জীৱন
জীৱন
গোবিন্দ অনুৰাগ
এটা ৰাতি বিষাদে
মিতিৰালি পাতিলে,
মোৰ সৈতে,
জোন টো নাহিলে
আকাশৰ
বুকুত লৈ
তৰাই বোৰ লুকাই গল,।
ক'লা ক'লা ডাৱৰে আমন্ত্ৰণ
দিলে,
অসুৰ সদৃশ বিজুলি গাজনিক ।
উটুৱাই নিলে
জোনাকী আঁচল।
অপেক্ষাত মাথোঁ
নৱ সুৰুযটো
আশা সুখৰ জ্যোতি লৈ।
Comments
Post a Comment