সুৱৰনী স্মৃতি

$সুৱৰনী স্মৃতি$
            👉ৰাহুল দাস

তোমাৰ স্মৃতিত "নিৰ্জন
তাৰ সময় বোৰবৰ
ভয়ানক ..ভয় লাগে।
তেতিয়াই যেতিয়াই
অতীতে স্মৃতি হৈ ৰিঙিয়াই।

হৃদয়ৰ কোনোবা চুকত
আৱেগ হৈ খুন্দিয়ায়।
ৰাতি যিমানেই আগুৱাই,
অতীতে, সিমানেই
সোঁৱৰণী চতিয়ায়।

হৃদয়খন তেতিয়াই
চুৰমাৰ হৈ যায় ।
বেজাৰৰ শিমলু ফুলে
বতাহত তুলা হৈ উৰে।
উজাগৰী নিশাটিয়ে
হৃদয়ত সেমেকা
সুৰয়াগীত জোৰে ।

স্বপ্ন যেন লগা সেই অতীতে
কলিজাত খামুচি ধৰে।
দুই নয়নে মাথোঁ উত্তপ্ত
শোণিত অশ্ৰু হৈ নিগৰে ।
যিমানেই পাহৰিব খোজো
সিমানেই আৱেগিক হৈ পৰো।

উদং বুকুখনত দুহাতে
সাৱটি সেই সময়ক সুঁৱৰো।
সপোনৰ ঘৰ সাঁজি সুখী হ'ম
বুলিকথা দিছিলো।
কোলাত মূৰ থৈ মিঠা
হাঁহিৰে দুই ওঁঠত
সপোন ৰচিছিলো ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…