ক'লে জানো বুজিবা তুমি

✍ক'লে জানো বুজিবা তুমি✍
  
✍ধনটি শইকীয়া

কিনো ক'বা
    দুখৰ কথা ক'লে
জানো বুজিবা তুমি।

তুমিও যে দেই
   বুজিও নুবুজা
জানিও নজনাৰহে
ভাও ধৰা।

কিয়নো কৰা
    আমনি আহে
সপোনে বাগৰে হিয়া।
সেই সপোনত
    মাথো তুমিহে জিলিকি থাকা।

আশাৰ নাও
    ভটিয়াই গ'ল
হ'ল যে আৱেলি পৰ।
তোমাৰ মন
     চঞ্চল হেনো
মিলিল বেদনাৰ ঢল।

সেই ঢলতেই
     মিলি যাও মাথো
গাই স্মৃতিত প'ল।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…