"তোমালৈ বুলি"""'

"""""তোমালৈ বুলি"""'
'
'
ভাৱিছিলো তোমালৈ বুলি
বিৰিণা পাতৰ আঙঠি এটাকে বনাম
অহা বহাগৰ কোনোবা এটা দিনত
তোমাক পিন্ধাম
তোমালৈ বুলি সাঁচি ৰখা
এবুকু মৰম ঢালি দিম
তোমাৰ বুকুত ।।
'
'
কথাতে কয় নহয়
ভৱা কথা নহয় সিধি
বাটত আছে কণাবিধি
মোৰো আজি সেই একে দশা
চাল্লা মোৰ জীৱনটো
চাইনিচ মোবাইলৰ দৰে হল
কোনেও ঘূৰিকে নাচাই ।।
'
'
তোমাক প্ৰথম দেখিছিলো
মোৰ ফেচবুকৰ কেইজনমান বন্ধুৰ মাজত
দেখা পাই ভাল লাগিছিল
তোমাৰ কাজল কাজল দুচকু
মৰম লাগিছিল তোমাক
এনে লাগিছিল তুমি
মোৰ বহু যোগৰ চিনাকি ।।
'
'
সপোন আঁকিছিলো মোৰ দুচকুত
তোমাক আপোন কৰা
দিনে দিনে বাঢ়ি আহিছিল
মনৰ গুণা গঠা
লাজে লাজে এদিন
তোমাক কৈ দিছিলো
মোৰ মনৰ কথাবোৰ
তোমাক লৈ ৰচা সপোনবোৰৰ কথা
তুমি হয়তো ভাৱিছিলা পাগল বুলি
হয় মই পাগল হলো তোমাৰ নামত
তোমাৰ এষাৰি মাতত ।।
'
'
বহু আশা কৰিছিলো তোমাৰ সহাৰি পাম বুলি
জীৱনৰ প্ৰথম প্ৰেমৰ বৰষুণ জাকৰ হতে
জীপাল হম বুলি
কোনো নিজান ঠাইত বহি
তুমি মই মিলি নানা ৰঙীন সপোন আঁকিম বুলি
নাই আজি দেখোন সকলো মিছা হল
জীৱনৰ প্ৰথম প্ৰেমৰ ঠিকনা আজি
হেৰাই গল
আশাবোৰ আশা হৈ ৰল ।

""
সপোন নিবিড় জোনাক

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন