লগৰীঃ
✍লগৰীঃ
🖊ধনটি শইকীয়া
তুমি সপোন
মোৰ ৰাতিৰ লগৰী
তোমাক নেদখিলে
মনে নলয় বুজনি।
তোমাক নেদেখিলেই
যাও ভাগৰি
তুমি আহিবা বুলি
নিদ্ৰাৰ কোলাত
যাওঁ বাগৰি ।
তথাপিটো
মনৰ মাজত
আজি তুমি নাই,
যদিও
তোমাৰ সপোনেই
মোৰ লগৰী।
তুমি আহিবা বুলি
আশাৰে সাজিছো
সপোনৰ ঘৰ
মাথো
ৰাখিম তোমাক
মৰমৰ দলিছা পাৰি।
তুমি আহিবা
সপোনৰ এটি
নিজম গধুলি
অপেক্ষাৰত মই
সপোনৰ পদুলীত।
মথো তুমি আহিবা বুলি।।
Comments
Post a Comment