পাতিবা মনৰ কথাঃ

✍পাতিবা মনৰ কথাঃ
   
🖊ধনটি শইকীয়া

দিবানে মৰম অকনমান,
থাকিব জীয়াই একতাৰ
এনাজৰী হৈ ম্ৰিয়মান।

সহাৰি মাঠো আমাৰ কাৰনে যথেষ্ট ,
প্ৰেৰনাই উৎকৃষ্ট
যদিহে নাপাও একো
মনটো হৈ যাই নিকৃষ্ট।

নুবুজা কিয়নো
    মনৰ কথাবোৰ
মাথো এষাৰি মাত
সেইষাৰি দিবলৈ,
কিয়নো মেলা
কঠুৰতাৰ হাত।

আহিবা এপাক
দেখাদেখি হ'ম
পাতিম মনৰ কথা
সকলো যদি মিলিজুলি
থাকা।
কিমান যে ভাল লাগিব
কোৱা।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…