নৈ খনে উচুপিছিল
নৈ খনে উচুপিছিল
বাধাৰ প্ৰাচীৰ খন বগাবলৈ নোৱাৰাৰ দুখত।
শোকৰ সাগৰত বিলীন হ'বলৈ
পানী বোৰ ক'লা হৈ পৰিছিল।
বিশাল বালিয়াৰিক অভিশাপ দি
গুজৰি গুমৰি নিতাল খৰালি।
নৈ খনে ইতিহাস জানে।
তাৰ প্ৰতিটো বালিকণাই
কুৰুকি কুৰুকি খায় অতীতক।
নৈ খনৰ উজাবৰ মন,
উজাই উজাই হিমশিখৰ বগাই
আনিব নতুনৰ বতৰা।
ভৈয়ামৰ বিকৰ্ষণে যেন
লৈ যাব তাক উজনিলৈ।
উজনিতে আছে অতীত
উজনিয়ে হে দিব পাৰিব
পূৰ্ব পুৰুষৰ বতৰা।
✍পাপন বলিয়া মই🎤
Comments
Post a Comment