স্বাগতম
স্বাগতম
""""""""""""""""""""""""""""""""""""""""""""""""""
আৰে! তুমি দেখোন পুনৰ
আহিলা মোৰ জীৱনলৈ
কিয় আহিলা!
মই নাজানো,
প্ৰেমৰ সুৱাস লৈ নে প্ৰেমৰ খেল খেলিবলৈ
তথাপিও তোমাৰ বাবে মোৰ
হৃদয়ৰ দুৱাৰ সদায় খোলা
যিটো তুমি ভালদৰে জানা
হয়তো সেইকাৰণেই তুমি পুনৰ আহিছা
আহিবলৈ সাহস কৰিব পাৰিছা
তুমি কি ভাবা
তুমি আঁতৰত থকা কেইদিন
মই সুখত আছো !
নাই, প্ৰতিটো দিন প্ৰতিটো ৰাতি
মই জীয়াই জীয়াই মৰিছো
ৰাতি শিতানৰ গাৰু সাবটি লৈ
হিয়া ধাকুৰি কান্দিছো
বাৰে বাৰে দুটা গানেই শুনিছো
জুবিন দাৰ ভুলতো নাচাবা তুমি,
পাহৰিব পাৰি বুলি মৰম জানো পাহৰে
হয়তো অভিমান কৰিছিলো !
কিন্তু সেই অভিমানো
মোৰ বাবে মূল্যহীন
মাজনিশা উচুপিছিলো
ভাবিছিলো যে
মই নো কি ভুল কৰিলো
কিন্তু মই অজ্ঞান সেই ভুলৰ বিষয়ে !
মোৰ লগৰবোৰ !
যাক সদায় সান্তনা দিও
কালি সিহঁতে মোক সান্তনা দিছিল
আজাদ,
তোৰ ভালপোৱা যদি সঁচা
মৰম যদি সঁচা,
তাই আকৌ ঘূৰি আহিব !
হয়টো আজি সেয়াই হ'ল !
মোৰ নামটোহে আজাদ
মনটো নহয়………
তোমাৰ মৰমে মোৰ
মনটোক বান্ধি ৰাখিছে
নিজৰ কথা ভাবিবলৈ
সুযোগেই নিদিয়ে ।
মই তোমাক আজিও
সিমানেই ভাল পাও ।
কিন্তু মই নিমাত
মই ভাষাহীন
ভয় লাগে মোৰ
যদি পুনৰ হঠাতে আহি
হঠাতে গুছি যোৱা
ব'হাগ মাহৰ বৰষুণ জাক দৰে
মোৰ সম্পদ, মোৰ সম্পত্তি
সকলোৱে তুমিয়েই
মোৰ জীৱনত তুমি অবহনে
ধন,দৌলত,গাড়ী, চিনাকি
সকলো মূল্যহীন
কিন্তু তথাপিও,
তুমি মোৰ বাবে সদায় আপোন
মই নকও যে
তুমি মোৰ
কিন্তু মই সদায় তোমাৰ
কাৰণ,
তোমাৰ বাবে মোৰ
হৃদয়ৰ দুৱাৰ মোৰ
মনৰ দুৱাৰ মোৰ
বুকুৰ দুৱাৰ সদায় খোলা
আছিল, খোলা আছে,
আৰু ✍
Comments
Post a Comment