মই ফটিকা খাই আহিছোঁ
🙏🏻🙏🏻🙏🏻
মই ফটিকা খাই আহিছোঁ
তুমি আতঁৰত থাকিবা গোন্ধ
পাব পাৰা মই ফটিকা খাই আহিছোঁ।
যিটো গান গোৱাৰ একান্ত ইচ্ছাত উৎযাপন কৰো যন্ত্ৰণা উৎস
তাকে শুনাবলৈ মই
ফটিকা খাই আহিছো।
মোৰ বুকু ফালি ওঁঠেৰে নিগৰিব লগা
গাখীৰতি ধানৰ গুণ যেন গানটো
গাঁও গাঁও বুলি গোৱা নহয় যি
যিটো গানৰ সুৰ হেৰাই তুমি শিল
এটাৰ ওপৰত বহি থকা দেখি
তাকে শুনাবলৈ
মই ফটিকা খাই আহিছোঁ ।
যিটো গান গাওঁ বন্ধুৰ আদ্দাত
যিটো গানে সাপ এডাল হৈ
মেৰিয়াই ধৰে মোৰ কণ্ঠত
তোমাৰ ওচৰ পালে
তাকে শুনাবলৈ ফটিকা খাই আহিছোঁ ।
মই মাতাল হৈ অহা বাবে
তুমি মোক বেয়া নাপাবা
বিদ্যা শপত আজি পৰা
ফটিকা নাখাওঁ....।
Comments
Post a Comment