অনুভৱ (৫)
অনুভৱ (৫)
""""""""""""
"
"
কি হ'ল কিয় হাঁহি আছা তুমি ?
তেওঁ কলে চোৱাচোন চোৱা সেই মানুহজন যে গল তেওঁ ইমান লেতেৰা কাপোৰ পিন্ধি আছে গোন্ধাইছে তেওঁ গা …
দুখীয়া মানুহ চি ঃ
মই কলো …
কিয় তেওঁ দুখীয়া বাবে মানুহ নহয় ?
আৰু তেওঁ কি কাৰণে দুখীয়া হয় ?
তেওঁৰ আছে তোমাৰ মোৰ দৰে হাত - ভৰি - চকু - কাণ - নাক …
তেওঁ দুখীয়া নহয় ……
ঔ তেওঁ তোমাৰ দৰে ভাল দামী কাপোৰ পিন্ধিব পৰা নাই …
তেওঁ তোমাৰ দৰে কোনো বিদেশী সুগন্ধি ঘহিব পৰা নাই …
তেওঁ লব পৰা নাই তোমাৰ দৰে কোনো বিলাসী গাড়ী …
তেওঁ থাকিব পৰা নামী
তোমাৰ দৰে বিলাসী ঘৰৰ মাজত ……
সেই বাবে তেওঁ দুখীয়া ?
""
""
তেওঁ কৰ্ম কৰে তোমাৰ দৰে ……
তুমি কৰ্ম কৰা
আধুনিকতাৰ বতাহৰ ঠাণ্ডা লৈ বিলাসী ঘৰৰ মাজত ……
তেওঁ কৰ্ম কৰে ৰদ বৰষুণ বতাহক দেহত লৈ কপালৰ ঘাম মাটিত পেলাই ……
""
""
তেওঁ দূৰ্নীতি কৰি কামৰ পৰিচয় নলয় ……
তেওঁ কাৰোবাক প্ৰতাৰিত কৰি কামৰ পৰিচয় নলয় তোমাৰ দৰে ……
তেওঁ ধনৰ দুখীয়া হয়
কিন্ত বুজি পাই দুখৰ বুজাৰ কথা ……
তুমি ধনৰ ধনী
সেইবাবে তুমি নুবুজা দুখৰ বুজা কিমান গধুৰ ……
""
""
তেওঁ ধনৰ দুখীয়া
কিন্ত তেওঁ মনৰ বিশাল আকাশৰ সমানে ধনী …
আৰু তুমি ধনৰ ধনী
কিন্ত তুমি মনৰ দুখীয়া ……
সেইবাবে আজি মোৰ দুচকুত তেওঁ
তোমাতকৈ ধনী মানুহ এই পৃথিৱীৰ …… । ।
""
""
_______ সপোন নিবিড় জোনাক
Comments
Post a Comment