সপোন

🌿সপোন 🌿

-----------------------🖋✍ৰাহুল  দাস 📝

তুমি কইনা হলে বৰ ধুনীয়া লাগিব
তোমাক!
তুমি দুচকুত ডাঠকৈ কাজল লগাবা দেই....
কপালৰ সোঁ মাজত জিলিকি উঠা ৰঙীন
ফুঁটটোৱে গোটেই মুখখন পোহৰাই
তুলিব..!
তুমি হাঁহিলে আকাশৰ জোনটোৱেও
লাজতে ডাৱৰৰ আঁৰত লুকাব..!
তুমি কিন্তু গোলপীয়া ৰঙৰ সাজ জোৰ
হে পিন্ধিবা দেই..!
সৰু সৰু ফুল থকা সেই পাটৰ সাজেৰে
তোমাক
বৰ ধুনীয়া কৰি তুলে জানা..!
জেতুকা বুলিয়া তোমাৰ লিহিৰি
আঙুলিকেইটাত জিলিকি ৰব সোণৰ
আঙঠি..
কাণত কেৰুৱে হালিব জালিব,
ডিঙিত ওলমিব সোণৰ মণি...
এখোজ দুখোজ কৈ আহি হোমৰ জুইৰ
কাষত বহিবা হি তুমি...
তোমাৰ বাৰু তেতিয়া মোলৈ মনত
পৰিবনে ?
স্বামীৰ আঙুলিৰে তোমাৰ শিৰত আঁকি
দিয়া সেন্দুৰৰ ৰেখাদালে পাহৰাই দিব নেকি
আমাৰ সকলো কথা..?
মোৰ বাৰু  তেতিয়া কেনে লাগিব কোৱা ?
তোমাক কইনা সাজেৰে দেখা মোৰ এটা
সপোন আছিল,
কিন্তু বেলেগৰ আঙুলিৰে আঁকি দিয়া
তোমাৰ কপালৰ সেন্দুৰৰ ৰঙা ৰং মই
কেনেকৈ চাম ?
নাই,নাচাওঁ
হয়তো কাহানিও নোৱাৰিম চাব তুমি
আনৰ নামেৰে পিন্ধা কইনা সাঁজত....
অসম্পূৰ্ণ হৈ ওলমি ৰব বহু সপোন....
কাৰণ সেইদিনা মই আত্মগোপন কৰিম,
কোনোবা বাৰৰ অন্ধকাৰ কোঠাত...
নাইবা বিদায় লম এই পৃথিৱীৰ পৰা,
তোমাৰ স্মৃতি বুকুত বান্ধি...!

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…