নিঃস্বাৰ্থ প্ৰেম
🙏🏽🙏🏽✍নিঃস্বাৰ্থ প্ৰেম✍
তুমি নোকোৱা কথা বোৰ ক'ম আজি,
তুমি নজনা কথাবোৰ
ক'ম আজি,
তুমি নজনাকৈ পৰিলো
প্ৰেমত,তোমাক নেদেখাকৈ পৰিলো প্ৰেমত,
মাথো অনুভব কৰিলো প্ৰেমৰ,
সেই প্ৰেম নহয় কিন্তু সপ্ন,
বাস্তৱ মাথো জীৱনৰ।
তোমাক লৈ ৰছিলো কত সপোন,
কিয় মৰহিব দিলা,
বলীয়া প্ৰেমিক মই
জীৱন বাটৰ।
তুমি আমনি পালা ,
মোৰ মৰমে তোমাক
বলীয়া কৰিলে।
সেয়ে হয়তো পাহৰিব চেষ্টা কৰিলা,,
কাৰন তুমি প্ৰেমৰ ভৱিষ্যত বিচাৰিলা
কিন্তু
মোৰ যে বৰ্তমানেই নাই
ভৱিষ্যত মাথো সপ্ন
সেয়ে হয়তো তুমি পাহৰিলা।
কাৰন নিঃস্বাৰ্থ প্ৰেমৰ
এইয়াই হয়তো পৰিভাষা
আজিও নুবুজিলা
মোৰ মনৰ ভাষা।
🖊ধনটি শইকীয়া
Comments
Post a Comment