উন্মাদ প্ৰেমিক

উন্মাদ প্ৰেমিক

কবিবোৰ সাধাৰণতে উন্মাদ প্ৰেমিক হয়েই,
কিন্তু এইবাৰ,
ভগৱান বিশ্বাস নকৰা ছোৱালী এজনীৰ
প্ৰেমত পৰিল কবি
আৰু তেওঁৱেই ছাইবেৰিয়াত এটা উট
আৰু চাহাৰাত এটা বগাভালুকৰ জন্ম কাহিনী শুনিবলৈ অপেক্ষাৰত ৷

মানুহে তেওঁৰ কলমটো দৰদাম কৰাৰ আগতেই
লুকুৱাই থলে সাগৰত,আকাশত, নিৰ্জনতাত ৷
সুৰ্যোদয়ৰ পোছাকজোৰ সুৰ্যাস্তত সলোৱালৈকে তেও দিগন্তত ৰৈ থাকিল,
মেঘে বৰণ সলোৱালৈ তেওঁৰ ভাগৰ নালাগিল ৷
যিহেতু উন্মাদনা কবিৰ আজন্ম সংগী ৷৷

✍🏻 বিজু সেনাপতি

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন