মোৰ মৃত্যুত খাৰুবোৰ নুখুলিবা -

মোৰ মৃত্যুত খাৰুবোৰ নুখুলিবা -

মোৰ মৃত্যুত হাতৰ খাৰুবোৰ নুখুলিবা, তোমাৰ দেহাক শুৱনি কৰা
মই বজাৰৰপৰা তোমালে
মৰমত আনি দিয়া ৰঙীন
সাজযোৰো দলিয়াই নেপেলাবা।
শিৰৰ সেন্দুৰকণ মচি দিয়াৰো
কোনো যুক্তি নেদেখোঁ,
সেয়া তোমাক দিয়া মোৰ
অনুপম উপহাৰ।
মোক ভাল পোৱা যদি মোৰ অস্তিত্বহীনতাক স্বীকাৰ নকৰিবা,
মোৰ অনুপস্থিতিত উৎসৱবোৰত
এতিয়াৰ দৰেই ফূৰ্তি কৰিবা,
নতুন শাৰী কিনিবা,পিন্ধিবা।
মই নোহোৱাত জীয়া মৰাশ
হৈ নপৰিবা।
হাঁহি-মাতি থাকিবা
জীৱনটো বৰ চুটি,,,,
মোৰ স্মৃতিত দিনবোৰ
দুখেৰে কবৰ নিদিবা।
সদায় ৰঙীন আৰু জীপাল হৈ থাকিবা। আমাৰ গুণগুণক মোৰ অভাৱ অনুভৱ কৰিবলৈ কোনোকালে নিদিবা।
মই সপোনত সদায় আহিম তোমাক আমনি কৰিবলে।
তোমাৰ লগত দুষ্টালি কৰিম আকৌ গোটেই নিশা তোমাক শুবলে নিদিওঁ। মোৰ মৃত্যুত তুমি সলনি হৈ নাযাবা এতিয়াৰ দৰেই থাকিবা।
মই চিৰকালৰ বাবে তোমাৰ আৰু
তুমি চিৰকালৰ বাবে মোৰ।
মোৰ মৃত্যুত নাকান্দিবা
দুহাত শুৱনি কৰা ৰুণজুণ খাৰুবোৰ শিলত থেকেচি ভাঙি নেপেলাবা....
তুমি কান্দিলে মই বৰ দুখ পাম
তুমি নাঁহাহিলে মই কান্দি পাম।
তুমি যে কৈছিলা মই কান্দিলে তুমি পৃথিৱীৰ আটাইতকৈ দুখী
মানুহজনী হৈ পৰা...মনত আছে??

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…