প্ৰতিচ্ছবি
#প্ৰতিচ্ছবি #
✍ৰাহুল দাস
হৃদয়ত বাজি থাকে
হিয়াৰ স্পন্দন
তুমি জানো বুজা
সেই স্পন্দনৰ তৰংগ ত । তুমি
মাথো এবাৰ
কোৱা ভালপাওঁ বুলি!
তোমাক
দেখাৰে পৰা মনে কয়
এজাক বৰষুণ আহক !
হিয়া ভৰি তিতিম দুয়ো ,
বোৱাই দিম ভালপোৱাৰ
নদীবোৰ ,
গছবোৰক সাক্ষী কৰি
আৰু ফুল হৈ ফুলিম তোমাৰ
হৃদয়ত।
মাথো তুমি কলেই হ'ল
ভালপাওঁ বুলি !
তুমি ভালপাওঁ বুলি কলেই
আউশীৰ এজনী জোনাকী হৈ
বুজি লম তোমাৰ সমস্ত
নিৰৱতা !
উলিয়াই আনিম
প্ৰতিটো আকোলতা..
আৰু নিস্তব্ধ জোনাকত
নৈ পৰীয়া !
এটি গীত হৈ সোৱৰাই
দিম
তোমাৰ
প্ৰতিটো সৌন্দৰ্য্য...
মাথো তুমি কলেই হল
ভালপাওঁ বুলি.....
(প্লিজ প্লিজ এবাৰ
কোৱানা
তোমাৰ চিৰন্তন প্ৰেমিক
মই)
Comments
Post a Comment