মই এতিয়াও নঙলা মুখতে শুই আছোঁ

@ *মই এতিয়াও নঙলা মুখতে শুই আছোঁ* @

              ✍স্বপ্ননীল শইকীয়া

ক'ত বাৰু আকৌ তোমাক
বিচাৰি যাওঁ  .......
কোৱাচোন....?
বাট চাই চাই চকুহাল বিষাই গৈছে......
উশাহ বোৰ ঘন হৈছে জানানে.....
তোমাৰ নামৰ  উশাহ বোৰহে
মোৰ বুকুৱে গ্ৰহণ কৰে.........
এতিয়া বুকু বিষাইছে ........
উঃ.......
কি যে অসহ্য.....
বেলি ডুবু ডুবু যেন হৈছে....
সন্ধিয়া হ'বৰ হ'ল......
তুমি এতিয়াও নাই অহা....
জনাইছোঁন আন্ধাৰত মই ভয় কৰোঁ......
এই বেলি টো যে ইমান সোনকালে কিয় বাৰু ডুবিব বিচাৰে........
তুমি আহিবা বুলি সি চাগে গমেই নাপায়.......
মই বহি আছো সেই নঙলা মুখতে .....
আহা চোন ....
মোৰ ছাঁ টোৱেও মোৰ লগ এৰিব এতিয়া .....
সেউজীয়া বোৰ কিবা ধোঁৱা ধোঁৱা যেন লাগিছে চোন......!!!!!
ফুল বোৰ সকলো একে ৰঙৰ কিয়  হৈ গৈছে.....???
বৰ ভয় লাগিছে অ'মোৰ.....
আকাশ খনত নীলা নাইকীয়া হৈ পৰিছে....
ভৰি হাত বোৰ চেঁচা হৈ পৰিল চোন.......!!!
কি হৈছে বাৰু মোৰ.......শুনিছানে…....???
ইমান দেৰি কৰিছা .....
চোৱা মই শুবলৈ যাম গৈ এতিয়া দেই.....
টোপনি যোৱা পিছত মোক নোদোষীবা আকৌ .....
মই ৰৈ নাথাকিলোঁ বুলি.....
মই অভিমান কৰা নাই......
যিদিনা কৰিম সেইদিনা তুমি মোৰ অভিমান ভাঙিবলৈ বিফল হ'বা ....
সেই কথা তুমিও জানা.......
মই আছোঁ বাৰু ...
নঙলা মুখৰ বনানিনতে শুই আছোঁ......
টোপনি যোৱা আগে আগে আহা.......
যদি টোপনি যাওঁ সাৰ নাপাম বুলি ভয় লাগে............
তুমি সোনকালে আহা…...........মই আছোঁ..........

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…