সৰস্বতী পূজা
সৰস্বতী পূজা ।
✍পাৰ্থ গোস্বামী
(9085555651)
প্ৰতি ,
আমি ভাৱিব নোৱাৰাকৈ নামি দামী পোছাক পৰিধান কৰি প্ৰেমিকাৰ হাতত ধৰি সৰস্বতী পূজা উপভোগ কৰা প্ৰতিজন প্ৰেমিক । পোন প্ৰথমে আপোনালোকক হৃদয়ৰে শুভেচ্ছা জনাইছো । আমিবোৰ গাঁৱৰ লৰা । আইৰ কাণৰ ফুলি আৰু পিতাইৰ খেতি কৰা মাটি বন্ধকত ৰাখি মহানগৰীৰ যান্ত্ৰিকতাত খোজ দিছিলো । আমি বৰ সাধাৰণ মানুহ , এটাই মাথো কামিজ আৰু আপোন বুলিবলৈ সন্দিকৈ কলেজত পঢ়া মোৰ ভনী জনী । নিজক বৰ অসহায় লাগে যেতিয়া চকুৰ সন্মুখত হেজাৰ টকীয়া হাই হিল আৰু দিজাইনাৰ পোছাক পিন্ধি আপোনালোকে KFC ত পূজা উপভোগ কৰে আনহাতে বাৰে বাৰে ধুই ৰং যোৱা আইৰ পুৰণি চাদৰ খন গাত আৰি ভন্টিয়ে কয় "দাদা বল পূজাত সেৱা এটি কৰি আহো " । পালচাৰ 220 ৰ পিছত বহা বাইদেউ সকল এবাৰ ভাবি চাইনে আমাৰ হাৱাই চেন্দেল চিগাৰ বাবেও বহুবাৰ পূজা চাব নোৱাৰো । আপোনালোকৰ ষ্ট্ৰেইট হেৱাৰ আৰু মুখত লগোৱা হাই বাজেট মেক আপৰ বাবে আমাৰ গাৱঁৰ ডালিমী , পদুমি হতৰ অন্তৰত কিমান বেজাৰ পাই ???? .... তথাকথিত নিউজ চেনেলত বাজি উঠা সুন্দৰী প্ৰতিযোগিতাত আপোনালোকৰ ধুনীয়া মেক আপৰ মুখ কেইখনে কি বুজিব যোৰা দিয়া চুৰিদাৰত যৌৱন পাৰ কৰা গাঁৱৰ শইকীয়াৰ জীয়েকৰ মনৰ কথা । পূজা জানো সিহঁতৰো নহয়??? ....
দায় দোষ নধৰিব , আমি সৰু মানুহ । ভিৰৰ মাজত হেৰাই যাম আৰু হয়টো দুদিন পিছত এই চিঠিখন হেৰাই যাব । মাথো এবাৰ নিজকে প্ৰশ্ন কৰক , হয়টো আমাৰ মাজত আপোনালোকৰ মা দেউতাৰ অতীতক বিচাৰি পাব । পূজাৰ শুভেচ্ছা থাকিল ।
ইতি ,
গাৱঁৰ ভোলা, ৰমেন , ডালিমী , যদু , হৰি আদিকে ধৰি মহানগৰীত সংগ্ৰাম কৰা প্ৰতিজন অসমীয়া ।
(সংগ্ৰহ কিন্তু নিজে লিখা নহয় )
Comments
Post a Comment