চহৰৰ ধুনীয়া ছোৱালী জনী
চহৰৰ ধুনীয়া ছোৱালী জনী
*****গোবিন্দ অনুৰাগ****** চহৰৰ ধুনীয়া ছোৱালীজনী
মোক কিয় গৰুত্ব নিদিয়া ।
তুমি ভাল পাবৰ বাবে
মিছাঁকে কৈ দিম নি?
works at oil india limited
নাইবা
কোনো এটা ফক্টেৰী মালিক বুলি ।
Whatapps
ফটো দিম নি Addidas টি-ছাৰ্ট আৰু
জিনছ পিন্ধি ,
নহলে দিম
Inova,r15
me with my bikeবুলি /
নোৱাৰো দেই মিছাঁকে কৱ
মোৰ পিতাই যে হালোৱা;
কিন্তু ইতিকিং নকৰিবা
মোৰ পিতাই সপোন ৰচে,
পথাৰৰ সেউজীয়াত /
সিদ্ধান্ত লয় ভগৱানক শিৰোগত
কৰি ভাগৱত আগত ৰাখি,
মদৰ গিলাচ হাত লৈ নহয়/
আই মোৰ শিপিনি ,
তাঁতশালত সপোন ৰছে
মৰমতে আৱেগতে ।
আই মোৰ সন্ধিয়া ডিস্কুত নাযায় ।
মইয়ো গাৱলীয়া ....
নামী কলেজৰ M.Sc...
মেজৰ Mathematics ত
কিন্তু
নাজানো মন্ত্রীমহোদয়ৰ লগত
চাকৰি হিচাপ নিকাছ কৰিব।
বিহুত
বজাব জানো ঢোল,
সপোনৰ পথাৰত বাব জানো হাল,
ঐ ফেচবুকৰ ধুনীয়াৰ ছোৱালী জনী
মোকো পাত্তা দি চাব পাৰা ,
আইয়ে শিকাব বিহুৱান ববলৈ,
মই শিকাই দিম বিহুৱানত মৰম যাঁচিবলৈ,
আৰু শিকাই দিম
ঢোলৰ চাপৰত চিতপখিলী হৈ উৰিবলৈ/
Comments
Post a Comment