প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

হৃদয় জুৰুৱা গান
কিমান নো শুনাম
শুনালে জানো বুজি পোৱা
তুমি বুজিৱ চেষ্টা নকৰা কিয়?

মৰমেৰে শেতেলি পৰা
স্নেহৰ দলিছা
শেতা পৰিৱ নিদিৱা
মৰহিৱ নিদিৱা মৰমৰ কলিটি।
প্ৰেমৰ অফুৰন্ত সুৱাসে
বিকশাই তোলা
উজাগৰী নিশা আজি
মৌনতাৰ সীমাহীন ঠিকনা।

চকুলোৰ বোলেৰে
নিৰ্মাজিত স্নেহৰ বন্ধন
দলিয়াই দিলা,
নিগৰাই দিলা
বিষাদৰ এজাক বৰষুন।

বিষাদৰ ক'লা ডাৱৰে
ছাটিধৰা মনৰ আকাশ
হপককৈ পৰা বজ্ৰপাতে
বুকুত খোন্দামাৰি ধৰে
এক অবুজ সিহৰন,
বিচাৰি চাওঁ তুমি এৰি যোৱা
কাৰন সম্বলিত ঘটনা।

তোমাৰ প্ৰেমৰ চলনাই
হেৰুৱাই দৃঢ়তা
জীৱনৰ ৰঙীণ কল্পনা
মাঠো এই য়া তোমাৰ
ধ্বংসাত্মক পৰিকল্পনা
মোৰ জীৱনৰ লগত কৰা
প্ৰেম অভিনয়ৰ নেওতা।

নিথৰ হৈ থৰ্ লাগি চাও
চকুলোৰে নিগৰি যাই
বিষাদৰ বৰষা,
মন দাপোনত অংকিত মাঠো
প্ৰেম প্ৰত্যাহ্বানৰ কবিতা।।

Comments

Popular posts from this blog

উদাসী মন

বহাগৰ ৰঙ…