পৃথিৱীৰ মৰম
#পৃথিৱীৰ_মৰম
এডাল গছ হৈ তাই দিয়ে মোক
ছাঁ আৰু বতাহ ৷
খেজুঁৰৰ দৰে মিঠা
তাই দিয়ে মোক মৰমৰ নিচাঁ ৷
বৰ ভাল লাগিছে তোৰ প্ৰেমৰ ৰাগিত ডুবি
মই মৰিব নুখোজো তোক এৰি ৷
সূখৰ খৰিকাজাঁই দূখত মৰহি গলেও
মই জীয়াই থাকিব বিচাৰো তোৰ সুগন্ধি সাৱতি ৷
তই যে এটি লহমাৰ সুৰ
মোৰ বুকু পেলোৱা জুৰ ৷
নিশা দূপৰৰ বাঁহী ভাহি আহে ৰিণিকি ৰিণিকি
কি যে বেদনাৰ আৰ্তনাদ সেইয়া ৷
আহ… এৱাৰ চুই চাৱহি বুকুৰ ধপধপনী
বাৰিষাৰ নদীত তুলুং ভুটুং যেন নাও এখনি ৷
মোৰ মৰিবলে মন নাই তোক এৰি
তোৰ মাজতে পাও নিজক বিচাৰি ৷
Comments
Post a Comment