মোৰ ঠিকনা
নীহাৰিকা চুম বৰা
------মোৰ ঠিকনা----
মই যিদিনা এই পৃথিৱীৰ পৰা
সচাঁকৈ আতৰি যাম,
সিদিনাহে হয়তো তুমি বুজিবা
তোমাৰ জীৱনত থকা মোৰ প্ৰয়োজনীয়তা খিনিৰ কথা,
মোৰ অবিহনে
অস্তিত্ব হীন হব খোজা
তোমাৰ সেই সুখবোৰৰ কথা,
সিদিনা পিছে তুমি নাকান্দিবা !!!!
সেইদিনা
লাগে যদি মোৰ ঠিকনা
সৌ কঁহুৱা খিনিকে সুধিবা
তাৰ প্ৰতিটো আলিংগনত
বিচাৰিবা পাবা
মোৰেই সান্নিধ্যতা,
সিহঁতিও দি যাব মোৰ
উপস্থিতিৰ বতৰা,
ফাগুণৰ পছোৱাই কব
মোৰ হৃদয়ৰ বহু
নোকোৱা কথা ,
অভিমানী হব জানা সিদিনা
মোৰ আকলুৱা হৃদয়ৰ
প্ৰতিটো কোঠা !!!!
Comments
Post a Comment