মৰমে নভৰে হিয়া
✍মৰমে নভৰে হিয়া
✍ধনটি শইকীয়া
তোমাৰ হাঁহিত
মৰম পিছলে
মৰমে নভৰে হিয়া।
তোমাৰ চকুত
বিজুলী বৰষে
নামি আহে যেন,
মৰমৰ টোপাল।
মৰম নদীতে
দিঙা মেলি দিলো
নোৱাৰিলো হ'ব পাৰ
মাজ বাটতে ৰৈ
গ'লো মাথো
নাপালো পাৰাপাৰ।
মন আকলুৱা
বুজাৱ নোৱাৰি
জীৱনৰ পিছল বাট
এজাক বৰষুনে
ধোৱাই থৈ গ'ল
মেলি ৰঙিলী হাত।
Comments
Post a Comment