এক মুহূৰ্তৰ গল্প " আৱৰণ

এক মুহূৰ্তৰ গল্প " আৱৰণ "
.
বিয়াৰ প্ৰথম ৰাতি কৃষ্ণাই কোনো মতেই তাই স্বামী বিপ্লৱৰ আগত ওৰণি খন গুচাব নোখোজাত বিপ্লৱে খঙতে তাৰ কাৰণ সুধাত কৃষ্ণাই ভয়ে ভয়ে কলে.......
কৃষ্ণা: মই দেখাত ক'লা বৰণৰ হয়। কিন্তু সকলো লৰাই বগা ছোৱালী বিচাৰে । সেই কাৰণে বিয়াৰ প্ৰথম ৰাতি মই তোমাৰ মন বেয়া নকৰো। তুমি মোক এনেকৈয়ে থাকিব দিয়া আৰু নিজে শুই যোৱা ।
ঘৰৰ কথামতে বিয়া কৰাই আনিছিল বিপ্লৱে তাইক। কোনো দিন চাবলৈ যোৱা নাছিল মাত্ৰ তাৰ photo এখন হে দি পঠাইছিল। সেয়ে চাগে আজি এনে পৰিস্থিতিৰ সন্মুখীন হৈছে সি। খং উঠিছিল যদিও সি তাইক নম্ৰ ভাবেই সুধিছিল ...
বিপ্লৱ: তুমি যদি বগা হলা হয় তেতিয়া মই অহাৰ আগতেই ওৰণি গুচাই থলা হেতেন চাগে ?
কৃষ্ণা: কিয় মোৰ লাজ নাই নেকি কিবা?
বিপ্লৱ: তুমি যদি বগা হলা হয় বিয়াৰ আগতেই তোমাৰ শৰীৰৰতো আনৰ হাতত তুলি দিলা হেতেন নেকি ?
কৃষ্ণা: মই চৰিত্ৰহিন বুলি ভাবিছা নেকি ?
বিপ্লৱ: তুমি যদি বগা হলা হয় মোৰ লগত বিয়া নহও বুলি ঘৰত জীদ ধৰিলা হেতেন চাগে?
কৃষ্ণা: এহ: কি যে কৈ আছা তুমি........ মই বগা নহব পাৰো কিন্তু মোৰ লাজ, চৰিত্ৰ আৰু মা দেউতাৰ লগতে মোৰ আত্মসন্মান ৰাখিব জানো। তেনেকৈ কৈ কৃষ্ণাই নিজৰ ওৰণি খন খহাই বিপ্লৱৰ ফালে একেৰাহে চাই থাকিল .........
তেতিয়াই বিপ্লৱে এটি মিচিকিয়া হাঁহিৰে লাহেকৈ কলে............
বিপ্লৱ: শুনা.... মানুহৰ গাৰ ৰং হৈছে পৃথিৱীৰ সকলোতকৈ পাত�ল আৱৰণ। ই যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে । তোমাৰ আচল আৱৰণ হৈছে তোমাৰ লাজ, চৰিত্ৰ আৰু আত্মসন্মান, যিটো তোমাৰ ওচৰত মই ইতিমধ্যে দেখা পাইছো। মিছা এটা ৰঙক তোমাৰ পৰিচয় বনাই তুমি তোমাৰ সকলোতকৈ সুন্দৰ আৰু শক্তিশালী পৰিচয় দুৰ্বল নকৰিবা। যি তোমাক সকলোতকৈ সৌন্দৰ্য্যময় কৰি তুলিছে । আৰু শুনা......... আগৰ প্ৰশ্ন কেইটা কেৱল তোমাক তোমাৰ লগতে পৰিচয় কৰাই দিবৰ বাবেহে কৰিছিলো। বেয়া নাপাবা।
বিপ্লৱৰ মুখত এই কথা কেইটা শুনি কৃষ্ণাই মাথোঁ এটা কথাই ভাবিলে........
"মা দেউতাক কেতিয়াও সন্তানৰ বাবে ভূল হব নোৱাৰে

✍পাপন বলিয়া মই🎤

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন