আত্মাৰ কান্দোন
\\ আত্মাৰ কান্দোন //
আন্ধাৰত যন্ত্ৰণাৰ দলিচা পাৰি
আত্মাই কান্দে,
নষ্টালজিয়া প্ৰতি নিশা
অতীতৰ মিঠা মিঠা স্মৃতিবোৰ সোঁৱৰি…!!
হৃদয়ৰ নিভৃত কোণৰ পৰা
নিগৰিত হয়,
কোমল কোমল
আবেগৰ টোপাল…!!
অৱসাদ
উদাসীন জীৱনে
আবেগত মাতাল হৈ,
কৰুণ অনুভৱবোৰ
মৌনতাৰে
বিষাদৰ তেজ ৰঙা
শলিতা হৈ জ্বলে
উকা কাগজৰ প্ৰতিটো পৃষ্ঠাত……!!
Comments
Post a Comment