অনুভৱ

অনুভৱ (৩)
"""""""""""""
"
"
আজি তাই নিজকে চাইছে
তাই কোঠালীৰ মলিয়ন আইনাখনৰ কাষত ৰৈ ।
তাই যেন আজি নিজকে পাহৰি গৈছে ।
জীৱনৰ ২৮ টা বসন্ত পাৰ কৰিলে তাই ।
তথাপিও তাই আজি যেন ১৮ বছৰীয়া গাভৰু  ।
নিজৰ সকলোবোৰ দুখ পাহৰি তাই হাঁহিছে
আনৰ সুখতে সুখী হৈছে ।
যেন এখন নাটকত অভিনয় কৰিছে
সুখৰ অভিনয় ।
কোনে জানে তাই এবুকু দুখৰ কথা
কোনে জানে নিজানত অকলে তাই যে মোহাৰে দুগালে বৈ অহা দুখৰ চকুলোৰ কথা । ।
তাই আশা আছিল সপোনৰ ঘৰখন সজাবলৈ ।
কিন্ত তাই জনা নাছিল হঠাৎ যে তাই জীৱনলে আহিব এজাক কালৰ ধুমুহা ।
তাই হেৰুৱাইছে ভৰ যৌৱনত নিজৰ আপোনজনক
হেৰুৱাইছে বুকুৰ আশাবোৰক
দুচকুৰ সপোনবোৰক । ।
তাই হেৰুৱাইছে বিয়াৰ দুদিন পিছত
নিজৰ মানুহজনক
যি চিৰদিন সুখে দুখে লগত থকাৰ
কথা দিছিল ।
কালৰ ধুমুহাই তাই সকলোবোৰ শেষ কৰি নিলে । ।
""
""
_____ সপোন নিবিড় জোনাক

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…