উজাগৰী ৰাতিবোৰ,
🌾উজাগৰী ৰাতিবোৰ,🌾
✍ৰাহুল দাস
কোনো কাৰণ নথকাকৈয়ে"
কোনো কাৰণ
নথকাকৈয়ে,
তোমাৰ প্রেমত পৰিব
পাৰো ।
তুমি অভিযোগৰ
দর্খাস্ত
লিখিবানেকি ?
লিখি যোৱা তুমি
অভিযোগৰ দর্খাস্ত
এখন এখনকৈ...!
কোনো আইন
নমনা এজন প্রেমিক
মই....!
আৰু অভিযোগৰ
দফা....?
হাঁহি উঠা
কথা এইবোৰ ।
যৌৱনৰ প্রথমজাক
বর্ষাত
তিতি জুৰুলি জুপুৰি হৈ,
সোমাব খুজিছো
তোমাৰ হৃদয় নামৰ
জুপুৰিটোত ।
হিটলাৰৰ দৰে,
কোনো ভুল কাম
কৰিব বিচৰাতো নাই..।
তুমি মান্তি হ'লে
মোৰ জীৱনৰ,
দুখৰ
উজাগৰী ৰাতিবোৰ,
আমাৰ ভালপোৱাৰ
নামতে সপি দিম ।
আকাশৰ
জোনবাইজনীক
ধৰি আনি ,
সুখৰ পোহৰ
বিলাবলৈ বেৰত
ওলমাই থমহি,
পেন্দুলাম ক্লর্কৰ
দৰে ।
এনেকৈয়ে কোনো কাৰণ,
কোনো অভিযোগ
নমনাকৈয়ে, তোমাক
ভাল পাম,
কৈছোৱেই নহয়
মই এজন আইন
নমনা প্রেমিক ।
তোমাৰ
ভালপোৱাৰ
অনুচ্ছেদটোত,
হৃদয় সংশোধন
নকৰো দিয়া ।
Comments
Post a Comment