাই চোৱা
সেইধৰনে পাবা
কবিতা মাথো কবিতা
ইযে নহয় কথা
মোৰ কবিতাৰ ছন্দত
নাই বিশেষন
সৰ্বনাম তুমি,,,,মই মাথোন
নাম মাত্ৰ বিশেষ্য
দুখ নকৰো
কাৰোবাৰ ৰূপ সলনি কৰি বলৈ
মই যে নহয় অব্যয়
কবিতা মাথো
অনুভৱ ভাৱবোধক বিশেষ্য,।
🖊ধনটি
[1/5, 10:54 AM] Dhanti Saikia: 🙏🏽🙏🏽✍প্ৰতিক্ৰিয়া✍
সিৰাই সিৰাই আজি শোনিত বাগৰে,,
কৰাঁল বান্ধি গোট মাৰে।
হৃদয়ৰ কোনোবা কোনত
তেজপিঁয়া বোৰে থিতাপি লৈ
মৰমৰ লোহিত কনাবোৰ
চুপি চুপি খাই,
শ্বেত কনাবোৰ এলাগি কৰি
দিয়ে।
শেতা পৰা কলিজা খন
নিষ্ঠুৰতাৰ পিঞ্জৰাত আৱদ্ধ
শাস্তি মাথো নিৰ্বাসন কাৰাদন্দ।
দুখৰ চকুলো বোৰে
তৃক্ত বুকু খনত খোন্দা মাৰি
জোৱাৰ-তোলে ক্ষনপ্ৰবাহী
অবিশ্ৰান্ত অবিকল,,ক্লান্ত।
জীৱনটোৱে বহুতেই শিকাই
জীৱনৰ গতি বিধি
নদীৰ গতি ৰুধিব পাৰি
প্ৰলয়ংকাৰি বান-কো ভেটিব পাৰি
কিন্তু জীৱন যুঁজৰ ক্ষেত্ৰখনত
খেলুৱৈ নোহোৱাকৈও খেলিৱ পাৰি
সেইখেল মাথো, জীৱন যাত্ৰাত সন্নিহিত,
প্ৰতিক্ৰিয়া মাথো বিপৰীত মুখী।
🖊ধনটি শইকীয়া
[1/6, 10:43 AM] Dhanti Saikia: :✍✍এটি ছবি,:✍✍
তুমিয়েই মোৰ কল্পনাৰ পৰী
তোমাকলৈ আঁকো ক'ত ছবি
ৰঙেৰে বুলাই উজ্বলাই তোলো তোমাৰ মুখখনি।
সেই মুখখনি,,ৰ হাঁহিটি
কিমান যে আৱেগ সনা
বৰ আমনি কৰে হৃদয় তৰংগত ,দোলা দি থাকে ,,
লাটুমৰ দৰে হৃদয়ৰ প্ৰতিটো কোনত।
তুমি বুজিও নুবুজা মনৰ কথাবোৰ,বুকুৰ বেথাবোৰ।
মাথো নিভাঁজ কোনত অংকিত তোমাৰ ছবি বোৰ
যাৰ মৰমে ধুৱাই নিয়ে
জোনাকৰ কোমল ৰ'দালি
যাৰ পৰশত ফুলে সন্ধ্যাৰ শেৱালি।কৃত্ৰিম প্ৰেমৰ
মাদকতা বোৰ আৰু মৰমৰ মিঠা মাত বোৰ ক'ত গ'ল
মাথো ধেমালি,তুমিটো ধেমালিও কৰিব নাজানা,
তুমিয়েই কৈছিলা বেছিকৈ হাঁহিলেও তোমাৰ চকুৰ পানী সৰে।
কৈছিলা আৰু বহুতো সকলো প্ৰতিশ্ৰুতি মিছা,
সত্য এটাই তুমি আনৰ হ'লা
প্ৰেমে সপোন দেখিব শিকাই
সেই সপোন আজি ত্যাগৰ বলি ,
মাথো অংকিত হৃদয়ত তোমাৰ ছবি।
🖊ধনটি শইকীয়া
[1/6, 3:59 PM] Dhanti Saikia: ✍অনুভৱ মাথো তুমি✍
তোমালৈ বুলি মোৰ মনৰ কথা আজিয়েই দিলো খুলি,
এজনী হাতী পোৱালীৰ প্ৰমত পৰিলো
কিযে বলীয়া সেই হাতী পোৱালিটো,,
মৰমৰ শিকলীয়ে বান্ধিৱ খুজোতেই মেলিলে ঢাপলি।
ইমান যে লাৱনী তাইৰ চকুজুৰি
দেখিলেই প্ৰেমত পৰা,
যৌৱনৰ উন্মনা সময়ত
দৌৰি ফুৰা হাতী জনী, দিশ হাৰা প্ৰেমৰ জীপাল পুখুৰীত।
তাই এতিয়াহে উন্মনা ।
যেতিয়া প্ৰেমৰ খালত পৰিছিল
তেতিয়া নিচুপ হৈ আছিল,
ভৱাই নাচিলে প্ৰেমে যে ধ্বংসাত্মক খেল খেলিব।
বুকুৰ সপোন বোৰ
বুকুতে সামৰি আতৰি আহিল নবজাতকৰ
সংগী বিচাৰি ।
সংগী আজি তাইৰ বুকুৰ পোৱালী
উন্মাদ আজি জীৱন পথৰ
সুযোগ্য সংগী বিচাৰি,
ঠিকনাবিহীন জীৱন বাটত
এটি মিঠা হাঁহি মাৰি
তাই জীয়াই আছে,
সেই হাঁহিৰ সুৰতে আজি
দিঙা মেলি প্ৰেমৰ সপোন
ৰাখিছো ঢাকি।
মাথো সহাৰি
তোমাৰ মৰমৰ,,,,
তোমাৰ সপোনৰ
যদিহে দিয়া সহাৰি ,
মৰমৰ ফুল খোপাটে দিম গুজি।।
🖊ধনটি শইকীয়া
[1/7, 1:31 PM] Dhanti Saikia: 🙏🏽🙏🏽✍✍জীৱন তৃষ্ণা✍✍
জীৱন তৃষ্ণা
অফুৰন্ত মনৰ হেপাঁহ
গুন গুন গানে গানে
তোমাৰ গীত ভাঁহি আহে
কবিতাৰ ছন্দত
তোমাৰ ভাৱেই জীপাল কৰি
তোলে
কবিতাও হৈ উঠে জীৱন্ত।
জীৱন সাগৰত পালতৰা নাও মেলি
দিশ বিদিশ হেৰাই গ'ল
মাজ বাটত বঠাহীন
হৈ খুপনি পুতি ৰৈ আছো।
বিস্মিত সময় কালান্তক অবিৰুদ্ধি ,
সময়ৰ মৌনতা
সপ্ন আকাশৰ শূন্যতা
নিজম পৰিয়া সেমেকা ৰাতিৰ শালিনতা বোৰ হেৰাই গ'ল
মৌনসিক্ত সময়ৰ এলান্ধুৰ লগত।
বিপৰীত প্ৰতিচ্ছবি মাথো
জীৱন বিভীষিকা
সপ্নপীপাষু সময়ৰ
হাঊলি পৰা উচ্চ শৃংগ বোৰ
হিমপ্ৰবাহে আবৃত চেঁচা কংকাল বোৰ যেন
জীৱন শাঁলত খোদিত
এটি ভাস্কৰ্য্য
আতৰৰ পৰাই নিমজ্জ মসৃণ ওচৰত গ'লেই মৃত্যুভয়ৰ আশংকা
ঘনে ঘনে প্ৰজ্বলিত
অন্তৰৰ বহ্নি শিখা।
জীৱন মাথো মৰুভূমিৰ
মৰিচীকা।
🖊ধনটি শইকীয়া
[1/7, 5:22 PM] Dhanti Saikia: ✍শিল্পী মাথো ভাৱনাৰ✍
ভালপোৱা বোৰ যদি সাহিত্য হ'ল হেতেন
ভালপোৱাৰ সান্নিধ্যৰ পৰশবোৰ এটি এটিকৈ
কবিতাৰ তুলিকাত তুলি পেলালো হেতেন।
প্ৰেমৰ জখলাত বগাই
বহুতেই বাগৰি পৰে,
বহুতেই পৰি নিজৰ অস্তিত্ব হেৰুৱাই
সেইবোৰ ৰঙৰ তুলিকাৰে আঁকিপেলালো হেতেন
যদি মই শিল্পী হ'লোহেতেন
হৃদয়ৰ ভঙা টুকুৰাবোৰ এটি এটিকৈ বুটলি যোৰা লগালো হেতেন
যদি মই প্ৰেমৰ খনিকৰ হ'লোহেতেন।
অভিনয় নহয় এইয়া জীৱন নাটৰ
অভিনয় মাথো সৃষ্টিৰ আদিপাঠৰ
সাহিত্য মাথো শব্দৰ গাথাঁ
জীৱন মাথো কঠুৰতা
সৃষ্টিয়েই যদি প্ৰতাৰনা
মাথো সহাৰি যান্ত্ৰনা,
কুতিল ভাৱনা বোৰ
কৃপনালিৰ গাথা বোৰ
মাথো অংকিত কবিতাৰ ছন্দত
মাথো লুকাই থাকে সত্যতা ,
ভাৱৰ আবৰ্তত।
শিল্পী মাথো চেতনা
ভাৱনাৰ আৰত।।
🖊ধনটি শইকীয়া
[1/9, 5:14 PM] Dhanti Saikia: মোবাইলৰ চেলফিবোৰৰ দৰে
জিলিকি আছা চকুৰ পটাত আজিও,
হৃদয় মন্দিৰৰ দুৱাৰ -দলিত তুমি থিয় দিছিলা,
অজস্ৰ জনসমাগমৰ মাজত জিলিকি আছিলা অসমীয়া সমাজৰ সাজপাৰত
নম্ৰতাৰ প্ৰতীকৰ ৰূপত।।
এক সপোনৰ সন্ধানত
মনৰ একাগ্ৰতা স্থিৰ হৈ পৰিল
উদুলি -মুদুলী মনটো
অস্থিৰ হৈ পৰিল,
যেন তুমি পপীয়া তৰা
পৰিয়েই আতৰি গ'লা ।।
মাথো চকুৰ পটাত
জিলি থাকিল প্ৰতিবিম্ব।
সপোন আছিল,
সেই সপোনৰ সন্ধানত
তুষাৰ শুভ্ৰ শীৰ আৰোহন কৰিলো।
শ্বেতসাগৰ ,ক্ষীৰসমুদ্ৰ
বুৰ মাৰিলো তথাপিও সপোনৰ সন্ধান নাপালো
পাহৰি গ'লো জীৱনৰ
আশা,,,
মনটি উজ্জিৱীত মাথো
সন্ধানহীনতা অবুজ বেদনা।।
[1/10, 3:26 PM] Dhanti Saikia: ✍আৱতৰিয়া বৰষুন✍
মনৰে কথাবোৰ ক'বলৈ মন যাই
ক'লে জানো
বুজিবা তুমি।
মনৰ পুখুৰীত
মৰম পুহিলো
মাথো তোমালৈ বুলি ,
তুমি নুবুজিলা
মনৰ কথা বোৰ
পুনীয়ে
ধৰিলে ছালি।
অভিমানী জাল
কিয় নো পেলালা
মৰম সৰকি যোৱা ,
বাৰিষা গ'ল খৰালি আহিল
মৰম
শুকাই খৰ মৰা।
মৰম নামৰ সাগৰ খনি
নিতিতাকৈ থাকিল ছন পৰি,
ক'ৰ নো এজাক আৱতৰিয়া
বৰষুনে
দিলেহি তিয়াই আজি।।
🖊ধনটি শইকীয়া
[1/11, 12:49 PM] Dhanti Saikia: ✍মাথো তুমি✍
তোমাক নকওঁ 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽 মোৰ মনৰ কথা
কাৰন
এতিয়াও ঠিকনা বিহীন
তুমি
তোমাৰ বাৱে নহয়
মোৰ জীৱন
জীৱনৰ সুন্দৰতাহে
তুমি
আবিৰ সনা মুখখনি
আৱদ্ধ মাথো
চকুৰ পটাত।
অনুভৱৰ দলিজাত
কোমলতাৰ নিভাজ
কোনত মাথো
অংকিত
তোমাৰ ভাষা
ক'লে জানো
বুজিবা মোৰ কথা।
তুমি মোৰ
হৃদয়ত বিৰাজমান,
প্ৰেমৰ নেওতাত
কেতিয়াবা আওৰাই চাম
স্মৃতিৰ পাতত
লিখা থাকিব
তোমাৰ নাম
কবিতাৰ ভাবত।
🖊ধনটি শইকীয়া
[1/11, 5:27 PM] Dhanti Saikia: 🙏🏽🙏🏽সময়,,,,তুমি আৰু নাথাকিবা ৰৈ
সময়ৰ লগত কাম
কৰি কৰি পৰিছো ভাগৰি ঐ,,,,
সিদিনা মনত আছেনে
তুমি কৈছিলা ,,,,
সকলো কাম সময়তে
হৈ যাই,,,,
দিনৰ পিছত ৰাতি হয়
আকৌ দিন হয়
ই সত্য যে,,,
সকলো সময় মতে হয়
কিন্তু মানুহবোৰে কি
কয় ,,,সময়মতে সময়ৰ
কাম কৰিব নোৱাৰে
কাৰন কৰ্ম উদ্যমৰ অভাৱ।
সময় তই আৰু নাথাকিবি ৰৈ,,,,,,
[1/11, 10:26 PM] Dhanti Saikia: তুমি জীৱনৰ শুভাষি
তুমিয়েই মোৰ প্ৰথম ৰেঙনি
কৈশোৰ কালৰ লগৰী
সংগী মাথো মোৰ প্ৰতিটো খোজৰ
তুমি নহ'লে মোৰ প্ৰতিটো খোজতে কাইঁটকে পাওঁ
ইমান যান্ত্ৰনা তুমি অবিহীনতাত
সেই দুখবোৰে আজিও বুকুত খুন্দিয়াই,
প্ৰতিটো উজুটিত তুমি চিটিকি পৰা আখৈ ফুতাদি মোৰ জীৱনৰ পৰা
আধা ভঙা টুকুৰা বোৰ
বুটলি লৈ,,
মনৰ উদ্যমত আগবাঢ়ি যাওঁ
ইমান যান্ত্ৰনা কিয় দিছা মোক
মই আজি দিশ হাৰা
তুমি বিহীনতাত
[1/11, 11:36 PM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽অসমৰ অসমীয়া বন্ধুসকলৈ ছয়মহীয়া সম্পুৰ্ণ হোৱাৰ এক উপহাৰ মোৰ ফালৰ পৰা🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽
🙏🏽🙏🏽✍ভালপাওঁ তোমাক
কিয় নাজানো✍
ভাল লাগে তোমাক
বহুত ভাল পাওঁ তোমাক
কিয় জানো ?
বুজাৱ নোৱাৰো ভাষাৰে।
তোমাক নাচালে
তোমাৰ কাষত নাহিলে
মনে বৰ আমনি কৰে,
সেয়ে হয়তো মনৰ খিৰিকি খোলাৰ লগে লগে দৌৰি আহো তোমাৰ কাষলৈ
মনৰ কথা পাতিবলৈ।
ধেমাালিতে কেতিয়াবা
বহুত বেয়াকৈ কয় দিও
বেয়া নাপাবা,
মৰমেৰে আঁকোৱালি ল'বা।
প্ৰেম জানো এনেকৈয়ে হয় আজিহে বুজি পালো
তোমাৰ কাষত থাকিলে মোৰ ভাগৰো নালাগে
টোপনিও নধৰে , কিয় নাজানো
তোমাক বহুত ভাল পাওঁ
অন্তৰৰ পৰা কৈছো।
তুমি একো নুবুজা
মানুহেই নুবুজে তুমি কোন?
তুমি মোৰ সময়ৰ আলোক চিত্ৰ তোমাক আঁকি থাকোতেই সময় বোৰ গুছি যাই গমকে নাপাও,
চোৱা তোমাক আঁকোতেই ছয় মাহ গুছি গ'ল গ'মেই নাপালো ,
তোমাৰ প্ৰেৰনাই মোক হাঁহিব শিকালে
কত জনৰ আশ্বাস পালো।
আজি মাথো ক'বলৈ মন যাই
তুমি কিয় আওকান কৰিছা,,,,
সময় নাই নেকি?তথাপিও
মানুহৰ ৰং আছে
এই ৰঙেৰে উজ্জিৱীত ছয়মাহৰ চবিটিক সম্পুৰ্ণ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি দিবানে তুমি,
দিবানে তোমালোকে!
অনুৰুধ মাথো তোমালোকৰ প্ৰতি।
🖊ধনটি শইকীয়া
[1/12, 10:16 AM] Dhanti Saikia: অন্তৰৰ নিগৰিত ভাৱ বোৰে বৰকৈ খুন্দিয়াইছে বুকু খনত।
মোৰ আকলুৱা মৰমৰ বাহিৰে তোমাক দিৱলৈও একো নাই,
তোমাৰ প্ৰেমৰ নামতেই
উৎসৰ্গিত হ'লো,
প্ৰেমৰ বলীয়া বানে বৰকৈ জুৰুলা কৰিছে
মোক,,মাথো তোমাৰ মৰম পোৱাৰ আশাত
এই মৰম চিৰযুগমীয়া
কৰিবানে তুমি,
হৃদয়ৰ প্ৰতিটো কোনত ৰাখিবানে মোক
তোমাৰ সচা মৰমে শুৱাই,,
আজি তোমাৰ জন্মদিনৰ উপহাৰ দিৱলৈও একো নাই,,
মোৰ সচা মৰমৰ বাহিৰে।
জীৱনৰ প্ৰতিটো খোজতে আকোৱালি
ল'বানে?
তোমাক প্ৰতিশ্ৰুতি দিলো মই মৰমৰ ভাষাৰে
জীৱন লগৰী কৰাৰ আশাৰে
[1/12, 7:33 PM] Dhanti Saikia: 🙏🏽✍ভোগালী✍
মাহৰ ৰজা তুমি মাঘ
সপোনৰ ৰাণী তুমি মাঘী
যৌৱনে উতলা হৈ
পৰিছানো কিয় আজি।
হেমন্তৰ পৰশত উদ্জীৱিত তুমি
যৌৱন সনা তোমাৰ
মুখখনিত ভোগালীৰ
ভোগ সনা হাঁহি।
তোমাৰ উৎফুল্লিত হাঁহিত
প্ৰকৃতিয়ে বীৰ্য্য সানি
ৰূপ দিলে পুষ্পিতা কৰি
সেই সাজেই আজি ,
তুমি
হৈ পৰিলা ভোগালী।
বীজেৰে উভৈ-নদী
কত চেতনা পাৰ কৰি
ঠাণ্ডাত শেঁতা পৰা মুখখনিত
জিলিকিছে দেখোন
সুন্দৰতাৰ হাঁহি
ধন্য আজি তোমাৰ ৰূপত যত নৰ-নাৰী,
ভোগৰ ৰানী হেতু
তুমি ভোগালী।
আনন্দৰ সীমা নাই
আজি
তোমাৰ প্ৰেৰনাৰ জৰী
সপোন কুৱঁৰী
তুমি প্ৰেয়সী,
মন উন্মাদিনী
নাম
তোমাৰ ভোগালী।
🖊ধনটি শইকীয়া
[1/12, 10:07 PM] Dhanti Saikia: ✍উপহাৰ✍
অন্তৰৰ নিগৰিত ভাৱ বোৰে বৰকৈ খুন্দিয়াইছে বুকু খনত।
মোৰ আকলুৱা মৰমৰ বাহিৰে তোমাক দিৱলৈও একো নাই।
তোমাৰ প্ৰেমৰ নামতেই
উৎসৰ্গিত সকলো।
প্ৰেমৰ বলীয়া বানে বৰকৈ জুৰুলা কৰিছে
মোক,,
মাথো তোমাৰ মৰম পোৱাৰ আশাত।
এই মৰম চিৰযুগমীয়া
কৰিবানে তুমি,
হৃদয়ৰ প্ৰতিটো কোনত ৰাখিবানে মোক ,
তোমাৰ সচা মৰমে শুৱাই,।
আজি তোমাৰ জন্মদিনৰ উপহাৰ দিৱলৈও একো নাই,,
মোৰ সচা মৰমৰ বাহিৰে।
জীৱনৰ প্ৰতিটো খোজতে আকোৱালি
ল'বানে?
তোমাক প্ৰতিশ্ৰুতি দিলো মই মৰমৰ ভাষাৰে
জীৱন লগৰী কৰাৰ আশাৰে।
মৰমৰ হৈ থাকিম
মাথো তোমাৰে।
🖊ধনটি শইকীয়া,,,
[1/14, 11:25 AM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽সুপ্ৰভাত✍✍প্ৰভাতী কিৰন✍
কুঁৱলীৰ ফাকেৰে সুৰুযে
ভুমুকি মাৰিচে,,,,
এটি মিচিকি হাঁহি মাৰি
মন ভূলাইছে ,
সকলো,,
সেই হাঁহিতেই আপোন পাহৰা,,,,
সেই ৰঙতে প্ৰাণ পাই,,
জীপাল হৈ উঠে সভ্যতা,,,।
পুৱাৰ সুৰুযৰ ঠিকনা বিছাৰি
পক্ষীজাকৰ কিযে,কলকলনি
সেই শব্দটেই
সাৰ পাই উঠে প্ৰকৃতি ৰাণী।
নিশাৰ কোলাত শুই থকা বগলীজাকে
উৰা মাৰে আকাশলৈ
যেন কঢ়িয়াই আনিবলৈ
শান্তিৰ বতৰা দুৰ দিগন্তৰ পৰা,,শুভ্ৰ
প্ৰতীক হৈ।
পুৱাৰ সুৰুযে ৰঙ আনে,
প্ৰকৃতিৰ বুকুত বসন্ত সানে
জিলিকাই তোলে মানুহৰ মনপ্ৰাণ
আনন্দ আৰু একতাৰ দোলেৰে।
মাথো কামনা
প্ৰভাতী কিৰন
হওঁক
কুলুকুলু কৈ বৈ অহা শান্তিৰ নিজৰা।
🖊ধনটি শইকীয়া
[1/14, 5:39 PM] Dhanti Saikia: সন্ধ্যা তৰাই,,
তোমাক মাতিছে
তোমালৈ চাই
কেনেকৈ
হাঁহি মাৰিছে।
যেন তুমি জোনাকী
পৰুৱা
জিল মিল সন্ধিয়াত
জিলিকি পৰিছা।
শুভ সন্ধ্যা যাছিলো।
[1/15, 12:58 PM] Dhanti Saikia: ✍✍প্ৰেম মাথো এটি নাম ✍✍
প্ৰেমৰ ষ্টেচনত
কতবাৰ উঠা নমা কৰিলো
পাও মাথো ,,,নিৰ্দিষ্টতা
এবাৰ চোৱাৰ আৰু থমকি ৰোৱাৰ।
সেইদিনা নামিয়েই তোমাক লগ পালো
তুমি কিন্তু অকলে নাচিলা লগত আছিল
তোমাৰ আশা ,,
সেই আশা বোৰ দেখি
বুকুত জোৱাৰ উঠিছিল।
চুনামীৰ দৰে পলকতে ধ্বংস কৰিছিল মনৰ
ভাষা বোৰ
আৰু
সেই প্ৰজ্বলিত বহ্নি শিখাই দেই -পুৰি নিছিল নিথৰ শৰীৰটো।
এৰি থৈ যোৱা দুখৰ নিশাবোৰ এটি সপ্ন হৈ ৰ'ল,
কিন্তু তুমি
আজি,আনৰ মন কাৰেঙৰ লগৰী।
যাৰ প্ৰেৰনাৰ আত ধৰিৱলৈ একো নাই আছে মাথো দুখৰ চকুলো।
এইয়াই মাথো প্ৰেম ,
প্ৰেম মাথো এটি নাম
তোমাৰ নাম ত এৰি দিয়া
চকুলোৰ দান।
🖊ধনটি শইকীয়া,,,,
[1/16, 5:37 PM] Dhanti Saikia: কিয় নাজানো ,,,
ভৱা দৰে সকলো
কথা ,,কিয় নহয়নো?
কেতিয়াবা বৰ বেয়া লাগে জানা
তুমি কৈছিলা যে বোকাত হে পদুম ফুলে তাৰ জানো
আদৰ ক'ম।
সৌন্দৰ্য্য থাকিলে জানো হ'ব তাৰ যদি আদৰেই নাই,,,
তুমিও জানা ছাগৈ সন্ধ্যাহে তৰাই মিছিকিয়াই,,,
সেই সৌন্দৰ্য্যতাই ব্যাকুল কৰে মন
কোনেনো ধৰিলেহি কুঁৱলীৰ আচল খন
আকাশৰ তৰাবোৰ
হঠাতেই হেৰাই গ'ল।
তুমি য়েই কৈছিলা
কাঁইটতহে গোলাপ ফুলে
সেই,গোলাপৰ সুৱাসে
মুখৰিত কৰে মন।
তথাপিও
হেপাঁহৰ দুৱাৰ খন
কোনেনো কৰিলে বন্ধ
[1/16, 5:48 PM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽✍আৱেলি, ✍
মনৰ পদুলি উদুলি মুদুলি
সেমেকা ডাৱৰে আৱৰি ধৰিছে,,
মনৰ আকাশ খনি।
আজিদেখোন আকাশৰ নীলা খিনি নাই,
আছে মাথো আৱৰি থকা ক'লা ধোঁৱা আৰু ধুলিকনা বোৰ।
সেই ধোঁষৰ ছবি বোৰে বৰকৈ আমনি কৰিছে অ'
বুকু খন গধুৰ হৈ পৰিছে
সেই গধুৰতাই যেন, বোৱাই আনিছে এজাক
স্মৃতিৰ বৰষুন ,
সন্ধ্যা তৰাৰ লগত কৰা ধেমালি হে মাথোন।
🖊ধনটি শইকীয়া,,,,
[1/17, 9:04 AM] Dhanti Saikia: ✍ৰূপকোৱঁৰ✍
যাৰ ৰূপৰ তুলনা নাই,,
যাৰ গুনৰো তুলনা নাই
তুমিয়েই শিল্পী জনতাৰ
তুমিয়েই শিল্পী অসমীয়াৰ,
পৰাধীন মনৰ সুন্দৰৰ পূজাৰী
হেৰাই যোৱা অসমীয়া কৃষ্টিৰ যুগ সন্ধানী,
অসমীয়াৰ প্ৰাণ সংস্কৃতিৰ সাধক ৰূপান্তৰ কাৰী।
তুমিয়েই,,হেৰাই যোৱা,,অসমীয়া সংস্কৃতিৰ প্ৰাণ দাতা,
নাম তোমাৰ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা।
জীৱন সাধনাৰ ব্ৰত
অসমীয়াৰ সংস্কৃতি প্ৰাণ পাই উঠক
কল্পনা-পীপাসু মনৰ গৰাকী তুমি
কলাৰ সাধক অসমীয়াৰ
প্ৰাণজয়ী।
তোমাৰ ৰূপৰ তুলনা নাই,
গুনৰো তুলনা নাই
শিল্পী নহয় তুমি গানৰ
নহয় নাট্যৰ
শিল্পী মাথো অসমীয়া প্ৰাণৰ
শিল্পী তুমি বিশ্বৰ।
তোমাৰ জ্যোতিতেই প্ৰাণ পালে অসমীয়া ,
নাম তোমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
[1/17, 6:11 PM] Dhanti Saikia: ✍✍ভালপাওঁ✍✍
তুমি হাঁহিছিলা
কিন্তু তোমাৰ হাঁহিত
সৌন্দৰ্যতা নাছিল।
কিয় নাজানো?
তুমি ,,,বিশ্বাস নকৰা
মই "জানো
কিন্তু অবিশ্বাসৰ পাত্ৰ
হ'ব নিবিছাৰো।
কিয় জানানে?
তুমি সচাই ভাল নোপোৱা
মাথো অভিনয়হে কৰা
সকলো জানিও তোমাক
ভাল পাওঁ।
সেই কৃত্ৰিম প্ৰেমে মোক
আমনি কৰে,,,
তথাপিও
তোমাৰ মৰম পাৱ বিছাৰো
কাৰন তুমি সময়
মাথো যুগৰ
নিয়ম সলনি
মাথো মানুহৰ,
সত্যতা তাতেই লুকাই আছে,,,,
তুমি মাথো মোৰ
প্ৰেৰনাৰ,,জীৱন বাটৰ
পথ প্ৰদৰ্শক
সেইয়েহে ভাল পাওঁ তোমাক।
🖊ধনটি শইকীয়া,,
[1/17, 8:39 PM] Dhanti Saikia: অতীত মাথো স্মৃতি
সুন্দৰ দাপোন
সেই দাপোনত সদাই তুমি নিজক দেখিবা।
স্মৃতি ভাল লাগে অ ৰোমন্থন কৰি কেতিয়াবা,
বাস্তৱ ৰ জুই বোৰ ধোঁৱা হৈ যায় স্মৃতি বোৰ এঙাৰ হৈ যায়
তাৰ উজ্বলতাৰ নাম
মোৰ অভিধানত নাই
মাথো অতীত এক স্মৃতি
ই মাথো সোৱঁৰনীৰ তেজাল ঘোঁৰা
মনৰ ভিতৰত তৰংগৰ দ্ৰুতি বঢ়োৱা।
[1/18, 12:06 AM] Dhanti Saikia: 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽👏মৰমৰে সোন✍
তুমি নো মোৰ কোন
পুৰ্ণিমাৰে জোন
মাতো মৰমত তোমাক
সোন।
আজিও চোন তোমাৰ
খৱৰেই নাই সোন
কোন ৰাহুৱে বেৰিছে
তোমাৰ মন।
মৰমৰ আকাশ খনি পৰিব নিদিবা ছন
মোৰো আছে মন
থাকিম দুয়ো ঊমলি
হৃদয়ত আকিম
মৰমৰ জোন ।
তুমি বাৰু দিবানে
সহাৰি
মৰমৰ সোন।
🖊ধনটি শইকীয়া,,,,
[1/18, 10:40 PM] Dhanti Saikia: ✍মাথো ৰঙ চাইছা✍
তুমি কিয় ৰঙ চাইছা
দুখৰ মাজলৈ
শোকে খুন্দামৰা
সেই সময়লৈ।
তুমি কিয় নুবুজা
মনৰ কথা
বুকুৰ বেথা
মোৰ জীৱন গাথাঁ।
বুজিও তুমি নুবুজা
জানিও নাজানা
দেখিও নেদেখা
মাথো ৰঙ চোৱা।
তোমাৰ ৰক্ত পীপাষু
চিন্তা ধাৰা
দুখৰ নিজৰা
বোৱাই দিলা
মোৰ শুকান
কলিজা।
মাথো তুমি ,,,
দুখকে দি,,
সুখৰ নেঁওচা দিছা
মাথো ৰঙ চাইছা।
🖊ধনটি শইকীয়া
[1/19, 6:20 PM] Dhanti Saikia: ✍✍তুমি যেন সৰগৰ পৰী✍✍
লাজৰে উৰণি
টানি কিয় ল'লি
তোৰ যে মিচিকি হাঁহি
সেই,হাঁহিতেই
মুকুতা সৰে
যেন সৰগৰ পৰী।
লাজে লাজে কৰি
কাষলৈ আহিলি
সুগন্ধি পৰশ দিলি
তোৰ সুৱাসে মৰম
কাঢ়ি নিলে পাগলা
কৰিলা আহি।
তোৰ হাঁহিতে জোনাকে
হাঁহে
তৰালীয়ে চকু টিপ
মাৰে
জোনাকী পৰুৱা জাকে
সোন জিলিকাই,,
মৰমৰ ভাষাৰে মাতে।
তোমাৰ মৰমে বলীয়া কৰিলে
মৰমে উতলা হিয়া
সেই,মৰমত মই মতলিয়া
যৌৱনৰ প্ৰভাতী বেলা।
🖊ধনটি শইকীয়া
[1/19, 11:11 PM] Dhanti Saikia: ✍ক'ত যোৱাহে তুমি,
✍
কিয়নো আমনি কৰা আহি
তুমি আহিলেই,সকলো
থাকি যাই পৰি,,
তুমি অহাৰ খৱৰ নিদিয়া
কেৱল ,,চকুকেইটা জাপ খাই,
নিশ্চয় এইয়াই তোমাৰ
আগ জাননী
শান্তি বিছাৰি চকু দুটি,,
থাকে,জাপি কুচি
শৰীৰৰ প্ৰেৰনাই,,,,
যাই,,শৰ্য্যাত বাগৰি।
সচাই,,নাহিবাচোন তুমি
টোপনি,,।
ক'ব লৈ আছে বহু কথা মনৰ দুৱাৰ খুলি।।
🖊ধনটি শইকীয়া
[1/19, 11:13 PM] Dhanti Saikia: 👏😂😂🙏🏽🙏🏽🙏🏽আকলোৱা মৰমে
একোকে নুবুজে
মাথো কলিতে
মৰহে।
ফুল হৈ ফুলিবি
ভোঁমোৰা হৈ পৰিবি
মৌ জাক নপৰোটেই,,
যাই মৰহী।
🖊ধনটি শইকীয়া
[1/20, 3:46 PM] Dhanti Saikia: ✍প্ৰেম মাথো মৰাসুঁতি✍
তোমালৈ বুলি মৰম বোৰ সাচি থ'লো ,
মনৰ ভিতৰত সংগোপনে,
মাথো বাহিৰৰ কোনো
পৰশ নপৰক বুলি।
তুমিও নুবুজিলা মোৰ প্ৰেমৰ পবিত্ৰতা,
থাকিলা নুবুজাৰ ভাও ধৰি
মাথো উপলুঙা কৰি।
তুমিয়েই কৈছিলা প্ৰেম
বুলে অনুভৱ নামানে সময়ৰ জৰি,
সেই প্ৰেমত যদি নাথাকে বিশ্বাস,
যাব অকালতে খহি।
আজি কিয় হৈছে তোমাৰ মনৰ সলনি
সুধিলেও নোকোৱা একো,
সেমেকিব নিদিবা
তোমাৰ মনটি নহ'লে
হ"ব প্ৰেম এক মৰাসুঁতি।
নদীৰ দৰে যদি প্ৰেমে সুঁতি সলাই,
ৰৈ যাব কাষতে বালিচৰ, সেই চাপৰিত কঁহুৱা হালিব ,
বিৰিনাই নাচিব
পালে বতাহৰ ঢল।
পলসুৱা মনটিত
বালিৰ চাপ পৰিল
আমনি কৰিছে আজি ,
জীৱনৰ সংজ্ঞা কোনেনো দিৱ
মাথো ধৈৰ্য্যই চাবিকাঠী।
🖊ধনটি শইকীয়া
[1/20, 10:58 PM] Dhanti Saikia: ✍মা তুমি অনন্যা✍
মা তুমি অনন্যা
তুমিয়েই স্মৃতি
তুমিয়েই আশাৰ
চাকি,,
তাৰেই,ফৰিঙা
বন্তি জ্বলোৱা
আমিহে বাঁহৰ কাঠি।
ক'ত জনমৰ
আশাৰ সঁফুৰা
মাথো কষ্টৰ ফল,
নিজৰ তেজ নিজে বিক্ৰি কৰি বান্ধি
জীৱনৰ বল।
তোমাৰ কোলাতেই
ডাঙৰ হ'লো
কোলাৰ মৰম পাই,
বুকুৰ মাজত ৰাখিছিলা তুমি বহুদিন নিচুকাই।,
আজিও মনত পৰিলে সেইদিন,
চকুলো নিগৰি যাই,
আই,,তুমিযে কাষত নাই,,।
চকুলোৰে মালা গাথি
জীৱন জিঞাৰ পাখি
স্পৰ্শ কৰাৰ লগে লগে পাাখি সৰি যাই,
তুমিও আছিলা মোৰ
জীৱন দাত্ৰি,
জীৱন সুৰৰ ৰাগিনী,
নিয়তিয়ে জনী য়ে আহি
কৰুন ভাৱেৰে
বিষাদৰ বীজ সিঁচি যাই,
আই তুমি যে কাষত আজি নাই,।
🖊ধনটি শইকীয়া,,,,
[1/21, 12:46 PM] Dhanti Saikia: ✍শুভ দুপৰীয়া✍
তুমি জিলিকিছা
ইমান ধুনীয়াকৈ
কাৰনো পৰশ পালা।
তোমাৰ হাঁহিত
উন্মনা সকলো
ভৰ দুপৰীয়া বেলা।
নতুন ৰূপত
দিঙা মেলি দিলা
দশোদিশ আমুলমুল,
তুমিয়েই প্ৰকাশ
বিনন্দিয়া পৃথিবীৰ
তুমিয়েই,সৃষ্টিৰ মুল,
জীয়াই ৰাখিছা
মানৱ কুল।
🖊ধনটি শইকীয়া,,
[1/21, 10:23 PM] Dhanti Saikia: 🙏🏽🙏🏽✍✍আকলুৱা মৰমে✍✍
বুকু জীপাল কৰিলা তোমাৰ মৰমে
প্ৰেমৰ নিজৰা বোৱালো
তোমাৰ মৰমে
প্ৰেম বুলে পলসুৱা
মৰম হেনো আকলুৱা
সেই মৰমে,জীপাল কৰিলে হিয়া,
এটি নাম যাৰ নামত
মই মতলিয়া।
তুমিয়েই কৈছিলা দুৰৰ পাহাৰ ধুনীয়া দেখি
ওচৰত নাই তাৰ সুন্দৰতা,
মই দেখোন তোমাৰ নিচেই কাষৰত থাকিও
আজি নাই পোৱা
প্ৰেমৰ সৌন্দৰ্যতা
পাইছো মাথো শূন্যতা
মৰম নদীৰ গভীৰতা
মাথো প্ৰতাৰনা।
আকলুৱা মৰমে আজিও নুবুজে,,,
তুমি যে কাষত থাকিও
বহুত দুৰত
আছা
অন্তৰৰ এটি কোনত মাথো নিৰাশা ৰূপত।
🖊ধনটি শইকীয়া
[1/21, 11:33 PM] Dhanti Saikia: 🙏🏽🙏🏽✍কবি নহয় মই নিলিখো কবিতা✍
কবি নহয় মই
নিলিখো কবিতা
কবিতাৰ ছন্দত ,
আঁকো মাথো
জীৱন গাথা
জীৱন সুৰৰ মুৰ্ছনা।
প্ৰতি সিৰাই বিয়পে
শোনিত বাগৰে
জীৱন কল্পিত,
কত আশা ভৰষাৰ
অনুভুতি সন্নিৱিষ্ট
জীৱন ৰচনা।
সেইয়াই মাথো শিল্প
কবিতাৰ ছন্দত
খোদিত কৰা ,
ভাস্কৰ্য্যৰ এটি নমুনা
জীৱন সম্বলিত
প্ৰকৃতি প্ৰেমৰ
নিভাজ কল্পনা
কবি নহয় মই
নিলিখো কবিতা।
🖊ধনটি শইকীয়া
[1/22, 2:28 PM] Dhanti Saikia: 🙏🏽🙏🏽✍নিঃস্বাৰ্থ প্ৰেম✍
তুমি নোকোৱা কথা বোৰ ক'ম আজি,
তুমি নজনা কথাবোৰ
ক'ম আজি,
তুমি নজনাকৈ পৰিলো
প্ৰেমত,তোমাক নেদেখাকৈ পৰিলো প্ৰেমত,
মাথো অনুভব কৰিলো প্ৰেমৰ,
সেই প্ৰেম নহয় কিন্তু সপ্ন,
বাস্তৱ মাথো জীৱনৰ।
তোমাক লৈ ৰছিলো কত সপোন,
কিয় মৰহিব দিলা,
বলীয়া প্ৰেমিক মই
জীৱন বাটৰ।
তুমি আমনি পালা ,
মোৰ মৰমে তোমাক
বলীয়া কৰিলে।
সেয়ে হয়তো পাহৰিব চেষ্টা কৰিলা,,
কাৰন তুমি প্ৰেমৰ ভৱিষ্যত বিচাৰিলা
কিন্তু
মোৰ যে বৰ্তমানেই নাই
ভৱিষ্যত মাথো সপ্ন
সেয়ে হয়তো তুমি পাহৰিলা।
কাৰন নিঃস্বাৰ্থ প্ৰেমৰ
এইয়াই হয়তো পৰিভাষা
আজিও নুবুজিলা
মোৰ মনৰ ভাষা।
🖊ধনটি শইকীয়া
[1/22, 4:29 PM] Dhanti Saikia: ✍শুভ আৱেলি✍
আৱেলি ,মনৰ পথাৰ,,
শুৱনি,,কৰি
ক'লৈ যোৱা তুমি
হেঙুলি সুৱাসে বোৱাই,দিলে ৰঙা পৰা গাল খনি,,
তুমি যেন ৰূপহী ৰাংঢালি,,ক'লৈ নো যোৱা ৰঙা আচল পাৰি।
মনৰ পথাৰ ঊদুলি মুদুলি কৰি।
🖊ধনটি শইকীয়া
[1/24, 9:09 AM] Dhanti Saikia: : ✍ৰাখিম হেপাঁহেৰে তোমাক✍
✍ধনটি শইকীয়া
তুমি আহিবা
মনৰ পদুলীলে
ৰাখিছো নঙলা মাৰি,
তাতেই তুমি বুকুৰ
ঘন্টা বজাবা
চাম হেপাঁহেৰে আহি।
সিদিনা কৈছিলা
তুমিয়েই দেখোন
আছে বহুত মৰম
তোমালৈ হৃদয় ভৰি,
আজিনো কিয় নাহিলা
তুমি,,আছো পদুলীলে চাই,,আকোলতাৰে তুমি আহিবা বুলি।
মৰম মৰম লগা সময়
যেন লাজেৰে ভৰা
তুমি যে আহিলা জোনাকৰ সন্ধ্যা
আছে বুকুৰ আচল পৰা।
বুকুৰ আচলত থ'ম
মেৰিয়াই,অতি সযতনে জানা ,পাবলৈ নিদিম হিম চেঁচা বতাহ আৰু শীতোষ্ণতা।
Comments
Post a Comment