বেদনা
✍ বেদনা ✍
"""""""""""""""
মোক বেদনাই আবদ্ধ কৰি ৰাখে আন্ধাৰৰ মাজত …
মই হেৰাই যাওঁ নিজৰ পৰা
হেৰাই যাওঁ মই মোৰ ছাঁটোৰ পৰা …
ডেউকা ভঙা পক্ষীৰ দৰে মই
ধৰফৰাই থাকো …
আন্ধাৰৰ বাট কাটি
মই আগলৈ যাব বিচাৰো
এধানি পোহৰৰ ৰেঙনি বিচাৰি …
মোৰ চাৰিওফালে যেন শূণ্য
ধূসৰ পৃথিৱী …
আৰু মই এই পৃথিৱীৰ এজন দূৰ্ভগীয়া …
যাৰ বুকুত আছে মাথো
বুকুভৰি বেদনা …
দুচকু ভৰি আছে চকুলো … ! !
""
""
____________ সপোন নিবিড় জোনাক
Comments
Post a Comment