জোনাকৰ বৰষুণ জাকে

জোনাকৰ বৰষুণ জাকে
তিয়াইছিল সপোনটোক।
সি গজালি মেলিছিল
ঘনঘোৰ অমৱশ্যাত;
নাশিবলৈ অন্ধকাৰ।
সপোনটো লহপহকৈ বাঢ়িছিল।
কলিৰ পৰা ফুল
ফুলৰ পৰা বীজ……
এক স্বাভাৱিক পৰিক্ৰমা।
বাস্তৱৰ কঠোৰ ৰণক্ষেত্ৰত
সপোন আৰু দিঠকৰ স্বঘোষিত যুদ্ধ।
আঘাতপ্ৰাপ্ত সৈনিকৰ কাতৰ চিঞৰ!
তুমিও সেই সমৰৰ এজন
এজন আহত ৰণুৱা!
ভয় নাখাবা
ৰণত জয় পৰাজয় থাকেই।
কাৰাগাৰৰ দুৱাৰ বন্ধ।
তাত
যুদ্ধবন্দী ৰাখিব পৰা এক সীমাও থাকে।
এদিন বন্ধ দুৱাৰ খোল খাবই।
নিজে সজা কাৰাগাৰতে বন্দী হব সিঁহত।
ক্ষমতাৰ ৰাগী ক্ষন্তেকীয়া।
সপোনবোৰক চিৰদিনৰ বাবে
বন্দী কৰিব নোৱাৰি।
সেয়ে
সপোনবোৰ মৰহি যাবলৈ নিদিবা।
আউসীৰ অন্তত
জোনাকে পুনৰ তিয়াব সপোনবোৰক।
গজালি মেলিব আশাত
এডাল নতুন বৃক্ষই ছা দিব
আমাৰ
আধাপূৰ্ণ সপোন বোৰক।

  ✍পাপন বলিয়া মই🎤

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…