।।মৰম।।-(অণুগল্প)

।।মৰম।।-(অণুগল্প)
              -সমুজ্জ্বল
--------------
পাকঘৰত পাছলি কাটি থাকোতে অনামিকাৰ আঙুলিটো বেয়াকৈ কাটিল।আঙুলিটোত আনখন হাতেৰে চেঁপি ধৰি তাই চিঞৰিলে-"হেৰি,বেডৰুমৰ আলমিৰাটোৰ পৰা ডেটলৰ বটলটো লৈ আহকচোন।মোৰ আঙুলিটো কটাৰিয়ে কাটিলে।"ড্ৰইং ৰুমত বহি লেপটপটোত কিবা কাম কৰি থকাৰ পৰাই পৰেশে ভেঁকাহি মাৰি উঠিল-"মোক যে চিঞৰিছা,নিজে আনি ল'ব নোৱাৰা নেকি?দেখা নাই নেকি মই যে কাম কৰি আছোঁ?"

  তেজ বৈ থকা আঙুলিটো চেঁপি ধৰি বেডৰুমলৈ ডেটলৰ বটলটো আনিবলৈ যাওঁতে দহবছৰমান আগৰ বিয়াৰ কিছুদিন পিছৰ কথা এটা অনামিকাৰ মনত পৰিল।এদিন ৰাতি অনামিকাৰ সামান্য কাহ হওতেই পৰেশে দৰৱ আনিবলৈ গৈ ৰাতি বাৰ বজালৈকে ফাৰ্মাচী বিচাৰি চলাথ কৰিছিল।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…