মৰম

✍ মৰম✍�
"""""""""""""
আজি মই চকুলো টুকিছো
নিৰৱে নিজানত
তোমাক সোঁৱৰি …
হিয়া উজাৰি মৰম দি
আজি মই কি পালো ?
পালো মাথো বুকুভৰা যাতনা …
বুকুত জ্বলিল একুৰা জুই
জীৱনযুৰি উমি উমি জ্বলি থাকিবলৈ …
        $ $= =
         স্মৃতিয়ে আজি মোক
আৱৰি ধৰে …
পাহৰিব খোজা অতীতে
মোক আজি আমনি কৰে …
নুবুজিলো মই নাজানিলো মই
তোমাক মই কিয় হেৰুৱালো …
আজি তুমি কাষত নাই
কিন্ত কিয় তোমাৰ স্মৃতিয়ে মোক বাৰে বাৰে কন্দুৱাই …
তুমি তুমি লগা এচাটি পচোৱা কিয় মোৰ কাষে বৈ যায় …
কিয় ?
   ✍� চুম দত্ত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…