ভাগৰুৱা এই জীৱন
ভাগৰুৱা এই জীৱন
""""""""""""""""""""""""""""""
""
""
ভাগৰুৱা আজি মোৰ জীৱন
সেই বাটত ………
যি বাটত নাই আজি
মৰমৰ আই এষাৰি মৰমৰ মাত …
যি বাটত নাই আজি
আই কপাহ কোমল দুহাতৰ
মৰমৰ বুলনি ……
""
""
ভাগৰুৱা আজি মোৰ জীৱন
ব্যস্ততাৰে ভৰা পৃথিৱীৰ
মৰিচিকা খেদি খেদি ……
কি পালে আজি এই জীৱনে
নাই একো নাই …
দুখত ভাগি পৰা জীৱনে
আজি বিননি জুৰে …
আইৰ এষাৰি মৰমৰ মাত শুনিবলৈ ……
""
""
আজি কোনে শুনিছে
মোৰ হিয়া ভঙা কৰুণ বিননি …
নাই কোনেও শুনা নাই
মাথো শুনিছো মই
মোৰ বুকুৰ হিয়া ভঙা বিননি …
""
""
নিদাৰুণ সময়ে কাঢ়ি নিলে
মোৰ আইক মোৰ পৰা …
কাঢ়ি নিলে আইৰ সেই মৰম ভালপোৱা
আৰু চিৰদিনৰ বাবে মোক কৰিলে
মাতৃহাৰা ……। ।
""
""
_______________ সপোন নিবিড় জোনাক
Comments
Post a Comment