স্মৃতিৰ তৰংগ
🌿স্মৃতিৰ তৰংগ 🌿
✍ ৰাহুল দাস
মই সেই ঘাটতেই বহি আছো।
যি ঘাটত সোণোৱালী সুৰুযে ,
সেমেকা হাঁহিৰেবিদায় মাগিলে ।
মোৰ চকুত জিলিকাই
ডুবি যোৱা বেলিৰ কিৰণ।
মোৰ হৃদয়ত বাজে ভাষাহীন
আবেগৰ স্পন্দন ।
অনুভৱ মোৰকলিয়া ডাৱৰ ,
কল্পনা বোৰো যেনসেমেকা
বালিচৰ ।কেতিয়াবা উটি
যাওঁসেই ঘাটেৰেই....
যি ঘাটেৰে বৈ যায় দুখবোৰ ।
কেতিয়াবা শুকাই যাওঁ
মৰুভূমিৰ দৰে। বাট চাই
থাকোবাৰিষাৰ ঢৌ বোৰলে ।
দুহাত মেলি আদৰিছো দুখবোৰ।
দুখৰ মাজতেই বিচাৰি পাওঁ
হেৰোৱা জীৱনৰমধুৰ স্মৃতিবোৰ ।
সুখৰ হাঁহিটো নিশব্দ
হৈ,দৌৰিছে মাথোঁ দুৰ
দিগন্তলৈ।
এৰি অহা স্মৃতি বোৰক
বুকুত বান্ধি লৈ মই বহি
আছো আজিও।
সেই ঘাটতে আপোন
চবিখনসন্মুখতে লৈ ।
Comments
Post a Comment