টুকুৰা টুকুৰ সুখৰ চবিবোৰ

টুকুৰা টুকুৰ সুখৰ চবিবোৰ
আজিচোন হৈ পৰিছে ধুহৰ
মিঠা মিঠা সপোনৰ গানবোৰ
হেঁপাহৰ চেনেহী সুৰবোৰ
আজিচোন নাভাঁহে
বুকুৰ উপত্যকাত
হালি জালি নানাচে চোন
আশাৰ কঁশুৱাডৰা
বা লগি
ভালপোৱাৰ পছোৱাজকৰ
নুফুলেচোন হিয়াৰ চোতালত
শুকুলা শেৱালী
নহৰেচোন চোতাল ভৰি
শেৱালীৰ আমোলমোল গুন্ধত
নহয়চোন মতলীয়া মন
তুমি কাষত নাই যে
সেইকাৰণে ছাগে
একোৱেই চোন ভাল নালাগে
কতোৱেই চোন নবহে মন
অনবৰত পাইয়ো হেৰুৱাৰ
দুখবোৰে খুলি খুলি খাই বুকু
স্মৃতিবোৰে আজুৰি আজুৰি
ৰঙা কৰে কলিজা…

জীৱনৰ ৰংবোৰ হেৰাব ধৰিছে চোন
কৰোৱাত লাহে লাহে
হৈছে বিলীন
দিগন্তৰ সিপাৰে কোনোবা
অজান নিজান দেশত
বুকু ভৰিছে এসাগৰ বিষাদে
ৰঙাৰং ভালপোৱা
লাহৰী হিয়াত এতিয়া
গোন্ধহীন ৰঙা মদাৰৰ ফুল
আকাশ ৰাঙলী কৰি
ৰাঙলী কৰি বুক
ৰাঙলী কৰি কলিজা……………

=নিবিড় অনুৰাগ
          প্ৰেমিক অসীম

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…