মোৰ অনুভৱৰ কথাৰে

মোৰ অনুভৱৰ কথাৰে
"""""""""""'"""""''''''''''''''''''''
'
'
সপোন নিবিড় জোনাক
'
'
দূৰ নীলা আকাশত কলা ডাৱৰে
খেলিছে লুকা ভাকু
হঠাৎ যেন নামি আহিব এজাক বৰষুণ
ধুৱাই নিব ধূলিৰে আৱৰা বাট পথ ……
'
'
দুচকুত কাজল সানি কলৈ যোৱা
তুমি ৰাংঢালি
চোৱা আহিব ধৰিছে এজাক বৰষুণ
ধোৱাই নিব তোমাৰ দুচকুৰ কাজল
আউল লগাব তোমাৰ মেঘালি চুলি
আৰু তেতিয়া তুমি কবা
কিযে আপদীয়া বৰষুণ ……
'
'
চোৱা এইয়া প্ৰকৃতিৰ নিয়ম
আকাশৰো জানো নালাগে দুখ ভাগৰ
কিমান আৰু বুকুত বান্ধি লৈ থাকিব
কলা ডাৱৰৰ বোজা ………
""
""______ সুপ্ৰভাত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন