অাজি তোমালৈ জানা বৰকৈ মনত পৰিছে ও
অাজি তোমালৈ জানা বৰকৈ মনত পৰিছে ও………।
বেয়া নাপাবা তুমি……।
তোমাক দিয়া প্ৰতিশ্ৰুতি মই ৰাখিব
নোৱাৰিলো……ও
মোক বিদায় জনোৱা মুহুৰ্তৰ……।
তোমাৰ সেই সেমেকা চকুযুৰিয়ে……
মোক অাকৌ এবাৰ কন্দুৱালে জানা।
তুমি ঠিকেই কৈছিলা…
মই ভাল ল'ৰা নহয়…ও
মই যে তোমাৰ
কোনো কথাই ৰাখিব নোৱাৰো ন
অাৰু সেই দিনাখন যে তুমি
অভিমান কৰিছিলা।
মই পলম কৰাৰ বাবে,
মনত অাছেনে তোমাৰ,
অ সেইদিনাই……।
তোমাক যে কিমান।
ধুনিয়া লাগিছিল জানা…………
কিন্ত ভাবিছিলো এবাৰ
সাবতি ধৰিম তোমাক
পিচে কিয় জানো সাহস ন'হল।
মইতো ভবা নাছিলো সোন…
তোমাৰ অভিমানি মূখখণ অাৰু
কোনোদিনেই দেখা নাপাম।
অাজি অাৰু নকবা মোক……
নাকান্দিবা বুলি………।
তোমাৰ প্ৰতিশ্ৰুতি বাবেই
অহা নাছিলো
তোমাৰ কাষলে……
অাহিছো অাজি
মোৰ বুকুৰ অাপোন সোনজনি
সুখত অাছানে ছাবলৈ।
অভিমান নকৰিবা সোন তুমি…
মই সুদা হাতে অহা নাই…ও
লগত অানিছো তুমি ভালপোৱা।
তগৰ ফূলৰ এধাৰি মালা……।
এয়া ছোৱা তুমি থৈছোহি
তোমাৰ সমাধিৰ কাষতে…ধন্যবাদ।
✍পাপন বলিয়া মই🎤
Comments
Post a Comment