চকুলো

✍🏻 চকুলো ✍🏻
          ✍🏻
এটুপ দুটুপকৈ চকুলো হৰে
ৰাতি নিজান পৰত
তোমাৰ কথা ভাৱি …
তিতিযায় শিতানৰ গাৰু
চকুৰ পানীৰে …
কিনো মৰম দিছিলা মোক
পাহৰিব নোৱাৰাকৈ
তুমি আঁতৰি যোৱা পিছত …
মোৰ বুকুত কি মৰমৰ ঢল বোৱালা তুমি …
পাহৰিব খুজিও পাহৰিব নোৱাৰো …
পূৰ্ণিমা ৰাতিৰ আকাশত জোনটো দেখা পালে তোমালৈ মনত পৰে …
তুমি মই যে পাৰ কৰিছিলো
মনৰ কথা পাতি জোনাকভৰা ৰাতিবোৰ …
আজি তুমি নাই
সেইবাবে মোৰ বাবে জোনাক নাই …
আছে মাথো দুচকু ভৰি চকুলো …
মাথো চকুলো  …! !
! !
! !
✍🏻 চুম দত্ত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…