নিজকে পাহৰি গৈছো

নিজকে পাহৰি গৈছো
যি দিনাৰ পৰা তোমাক ভালপাইছো , সিদিনাৰ পৰা নিজকে ভালপাব পাহৰি গৈছো ৷
যিদিনাৰ পৰা তোমাক সুধিছো কেনে আছা ? সিদিনাৰ পৰা মই কেনে আছো সেয়া পাহৰি গৈছো ৷
যিদিনাৰ পৰা তোমাৰ ওচৰত আহিছো , সিদিনা সকলোৰ পৰা দূৰত গুছি গৈছো ৷
যিদিনা তোমাৰ সপোনবোৰ মোৰ হাতত তুলি দিছা,  সিদিনাৰ পৰা তোমাৰ সপোন পূৰ কৰিছো ৷

আজি তুমি কাষত নাই সেয়ে কওঁ„„„
মই কিন্তু ৰৈ যোৱা নাই এতিয়াওঁ ,
ৰৈ গৈছা অকল তুমি ৷
ভালপাওঁ বুলি কাৰণে অকাৰণতেই বহুতবাৰ কষ্ট দিছা ৷
সুখ - দুখৰ সময়ত সদায় মোৰ লগত থাকিবা বুলি কথা দিছিলা তুমি ৷ কিন্তু আজি মোৰ দুখৰ সময়ত তুমি নাই মোৰ ওচৰত ৷
তুমি আছিলা সুখৰ সময়ত মোৰ লগত ৷

তুমি হয়তো পাহৰি গৈছা মোৰ সেই দুখবোৰ তুমিয়ে দিয়া আছিলে ৷
তুমি দিয়া কষ্ট আৰু দুখবোৰ মই আপোন কৰি লৈছো ,
কাৰণ মই তোমাক সচাঁয়ে ভালপাইছিলো ৷
আজি মই বুজিব পাৰিছো যে ভুল মোৰ আছিলে ৷
তোমাক হেৰুৱাৰ কাৰণ মই আজি বিচাৰি পাইছো ৷ তোমাৰ অৱহেলিত ভালপোৱা পাইওঁ তোমাক বহুত বেছি ভালপাইছিলো ৷
সেয়া আছিলে মোৰ ভুল ৷
হয়তো মোৰ ইমানখিনি ভালপোৱা তুমি পোৱাৰ যোগ্য নহয় ৷
এদিন তুমি ও অনুভৱ কৰিবা ৷
মোক যেনেকে দিছা তোমাৰ অৱহেলিত ভালপোৱা তেনেকে তুমি ও পাবা কাৰোবাৰ পৰা সেই অৱহেলিত ভালপোৱা ৷

সিদিনা অনুভৱ কৰিব পাৰিবা যে মই তোমাক কিমানখিনি ভালপাইছিলো ৷

ভালে থাকিবা তাৰে কামনাৰে

Comments

Post a Comment

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…