যৌৱনৰ উন্মনা ছবিঃ

✍যৌৱনৰ উন্মনা ছবিঃ
🖊ধনটি শইকীয়া

মনৰ মাজত
    ভাঁহি থাকে
      অবুজ বেদনা
তাৰেই প্ৰতিচ্ছবি
    বুকুত বান্ধি লভিছা
        কত সান্তনা।

দুখৰ হুমুনিয়াহ মাৰি
যৌৱনৰ আচল মেলি
সুখবোৰ বুটলি
    ক'লৈ যোৱা তুমি।

তুমি যোৱাৰ পৰত
     চাওঁ জুমি জুমি
তোমাৰ মেলাচুলিত
     জিলিকি থাকে
যৌৱনৰ আৱিৰ সনা ধূলি।

আকোলতাৰ পদুলীয়েদি
ব্যাকুল মনৰে ক'লৈ যোৱা
প্ৰতি খোজত বাগৰি যাই
চকুলোৰ নদী ।

মুখৰিত মুখমণ্ডল
    সেমেকা মনটি
এটি বিষাদ হাঁহিৰে
    কিয় চোৱা জুমি
দুখৰ উৰণি খন দাঙি।

সেই দুখৰ হাঁহিত
    বিৰিঙি উঠে
অন্তৰৰ ছবি
     লাজুকী চাৱনিয়ে
কিয় দিলা
    বুকুৰ বেথাবোৰ ঢাকি।

তুমি চঞ্চলা নাৰী
  ফাগুনৰ পছোৱা জাকৰ লগত খোজ মিলাই,
বিষাদ জীবনত
   বিষাদৰ হাঁহি মাৰি
আজিও লাহৰী খোজেৰে
   বহুতৰে মন
নিলা কিয় কাঢ়ি।

তুমি নহয় সামান্য
নাৰী, যেন সৰগৰ পৰী
তুমি ফাগুনৰ এটি হাঁহি
যৌৱনৰ উন্মনা ছবি।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন