মোক নালাগে বিশ্বাস কৰিব
✍ *স্বপ্ননীল শইকীয়া*
মোক নালাগে বিশ্বাস কৰিব
নহ'লো বিশ্বাসৰ কাৰণ মই....
এজন সাধাৰণ বাটৰুৱা মাথোঁ।
কিন্তু নিজে নিজক সুধি চোৱা বিশ্বাসৰ প্ৰমাণ বিচাৰি পাবা...…
নীৰৱে থাকো সদায় কোনোবা এচুকতে.....
জেকি থাকে ওচৰৰ মাটি....
ৰৈ যোৱা হৃদয়ৰ সাঁচ বোৰ
কোনেনো দিবহি মচি....
কোনেনো বাৰু আজি মোক ক'বহি
পিঠিত ধপ ধপাই.......
অ' সোণ....
মই আছোঁ দেখোন তোমাৰ কাষতে বহি....
নহ'লে চোন তোমাৰ কাষতে থাকি গ'ল
মোৰ সেই ভাললগা হাঁহি.....
Comments
Post a Comment