*হেঁপাহৰ ছবিখন*

@ *হেঁপাহৰ ছবিখন* @

                  ✍স্বপ্ননীল শইকীয়া

তোমাক দেখাৰ হেঁপাহে সদায় মোক ব্যাকুল কৰে......
তুমি বাৰু ......কেনে হ'বা .....?
তুমি চাগে বসন্তৰ কুঁহিপাতৰ দৰেই ...
এহ নহয়.....
এপাহি তেজাল গোলাপ যেন.....
নাই নহয়.....শৰতৰ শেৱালিৰ দৰে হে চাগে......
নাই এই বোৰ যেন আধৰুৱা লাগে তোমাৰ ওচৰত....…..
তুমি চাগে এমুঠি জোনাকী সপোনৰ দৰেই.....
ওহোঁ...... সেইয়াও নহয়.....
কি কৰিম বাৰু মই কোৱাচোন ....
ভাৱনাৰ ছবিবোৰ সদায় আধৰুৱা যেন লাগে.....
তোমাৰ ওচৰত এইবোৰৰ তুলনা নাই ....
জোন ,বেলি,তৰা এই সকলো বোৰে একেবাৰেই সাধাৰণ তোমাৰ ওচৰত.....
তুমি চাগে এজনী আকাশী পৰী......
কিয়নো আকাশ খনতে সকলো থাকে.....

স্বর্গৰ শুৱনিৰ হোৱাৰ চাগে মূল কাৰণ.....
তুমিয়েই.....
নহ'লেনো বাৰু কিয় আধৰুৱা লাগিব....
তুমিয়ে কোৱাচোন বাৰু কেতিয়া দেখা পোৱাৰ সৌভাগ্য হ'ব মোৰ.........
তোমাৰ ছবি খন সদায় আধৰুৱা হৈয়ে থাকি যায়.....
ইমান চেষ্টা কৰোঁ সম্পূৰ্ণ হৈ নুঠে....
তোমাক নেদেখা লৈকে
মোৰ হেঁপাহৰ ছবি খন সদায় আধৰুৱা হৈয়ে থাকি যাব জানানে .......

পিছে তোমাৰ ছবি অঁকাৰ হেঁপাহ বোৰত জীয়াই থাকিও চোন বৰ ভাল লাগে........
এক অন্বয় হীন তৃপি..…...

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন