নাজানো কেতিযা পাম মনৰ মানুহজনীক
নাজানো কেতিযা পাম মনৰ মানুহজনীক...........................বিয়াৰ পিছত কেতিয়াবা মই ৰাতি বহু দেৰিকৈ ঘৰলৈ উভতি আহিম,
মোৰ তাই অভিমান কৰি শুই থাকিব।
মই আহি সুধিম
"ভাত খালা নেকি মোৰ সোন জনী।
তাই খঙত অভিমানী সুৰত ক'ব,
"নাইখোৱা,কাৰোবাৰ ইচ্ছা হ'লে নিজে নিজে ভাত বাঢ়ি লৈ খাই ল'লেই হ'ল।"
.
মই কম,
"ওৰি বাবা,সোনজনী,খঙতো যেন একেবাৰে এটম বোম"।
মোৰ দেৰি হ'ল বাবে ইমান খঙ ন' ।
.
আচ্ছা কোৱাছোন আজি মোৰ কিয় ইমান দেৰি হ'ল?
তাই ক'ব,
" হয়তো অনেক কাম আছিল ছাগৈ।"
মই কম-বুর্বক ছোৱালী ক'ৰবাৰ।
অনেক কামৰ ফাকে ফাকেই তোমাক লৈ এটা কবিতা লিখিছিলো,বেঙী।
সেয়ে দেৰি হ'ল।
.
তাই আনন্দতে মোৰ পিঠিত মৃদু আঘাট কৰিব,কাণত ধৰিব,চুলি টানিব আৰু অভিমান ভৰা সুৰত সুধিব--
"ক'ত কবিতাটো চাও চাও??
মই কম,নাই নাই ইয়াত নাই অ সোনজনী।
অফিচতে থাকিল, ড্রয়াৰত।
এই পৃথিবীৰ সকলো মানুহ যেতিয়া শুই পৰিব।
এটা পক্ষীও যেতিয়া সাৰে নাথাকিব ।
ঠিক তেনে সময়ত আনি দেখুৱাম হা কবিতাটো কেতিয়াবা তোমাক।।
.
তাই খঙত মোৰ বুকুৰ ওপৰত চুপটি মাৰি মাৰি শুই পৰিব।
মই ক'ম, সোনজনী তোমাক মই পাগলৰ দৰে ভালপাও অ'।
তোমাৰ অবিহনে মই বাচি নাথাকিম জানা।
.
আচ্ছা তুমি মোক ভাল পোৱানে কোৱাছোন সোনজনী?
তাই ক'ব,তুমি এটা পাগল ।
তোমাক বাদ দি মোৰ কোন আছে হা??
তুমি যিদিনা মোক পাহৰি যাবা সেইদিনা মই নিৰুদ্দেশ হৈ যাম ।
.
মই কম ,লক্ষ্মী সোনজনী মোৰ
তোমাক এৰি মই কলৈকো নাযাও।
এই বুকুৰ মাজতেই এই ভাবে আকোৱালি ধৰি ৰাখিম তোমাক গোটেই জীবন।
ভালপোৱাত একাকাৰ হৈ যাব দুয়ো দুয়োজনৰ মাজত।
এনে ধৰনৰ এজনি মিঠা ছোৱালীৰ স্বপ্ন
দেখো প্রতিনিয়ত।
নাজানো কেতিয়া পাম মোৰ এই মনৰ মানুহজনীক।
✍পাপন বলিয়া মই 🎤
Comments
Post a Comment