সপোন আজি চিয়াঁহী হল
@ *সপোন আজি চিয়াঁহী হ'ল*@
✍ *স্বপ্ননীল শইকীয়া*
অ'মোৰ সোণ ......
শুনিছানে বাৰু এইফালে চোৱাচোন......
কথা এটা কওঁ বুলি ভাবিছিলোঁ......
শুনা আকৌ .....ইমান কৈ মাতিলেও নুশুনা কিয়নো.....??
ইমান কৈ বেয়া পাব পৰা মানুহ হৈ পৰিলোঁ নে আজি........??
শুনা আকৌ............
--------অঃ.......পাহৰিছিলোঁ...
তুমি যে আৰু নাই মোৰ কথা শুনিবলৈ.....
নিজানৰ আন্ধাৰৰ বাহিৰে কোনে শুনি পাই আজি বাৰু মোৰ এই চিঞঁৰ.........
উসঃ..........
বৰ বিষ....বুকুখন.....
আজি ব্যস্ত পৃথিৱীৰ যন্ত্ৰ বোৰৰ বাহিৰে চোন আপোন নাইয়েই কোনো ......
আজি মইও এটা যন্ত্ৰ হে হবলৈ শিকিছোঁ......
অনুভৱৰ ৰং বোৰৰ একো মূল্য নাইকিয়া হৈ পৰিল তোমাৰ কাৰণে........
সেই ৰং থাকি গ'ল মাথোঁ সপোনতেই নীলা বৰণে .......
কেতিয়াবা সেই নীলা গধুৰ হৈ পৰিলে বগা কাগজত সিঁচি দিয়ে.........
ন'হলেনো আৰু কোনে বুজিব........
যে...সেইবোৰ চিয়াঁহী নহয়
ৰঙীন সপোনৰ ভগ্নাৱশেষ.......
Comments
Post a Comment