এটি নিজৰাৰ পাৰ
✍এটি নিজৰাৰ পাৰ
✍ ধনটি শইকীয়া
কুলুকুলুকৈ বৈ
আহে নিজৰা
কিমান যে ধুনীয়া লাগে
দেখি ওচৰৰ পৰা।
স্ফতিক চেঁচা পানী
কাঁজলীৰে ধৰো
ওচৰলৈ আনি নিজৰ
প্ৰতিবিম্ব দেখো।
কিযে মনোৰম
নিজৰাৰ পাৰ
শতকোটি তৃণ,গুল্ম
বৃক্ষ মাথো
প্ৰকৃতি ৰানীৰ অলংকাৰ।
লতাবোৰে ঠেও ধৰি
সোনৰ দলিজা পাৰি
কৰে মাথো আলিংগন,
চুমাৰ পৰশে উতলাই
যৌৱন।
যৌৱনাসিক্ত প্ৰকৃতি
উঠে ঠন ধৰি
বতাহৰ ঢৌত নাচে
মন ভৰি।
প্ৰেমৰ বা লাগি
প্ৰকৃতিৰানী একে দিশে
যাই বাগৰি।
মোৰেই চঞ্চলা মন,
দেখি ভাৱত মগন
কিযে বিতুপন প্ৰকৃতিৰ
উন্মনা মন,
মনৰ খিৰিকি খুলি
চাই ৰওঁ মাথো
প্ৰকৃতিৰ দৃশ্য মনোৰম।
Comments
Post a Comment