জ্বলিব খুজিছা জ্বলি যাবা
জ্বলিব খুজিছা
জ্বলি যাবা
তুমি প্ৰেমৰ
উতপ্ত বাষ্পপিণ্ডত পৰি।
জ্বলি পুৰি
ছাই হৈ
ঊৰি যাব আশাবোৰ
ধোঁৱা হৈ,
নাথাকিব তোমাৰ দেহা
নাথাকিব তোমাৰ
প্ৰেমৰ ৰঙীন চেহেৰা।
শেতা পৰা কলিজাখন
নিথৰ হৈ পৰি ৰ'ব
মাথো বেদনাৰ
ভাৰ লৈ
দুখৰ চকুলোবোৰ
উটি যাব
যৌৱনৰ ভৰ বাৰিষাৰ
ভটিয়নি সোঁতত।
সেই সোঁতত
ঠেকা খাব
সুখৰ ৰঙ বোৰ
পচি যাব সপোন বোৰ
কোনোবা মোহনাৰ
বালিচৰত পৰি ৰ'ব
পচা কাঠ হৈ।
প্ৰেমৰ ঢৌ বোৰ
উফন্দি পৰিব
প্ৰবাল সোঁতত
জিলিকি পৰিব
দুখৰ বোজা হৈ।
প্ৰেম চিৰদিন
নাথাকিব বৈ
মই সময় নাথাকিম
একেথৰে ৰৈ।
নিষ্ঠুৰ কলিজাত
মৰমে নিসিচে বীজ মৰমৰ
মই সময় মাথো
সলনি চিৰপ্ৰবাহৰ।
Comments
Post a Comment