মৰমৰ এনাজৰীঃ

✍মৰমৰ এনাজৰীঃ

🖊    ধনটি শইকীয়া

তুমি কিয় নুবুজা
মোৰ মনৰ দুমুজা
তুমি কিয় নাভাবা
এবাৰো মোৰ কথা,
তুমি নাজানা
তুমি নুবুজা
মাথো কৰা
   আমনি যৌৱনৰ দুপৰ বেলা।

   তোমাৰ আশাবোৰ
কিয় মৰহিব দিছা
মৰহিব নিদিবা তোমাৰ
মৰমবোৰ ,
হৃদয়ত মেৰাই ৰাখিম
তোমাৰ ভালপোৱা বোৰ।

প্ৰেমৰ গভীৰতাত
ভাৰ বান্ধি দুয়ো
ঊমলিম জীৱনৰ প্ৰভাতী  বেলা।
তুমি অংকন কৰা প্ৰেমৰ তুলিকাত
মৰমৰ চানেকী তুলিম
আঁকিম চিৰপ্ৰবাহী সোঁতৰ জীৱন গাথা।
সেই গাথাত অংকিত
হ'ব জীৱন সুন্দৰৰ
বহু কল্পনা।

তুমি আকাশ মই সাগৰ
তুমি জোন মই বেলি
উমলিম দুয়ো মিলিজুলি
নহ'ব গধুলি।

মাথো জিলিকি থাকিব
মৰমৰ জ্যোতি,
সেই জ্যোতিৰে জিলিকাই তুলিম
মৰমৰ পদুলী।

দিবানে সহাৰি তুমি
এই যৌৱনৰ আবেলি।
মাথো আকোৱালি
ল'ম মৰমৰ এনাজৰী।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…