মই বিচাৰিছিলো তাইৰ বুকুত অলপ জিৰণি,

মই বিচাৰিছিলো তাইৰ বুকুত
অলপ জিৰণি,
তাই দিছিল এবুকু মৰম,
কিন্তু মোক খালী ঠাই হে লাগিছিল,
তাই মৰম বোৰ মোৰ বুকুত ঢালি কলে
জিৰণি লোৱা এতিয়া...........
তাৰ পিছৰ পৰা দেখোন মই
শান্তিয়ে নাপালো.............
এবুকু মৰমৰ বিনিময়ত কৈ গ'ল
তাই ভাল নলগা বোৰ........
অমুকটো নকৰিবা, অমুকলৈ নাজাবা,
ইটো নাখাবা, সিটো নিপিন্ধিবা.....
কিন্তু এবাৰো নুসুধিলে মোৰ ভাল লগাবোৰ।
ইমান বেঙুনীয়া চাৰ্ট কিয় পিন্ধা বেঙুনীয়া ৰং যে মোৰ বৰ বেয়া লাগে।
কিন্তু মোৰ প্ৰিয় ৰং কি
তাই জানো সুধিব নালাগে ?
দিনত কিয় শুইছা ইমানকৈ
বেছি শুলে এলেহুৱা হবা,
ল'ৰা হে ভাল লাগে ।
তাৰ মাজতে এবাৰ যদি সময় পালে হয়
মই পাৰ কৰা সেই উজাগৰী
নিশাটোৰ খবৰ লবলে।
মাজৰাতি ফ'নত ব্যস্ত পালে,
তাতকৈ আৰু ডাঙৰ অপৰাধ
কি হব পাৰে মোৰ ,তাইৰ বাবে,
কোন প্ৰেমিকাৰ উতলা কৰিছা তেজ
এটি অশ্লীল মন্তব্যই সম্পৰ্ক কৰিলে চেদ।।
এবাৰ যদি কবলৈ সুবিধা দিলে হয়
ঘৰৰ পৰা চোৱা সেই উপযুক্ত জনীৰ
স্থানত তাইক বহুৱাবলে সেই ৰাতি
উতলা কৰিছিলো মই মোৰ
নিজৰেই তেজ।।।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…