মই যেন আজীৱন তোমাৰ কাষতে থাকিম

মই যেন আজীৱন তোমাৰ কাষতে থাকিম ৷ তোমাৰ বুকুত মোৰ বাবে এটি ঘৰ সাজিম ৷ স্বৰ্ণ তৰাৰে ভৰাই দিম তোমাৰ উকা আকাশ ৷ ফুলনিত ফুলিব ৰজনীগন্ধা ,হাছনাহান,আৰু মাধৈমালতি ৷ সুৱাসিত কৰিব বুকুৰ চৌপাশ ৷ জ্বলাই দিম পদূলিত শাৰি শাৰিকৈ পোহৰৰ চাকি ৷ তাতে দেখিম তোমাক লৈ মেঘালি সপোন ৷ পাম জীয়াই থকাৰ প্ৰত্যয় ৷ তোমাৰ বুকুতে ঈশ্বৰ..... নিৰ্জন উদাৰতা...... প্ৰগাঢ় প্ৰেমৰ গভীৰতা.... প্ৰাণে প্ৰাণে গানে গানে উৎযাপিত হ'ব আকাংক্ষীত উৎসৱৰ মেলা ৷ মই আজীৱ্ন তোমাৰ কাষতে থাকিম ৷ তোমাৰ দুচকুৰ জিল-মিল নদীত সাতুঁৰি ফুৰিম ৷ তোমাৰ নিশ্বাসৰ বতাহত মই মোৰ ভিজা চুলিবোৰ শুকুৱাম ৷ ওৰে ৰাতি সাৰে থাকি তোমাৰ ওঁঠৰ মোহনাত মোৰ ওঁঠৰে প্ৰেমৰ কবিতা লিখিম ৷ তোমাৰ আঙুলিৰ ফাঁকত আঙুলি থৈ জীৱনৰ ঠিকনা বিচাৰিম…৷৷
   ✍ Arup

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন